ETV Bharat / city

সৰ্বত্ৰে ‘কা’ বিৰোধী গণ বিক্ষোপ

author img

By

Published : Jan 12, 2020, 4:21 AM IST

অসম তথা দেশৰ প্ৰতিবাদক আওকান কৰি শুকুৰবাৰৰ কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে সমগ্র ভাৰতবৰ্ষতে বলৱৎ কৰিলে নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ ৷ এই আইন কাৰ্যকৰী কৰাৰ পাচত পুনৰ ৰাজ্যত অধীক তীব্ৰতৰ হৈ পৰিছে ‘কা’ বিৰোধী আন্দোলন ৷ শনিবাৰে মৰিগাঁও, বঙাইগাঁও, কামৰূপ, বিশ্বনাথ, ধিং, মঙলদৈ, টংলা বিলাসীপাৰা, ৰঙাপৰা আৰু খুমটাইত ব্যাপক আন্দোলন গঢ়ি তোলে ৷

সৰ্বত্ৰে ‘কা’ বিৰোধী গণ বিক্ষোপ
সৰ্বত্ৰে ‘কা’ বিৰোধী গণ বিক্ষোপ

ৰাজ্যত অব্যাহত আছে ‘কা’ বিৰোধী আন্দোলন ৷ শনিবাৰে মৰিগাঁও, বঙাইগাঁও, কামৰূপ, বিশ্বনাথ, ধিং, মঙলদৈ, টংলা বিলাসীপাৰা, ৰঙাপৰা আৰু খুমটাইত ব্যাপক আন্দোলন গঢ়ি তোলা হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত জোৰ সমদল ওলিয়াই ৰাইজৰ বৃহৎ প্ৰতিবাদ ৷

টংলাত জোৰ সমদল
টংলাত জোৰ সমদল

মৰিগাঁও, কামৰূপ, বঙাইগাঁও, বিলাসীপাৰা, ধিংৰ প্ৰতিবাদঃ

মৰিগাঁৱত শনিবাৰে নিশা মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ত্ৰিশ জনগোষ্ঠীয় সংগঠনৰ সহযোগত বাহিৰ কৰা হয় কা বিৰোধী জোৰ সমদল ৷ ফেচীষ্ট চৰকাৰখনৰ বিৰুদ্ধে মৰিগাঁও চহৰৰ লগতে জিলাখনৰ জাগীৰোড, জালুগুটি,বাৰপূজীয়া,মায়ং, চৰাইবাহী,বাৰপূজীয়া আদি অঞ্চলত এনেদৰেই হাতে হাতে জোঁৰ আৰু বেনাৰ ফেষ্টুন আদি লৈ সমদল বাহিৰ কৰে ৰাইজে ৷

কামৰূপৰ ২ নং পূৱ বংশৰ আঞ্চলিক ছাত্ৰ সন্থাইয়ো শনিবাৰে আইনখন বাতিলৰ দাবীত এক বৃহৎ জোৰ সমদল বাহিৰ কৰে ৷ এই জাতিধ্বংসী বিধেয়কখন অসমত কোনো কাৰণতে বলবৎ কৰিব নোৱাৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ।

‘কা’ বিৰোধী আন্দোলন

নাগৰিকত্ব আইনৰ বিৰুদ্ধে বঙাইগাঁৱতো আছুৰ জোৰ সমদল । বহুকেইটা দল সংগঠনেও সহযোগিতা কৰে এই জোৰ সমদলত । জিলা আছুৰ কাৰ্য্যালয় শ্বহিদ ভৱনৰ পৰা ওলোৱা এই জোৰ সমদলত তিনিশতাধিক লোকে অংশগ্ৰহণ কৰে ।

বিলাসীপাৰাতো শনিবাৰে ‘কা’ৰ বিৰুদ্ধে আছুৰ জোৰ সমদল । বিলাসীপাৰা আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ সহযোগত বাহিৰ কৰা হয় জোৰ সমদল।

বিলাসীপাৰাত জোৰ সমদল
বিলাসীপাৰাত জোৰ সমদল

‘কা’ বাতিলৰ দাবীত শনিবাৰে সন্ধিয়া ধিংটো বাহিৰ কৰা হয় এক জোৰ সমদল ৷ ধিং আঞ্চলিক আছুৰ নেতৃত্বত ত্ৰিশটা জাতীয় জনগোষ্ঠীয় দল সংগঠনে চহৰৰ মুল পথত জোৰ সমদল ওলিয়াই । প্ৰতিবাদকাৰীয়ে সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ হিমন্ত বিশ্ব শর্মা হায় হায়, আঙুৰলতা লেই লেই চেই চেই আদি বিভিন্ন ধৰণৰ শ্ল’গানেৰে উত্তাল কৰি তোলে ধিং চহৰৰ আকাশ বতাহ ৷

বিশ্বনাথ, ৰঙাপাৰা, মঙলদৈ, টংলা আৰু খুমটাই ৰ প্ৰতিবাদঃ

বিশ্বনাথৰ ৰাজপথতো অব্যাহত আছে ‘কা’ বিৰোধী প্ৰতিবাদ ৷ আছুকে ধৰি কেইবাটাও জাতীয় সংগঠনে ৰাজপথত বাহিৰ কৰে জোৰ সমদল । আছু কাৰ্যালয় পৰা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে হাজাৰ হাজাৰ জনতাই হাতে হাতে জোঁৰলৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ 'কা' বাতলিৰ দাবীত ৰঙাপৰাতো শনিবাৰে জোৰ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা পোৱা যায় । ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যাগত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ৰঙাপৰা আঞ্চলিক সমিতি, আগছু, আছা, আটছা আৰু বাহুমাৰী ৰাইজৰ সহযোগত জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী গণ বিক্ষোপ

মঙলদৈতো নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আন্ত মঙলদৈ ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত বাহিৰ কৰা হয় জোৰ সমদল । নৰেন্দ্ৰ মোডী হায় হায়, অমিত শ্বাহ হায় হায়, সৰ্বানন্দ হুচিয়াৰ, কা আমাক নালাগে, কা বাতিল কৰক ধ্বনিৰে উত্তাল কৰি তোলে মঙলদৈৰ আকাশ বতাহ ।

মঙলদৈত জোৰ সমদল প্ৰতিবাদকাৰীৰ
মঙলদৈত জোৰ সমদল প্ৰতিবাদকাৰীৰ

আছু আৰু ৩০ টা জাতীয় সংগঠনৰ আহ্বানত টংলাতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জোৰ সমদল ৷ হাতে-হাতে বেনাৰ, প্লে’ কাৰ্ড লৈ কা আমি নামানো, বিজেপি চৰকাৰ হুঁচিয়াৰ, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, বাংলাদেশীক খেদি দে, অবৈধ বিদেশী গ’ বেক ধ্বনি প্ৰতিবাদকাৰীৰ মুখত ৷

খুমটাইৰ চিনাতলিত পশ্চিম গোলাঘাট আঞ্চলিক ছাত্র সন্থা আৰু স্থানীয় ৰাইজে প্ৰায় 5 কি:মি পথত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জোঁৰ লৈ চৰকাৰ বিৰোধী শ্ল‘গানেৰে উত্তাল কৰি তোলে সমগ্ৰ অঞ্চল।

Intro:ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে মৰিগাঁৱতো অব্যাহত আছে কা বিৰোধী আন্দোলন । শনিবাৰে নিশা মৰিগাঁও জিলা ছাত্ৰ সন্হাৰ উদ্যোগত আৰু ত্ৰিশ জনগোষ্ঠীয় সংগঠনৰ সহযোগত জোঁৰ সমদলৰে কা বিৰোধী আন্দোলন অব্যাহত ।Body:মৰিগাঁৱত আছুৰ উদ্যোগত কা বিৰোধী জোঁৰ সমদলৰে উত্তাল । আছু আৰু ত্ৰিছ জনগোষ্ঠীয় সংগঠনৰ সহযোগত ফেচিষ্ট চৰকাৰৰ বিৰুদ্ধে মৰিগাঁও চহৰৰ লগতে জিলাখনৰ
জাগীৰোড, জালুগুটি,বাৰপূজীয়া,মায়ং, চৰাইবাহী,বাৰপূজীয়া আদি অঞ্চলত এনেদৰেই হাতে হাতে জোঁৰ আৰু বেনাৰ ফেষ্টুন আদি লৈ সমদল ।
এইয়া মৰিগাঁও চহৰৰ দৃশ্য । কা বিৰোধী আন্দোলন অব্যাহত মৰিগাঁৱৰ চহৰত। সমান্তৰালভাৱে
জালুগুটি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত জাতিধংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পাঁছ শতাধিক ৰাইজৰ সহযোগত জোঁৰ লৈ সমদল কৰে। এই কাৰ্যসূচীত জিলা কাৰ্যনিৰ্বাহক মাজিদুল হুছেইনৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চাহেদ আলীৰ লগতে সকলো কৰ্মকতা উপস্থিত থাকে । সৰ্বানন্দ সোনোৱাল গো বেক, হিমন্ত বিশ্ব শৰ্মা হায় হায়, নৰেন্দ্ৰ মোডী হুচিয়াৰ আদি শ্লগানেৰে চৰকাৰক হুংকাৰ দিয়ে।bytes-2 Conclusion:Ratuldeka etv Bharat morigaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.