ETV Bharat / business

Health Insurance Cover : স্বাস্থ্য বীমাত অপেক্ষাৰ সময় কি ?

author img

By

Published : Jan 24, 2023, 12:21 PM IST

Health insurance
Health insurance

আৰ্থিকভাৱে সুৰক্ষিত থাকিবলৈ স্বাস্থ্য বীমা আঁচনি এখন গ্ৰহণ কৰক । কিন্তু স্বাস্থ্য পলিচী এখন গ্ৰহণৰ পূৰ্বে চৰ্তাৱলী আৰু নিয়মাৱলী সাৱধানে পঢ়িব । কিয়নো আঁচনিখন গ্ৰহণৰ পিছৰ পৰাই ই চিকিৎসাৰ ব্যয় সামৰি নলয় । কোম্পানীবোৰে বিভিন্ন ৰোগ এই আঁচনিৰ অধীনত সামৰিবলৈ অপেক্ষাৰ সময়সূচী নিৰ্ধাৰণ কৰি দিয়ে (waiting period in health insurance) । ইয়াৰ অধীনত সম্পূৰ্ণ লাভালাভ পাবলৈ আপুনি কেনেধৰণৰ সতৰ্কতা লোৱা উচিত এবাৰ চাওঁ আহক ।

নিউজ ডেস্ক, ২৪ জানুৱাৰী : আপোনাৰ স্বাস্থ্য বীমাই (health insurance policy) এইটো সূচায় যে আপুনি আৰ্থিকভাৱে কিমান সুপৰিকল্পিত । যদি আপুনি এক comprehensive health cover গ্ৰহণ কৰে, তেন্তে ই আপোনাক স্বাস্থ্যৰ জৰুৰী অৱস্থাৰ সময়ত সকাহ দিব । কিন্তু পলিচী এখন গ্ৰহণৰ পূৰ্বে তাৰ চৰ্তাৱলী আৰু নিয়মাৱলী সাৱধানে পঢ়িব । বহু লোকে ভাবে যে স্বাস্থ্য বীমা আঁচনি এখনে ইয়াক গ্ৰহণৰ মুহূৰ্তৰ পৰা চিকিৎসা ব্যয় সামৰি লয় (health insurance policy covers medical costs) । এইটো কেৱল দুৰ্ঘটনাৰ ক্ষেত্ৰতহে প্ৰযোজ্য । কোম্পানীবোৰে বিভিন্ন ৰোগ সামৰি ল'বলৈ অপেক্ষাৰ ম্যাদ নিৰ্ধাৰণ কৰে । এই বিৱৰণবোৰ বিচাৰি উলিয়াওক ।

স্বাস্থ্য বীমা পলিচী আৰম্ভ হোৱাৰ লগে লগে অপেক্ষাৰ সময়বোৰ কাৰ্যকৰী হ'ব (waiting period in health insurance) । ই বিভিন্ন ৰোগৰ ক্ষেত্ৰত পৃথক হয় । যদি আঁচনিধাৰকে পলিচীখন গ্ৰহণ কৰাৰ লগে লগেই চিকিৎসালয়ত ভৰ্তি হ'বলগা হয় তেন্তে আঁচনি এখনে চিকিৎসাৰ ব্যয় সামৰি নলয় । ইয়াৰ বাবে থকা নিৰ্দিষ্ট অপেক্ষাৰ সময়ৰ পিছতহে ক'ভাৰেজ প্ৰদান কৰে । ইয়াক cooling off period বুলি কোৱা হয় ।

আঁচনিধাৰকে (policyholder) আঁচনিৰ লাভালাভ সম্পূৰ্ণৰূপে আৰম্ভ হোৱাৰ বাবে কমেও 30 দিন অপেক্ষা কৰিব লাগিব । অৱশ্যে দুৰ্ঘটনাৰ ক্ষেত্ৰত অপেক্ষাৰ ম্যাদৰ ধাৰা প্ৰযোজ্য নহয় । আঁচনিখন লোৱাৰ মুহূৰ্তৰ পৰা ই ক্ষতিপূৰণ দিয়ে । আঁচনিখন গ্ৰহণৰ সময়ত পূৰ্বেৰে পৰা থকা কিছুমান ৰোগ তৎক্ষণাৎ ক'ভাৰ কৰা নহয় । এইবোৰক পূৰ্বৰে পৰা থকা ৰোগ বুলি গণ্য কৰা হয়, যাৰ বাবে বীমা কোম্পানীয়ে পৃথক চৰ্ত নিৰ্ধাৰণ কৰে । এনে ৰোগৰ ভিতৰত আছে উচ্চ ৰক্তচাপ (hypertension), ডায়েবেটিছ (diabetes), থাইৰয়ড (thyroid) আৰু হাপানি (asthma) । এই ক্ষেত্ৰত চিকিৎসাৰ ব্যয় লাভ কৰিবলৈ আপুনি কমেও 2-4 বছৰ অপেক্ষা কৰিব লাগিব ।

বীমা কোম্পানীবোৰে হাৰ্নিয়া (hernia), ছানি পৰা (cataract), আঁঠু প্ৰতিষ্ঠাপনৰ (knee replacement) দৰে অস্ত্ৰোপচাৰৰ বাবে এক বিশেষ অপেক্ষাৰ ম্যাদ নিৰ্ধাৰণ কৰে (waiting period set by Insurance companies) । এই ম্যাদ 2-4 বছৰলৈকে হ'ব পাৰে । বীমা আঁচনিৰ ডকুমেণ্টত এই স্বাস্থ্য অৱস্থাবোৰৰ এখন তালিকা আছে । ইয়াত এটা নিৰ্দিষ্ট ৰোগৰ বাবে কিমান সময় অপেক্ষা কৰিব লাগে সেয়াও উল্লেখ কৰা হৈছে । সেয়ে এইবোৰ দুই-তিনিবাৰ পৰীক্ষা কৰক ।

কিন্তু এই অপেক্ষাৰ সময় হ্ৰাস কৰাৰ কোনো উপায় আছে নেকি ? জানিলে আচৰিত হ'ব যে এইটো কৰাৰ কেইটামান উপায় আছে । ইয়াৰ বাবে এজন আঁচনিধাৰকে কিছু অতিৰিক্ত প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব । ম্যাদ কিমান হ্ৰাস কৰা হয় সেয়া বীমা কোম্পানী আৰু আঁচনিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে । সেয়ে প্ৰথমে বীমা কোম্পানীৰ সৈতে কথা পাতক । মনত ৰাখিব, স্বাস্থ্য বীমা আঁচনি এখন গ্ৰহণৰ সময়ত সেয়া সাৱধানে পৰীক্ষা কৰিব লাগে (health insurance policy document) ।

প্ৰতিখন আঁচনিয়ে স্পষ্ট কৰে যে তাত কি প্ৰযোজ্য আৰু কি প্ৰযোজ্য নহয় । চৰ্তাৱলী আৰু নিয়মাৱলীও স্পষ্টভাৱে থাকে যাতে আঁচনিধাৰকসকলে সেয়া সহজে বুজি পায় । যিকোনো সন্দেহৰ ক্ষেত্ৰত বীমাকৰ্তাৰ হেল্প ডেস্কৰ সৈতে যোগাযোগ কৰক । বাজাজ এলিয়াঞ্জ জেনেৰেল ইঞ্চিউৰেন্সৰ (Bajaj Allianz General Insurance) মুখ্য স্বাস্থ্য প্ৰশাসক ভাস্কৰ নেৰুৰকাৰে এনেদৰে কয় ।

কিছুমান বীমা আঁচনিয়ে মাতৃত্বৰ ব্যয়ো সামৰি লয় (insurance policies cover maternity expenses) । তাৰ বাবে আঁচনিখন গ্ৰহণ কৰাৰ পিছত 9 মাহৰ পৰা 6 বছৰৰ অপেক্ষাৰ ম্যাদ আৰোপ কৰা হয় । সেয়ে আপোনাৰ আঁচনিৰ ধাৰাবোৰ পৰীক্ষা কৰিব । প্ৰসূতিৰ ব্যয়ৰ বাবে তাৰ দাবী (claim for maternity expenses) অপেক্ষাৰ ম্যাদ শেষ হোৱাৰ পিছতহে দাখিল কৰিব পাৰি ।

বীমা নিয়ামক কৰ্তৃপক্ষৰ নিৰ্দেশনা (Insurance Regulatory Authority guidelines)অনুসৰি, মানসিক ৰোগৰ বাবেও বীমা প্ৰযোজ্য । এই ক্ষেত্ৰত বীমাকৰ্তাই সাধাৰণতে চিকিৎসাৰ বাবে দুবছৰৰ অপেক্ষা সময় নিৰ্ধাৰণ কৰে । অৱশ্যে বীমাকৰ্তাৰ ওপৰত নিৰ্ভৰ কৰি এই ম্যাদ পৃথক হয় । এই বিৱৰণবোৰ আঁচনিৰ ডকুমেণ্টত পৰীক্ষা কৰিব লাগে ।

লগতে পঢ়ক :Boost up your credit score : আপোনাৰ ক্ৰেডিট স্ক'ৰ কেনেকৈ বঢ়াব !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.