ETV Bharat / business

কভিড-19ঃ তিনিমাহৰ বাবে EMI ৰেহাই ঘোষণা কৰিলে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে

author img

By

Published : Mar 27, 2020, 1:25 PM IST

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসৰ সংবাদমেল ; EMI প্ৰদানত ৰেহাই ৷ ৰেপ‘ ৰেটত 75 আধাৰ সংখ্যা হ্ৰাস ৷ কেঁচা তেলৰ দাম আৰু চাহিদা কম হোৱাৰ বাবে মুদ্ৰাস্ফীতি কম হোৱাৰ সম্ভাৱনা ৷

RBI cuts repo rate by 75 bps
তিনিমাহৰ বাবে EMI ৰেহাই ঘোষণা কৰিলে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে

নিউজ ডেস্ক, 27 মাৰ্চ: ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি ৰেপ‘ ৰেটত 75 বেচিছ পইন্ট কাটি 4,4% কৰাৰ কথা ঘোষণা কৰে৷ ৰিভাৰ্চ ৰেপ‘ ৰেটৰো 90 বেচিছ পইন্টৰ পৰা হ্ৰাস কৰি 4 শতাংশ কৰি দিয়া হৈছে৷ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এম পি চি নীতিয়েও দৰ হ্ৰাসৰ মাত্ৰা 4.2 বহুমতৰ ঘোষণা কৰে৷

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শক্তিকান্ত দাসে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৰ‘ণা ভাইৰাছৰ ফলত সমস্যাত পৰা দৰিদ্ৰ জনতাক সকাহ দিয়াৰ উদ্দেশ্যে আৰ্থিক পেকেজ ঘোষণা কৰি সম্বোধন কৰা সংবাদমেলৰ এদিন পাছতে সংবাদমেলৰ সম্বোধন কৰি সাধাৰণ জনতাক সকাহ দিয়াৰ উদ্দেশ্যে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে৷

সংবাদমেলত ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে ঘোষণা কৰা বিষয়সমূহ থোৰতে...

ৰেপ‘ ৰেটত 75 আধাৰ সংখ্যা হ্ৰাস৷ এম পি চিৰ 6জন সদস্যৰ 4জন সদস্যই দৰ হ্ৰাসৰ পক্ষত ভোটদান কৰে৷

ৰেপ‘ ৰেট 5.15 শতাংশৰ পৰা হ্ৰাস হৈ 4.40 শতাংশ কৰা হয়৷ ইয়াৰ ফলত সকলো ধৰণৰ ঋণ সহজলভ্য হ‘ব৷

ইয়াৰোপৰি আৰ বি আইয়ে ৰিভাৰ্চ ৰেপ‘ ৰেটতো 0.90 শতাংশ হ্ৰাস কৰে৷ এতিয়া ই 4.90 পৰা কমি 4 শতাংশ হ‘ব৷

কৰ‘ণা ভাইৰাছৰ ফলত বিশ্বজুৰি আৰ্থিক অৱস্থাৰ ওপৰত গভীৰ প্ৰভাৱ হৈছে৷ ইয়াৰ প্ৰভাৱ কি পৰ্যায়লৈ গতি কৰিব সেয়া এতিয়া কোৱা সম্ভৱ নহব৷ কিন্তু কেঁচা তেলৰ দাম হ্ৰাসৰ ফলত কিছু সকাহ পোৱা যাব৷

কেঁচা তেলৰ দাম আৰু চাহিদা কম হোৱাৰ বাবে মুদ্ৰাস্ফীতি কম হোৱাৰ সম্ভাৱনা৷

আৰ বি আই গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে, কৰ‘ণা ভাইৰাছৰ ফলত অৰ্থব্যৱস্থালৈ নামি অহা সংকটলৈ লক্ষ্য ৰাখি এম পি চিয়ে সময়ৰ পূৰ্বেই সমীক্ষাত্মক বৈঠকৰ আয়োজন কৰে৷ এই বৈঠক 24 ৰ পৰা 27 মাৰ্চলৈকে চলে৷

আৰ বি আইয়ে সকলো বেংকক গ্ৰাহকৰ পৰা তিনিমাহৰ বাবে ই এম আই সংগ্ৰহ নকৰিবলৈ পৰামৰ্শ দিয়ে৷

ৰিজাৰ্ভ বেংকে সকলো বে্ংকৰ কেশ ৰিজাৰ্ভ ৰেশিয়ৌ এক শতাংশ অৰ্থাৎ 100 আধাৰ অংক হ্ৰাস কৰি তিনি শতাংশ কৰি দিয়া হয়৷

ইয়াৰোপৰি লিক্বডিটী এডজাশ্বমেন্ট (LAF) সুবিধাlতো 0.9 শতাংশ হ্ৰাস কৰাৰো ঘোষণা কৰা হয়৷ এতিয়া এল এফ এফ হ্ৰাস হৈ 4 শতাংশ হৈছে৷

উল্লেখযোগ্য যে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই ঘোষণা সমূহৰ পাছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে মন্তব্য প্ৰকাশ কৰি আৰ বি আইৰ এই সিদ্ধান্তই দেশৰ অৰ্থনীতিক সুৰক্ষা দিয়া তথা মধ্যবিত্ত তথা দৰিদ্ৰশ্ৰেণীৰ লোকক এই সংকটকালত যথেষ্ট পৰিমাণে সকাহ দিব বুলি মন্তব্য প্ৰকাশ কৰে৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.