ETV Bharat / business

বাজেট শব্দকোষ : বাজেট ভাষণৰ সংজ্ঞাবোৰ জানো আহক

author img

By

Published : Jan 28, 2020, 5:07 PM IST

দ্বিতীয় বাজেট
বাজেট, 2020

1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিব তেওঁৰ কাৰ্যকালৰ দ্বিতীয়খন বাজেট ৷ ইয়াৰ পূৰ্বে ইটিভি ভাৰতে সকলোৰে বাবে লৈ আহিছে বাজেট ভাষণৰ কিছু গুৰুত্বপূৰ্ণ সংজ্ঞা ৷

বিজনেছ ডেস্ক, 28 জানুৱাৰী : 1 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰিব তেওঁৰ কাৰ্যকালৰ দ্বিতীয়খন বাজেট ৷ ইয়াৰ পূৰ্বে ইটিভি ভাৰতে সকলোৰে বাবে লৈ আহিছে বাজেট ভাষণৰ কিছু গুৰুত্বপূৰ্ণ সংজ্ঞা ৷

বাজেট শব্দকোষ

জিডিপি (GDP) : জিডিপি হৈছে এটা বছৰত এখন দেশে নিজ ভৌগোলিক পৰিসীমাৰ ভিতৰত উৎপাদন কৰা সামগ্ৰী আৰু সেৱাৰ মূল্য ৷

ৰাজহ ঘাটি (Fiscal Deficit) : ৰাজহ ঘাটি হৈছে চৰকাৰৰ মুঠ ৰাজহ আৰু মুঠ ব্যয়ৰ মাজৰ ব্যৱধান ৷

বিত্তীয় হিচাপ (Finance Bill) : বিত্তীয় হিচাপ হৈছে সাধাৰণ বাজেটৰ পাচতে প্ৰকাশ কৰা টকাৰ হিচাপ ৷ এই হিচাপত কৰ আৰোপ, বাতিলকৰণ, পৰিৱৰ্তন আৰু বিনিময় সম্পৰ্কে উল্লেখ থাকে ৷

প্ৰত্যক্ষ কৰ (Direct Tax) : প্ৰত্যক্ষ কৰ যিজন লোকৰ ওপৰত কৰ আৰোপ কৰা হয় তেওঁ পৰিশোধ কৰিব লাগে ৷

পৰোক্ষ কৰ (Indirect Tax) : পৰোক্ষ কৰ হৈছে সামগ্ৰী তথা সেৱা উপভোগ কৰা অন্তিমজন উপভোক্তাই পৰিশোধ কৰা কৰ ৷

সীমা শুল্ক (Custom Duty) : সীমা শুল্ক হৈছে এখন ৰাষ্ট্ৰৰ চৰকাৰে নিৰূপন কৰি দিয়া আমদানি আৰু ৰপ্তানী কৰ ৷ এখন দেশৰ সীমা পাৰ হোৱাৰ লগে লগে এই কৰ পৰিশোধ কৰিবলগা হয় ৷

ৰাজহ নীতি (Fiscal Policy) : ৰাজহ নীতি হৈছে ৰাজহ সংগ্ৰহ আৰু ব্যয়ৰ সমতা স্থাপনৰ ক্ষেত্ৰত চৰকাৰে লোৱা নীতি ৷ বাজেটৰ জৰিয়তে ৰাজহ নীতি কাৰ্যকৰী কৰা হয় আৰু ইয়াৰ জৰিয়তে চৰকাৰে অৰ্থব্যৱস্থাক প্ৰভাৱিত কৰিব পাৰে ৷

Cess (শুল্ক) : শুল্ক হৈছে এজন কৰ প্ৰদানকাৰীৰ ওপৰত আৰোপ কৰা এক প্ৰকাৰৰ ৰাজহ ৷

আৰু পঢ়ক : ছয় কোটি কৃষকক প্ৰদান কৰা হ'ল 12,000 কোটি টকা : মোডী

Intro:Body:

Hyderabad: Finance Minister Nirmala Sitharaman will present her 2nd Budget on February 1. Etv Bharat brings to you some simple to critical jargons used in the Budget speech.


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.