ETV Bharat / business

সংসদত উত্থাপন ‘বিবাদ সে বিশ্বাস বিধেয়ক,2020’

author img

By

Published : Feb 5, 2020, 5:36 PM IST

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে সংসদত ডাইৰেক্ট টেক্স বিবাদ সে বিশ্বাস বিধেয়ক, 2020’ উত্থাপন কৰে ৷ 1 ফেব্ৰুৱাৰীৰ বাজেট ভাষণত সীতাৰমণে বিভিন্ন ন্যায়াধীকৰণত জমা হৈ থকা বিবাদসমূহৰ বিচাৰ কৰি সেইসমূহ নিস্পত্তি কৰাৰ বাবে ‘বিবাদ সে বিশ্বাস’ আঁচনিখনৰ ঘোষণা কৰিছিল ৷

FM introduces Direct Tax Vivad Se Vishwas Bill in Lok Sabha
সংসদত উত্থাপন ‘বিবাদ সে বিশ্বাস বিধেয়ক,2020’

নেশ্বনেল ডেক্স,5 ফেব্ৰুৱাৰীঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বুধবাৰে সংসদত এখন বিশেষ বিধেয়ক উত্থাপন কৰে ৷ বিধেয়কখনৰ জৰিয়তে 9.32 লাখ কোটি টকাৰ বিতৰ্কিত কৰৰ বিষয়সমূহ সমাধান কৰাৰ চেষ্টা কৰা হৈছে ৷ ডাইৰেক্ট টেক্স ‘বিবাদ সে বিশ্বাস বিধেয়ক,2020’ উত্থাপন কৰি বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, এই বিধেয়কখনে বিশ্বাস গঠনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব ৷ এই আঁচনিখন মুক্ত আঁচনি নহয়, সীমিত সময়লৈকে ইয়াৰ লাভ গ্ৰহণ কৰিব পৰা যাব ৷ বিত্তমন্ত্ৰীগৰাকীয়ে আৰু কয় যে, বিধেয়কখনে বৈষম্যহীনভাৱে এটি সূত্ৰভিত্তিক সমাধান প্ৰদান কৰাৰ চেষ্টা কৰিছে ৷ এই বিধেয়কখনে চৰকাৰৰ পক্ষত মামলা-মোকৰ্দমাৰ ব্যয় হ্ৰাস কৰিব, সমান্তৰালভাৱে ই কিছু পৰিমাণে ৰাজহ আদায় কৰাৰ ক্ষেত্ৰতো সহায়ক হ’ব ৷

বিধেয়কখনৰ ভূমিকাৰ বিৰোধিতা কৰি কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে, বিধেয়কৰ নামটো হিন্দীত দিয়া হৈছে আৰু চৰকাৰখনে এটি নিৰ্দিষ্ট ভাষাক সমগ্ৰ দেশতে বলৱৎ কৰাৰ পৰিকল্পনা কৰিছে ৷ একে সময়তে ই চৰকাৰৰ কৰ আদায় কৰা প্ৰক্ৰিয়াটোকো ক্ষতিগ্ৰস্ত কৰিব ৷ ইয়াৰ উপৰিও শশী থাৰুৰে বিধেয়কখনৰ ওপৰত মন্তব্য কৰি কয় যে, বিধেয়কখনে সৎ আৰু অসৎ কৰদাতাসকলক সমান আচৰণ কৰি সমতাৰ নীতিৰ উলংঘন কৰিছে ৷ 1 ফেব্ৰুৱাৰীৰ বাজেট বক্তৃতাত সীতাৰমণে বিভিন্ন ন্যায়াধীকৰণত জমা হৈ থকা বিবাদসমূহৰ বিচাৰ কৰি সেইসমূহ নিষ্পত্তি কৰাৰ বাবে ‘বিবাদ সে বিশ্বাস’ আঁচনিখনৰ ঘোষণা কৰিছিল ৷ এই আঁচনিখনৰ অধীনত, যিসকল কৰদাতাৰ কৰৰ দাবী একাধিক ফোৰামৰ বিবাদত জড়িত হৈ আছে, তেঁওলোকে 20 মাৰ্চ, 2020ৰ ভিতৰত যথাযথ শুল্ক পৰিশোধ কৰিব পাৰিব লগতে সুত আৰু জৰিমনাৰ পৰা ৰেহাই লাভ কৰিব পাৰে ৷

লগতে পঢ়ক-আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশন

ZCZC
PRI ECO GEN NAT
.NEWDELHI PAR11
LS-DIRECT TAX BILL
FM introduces Direct Tax Vivad Se Vishwas Bill in Lok Sabha
         New Delhi, Feb 5 (PTI) Finance Minister Nirmala
Sitharaman on Wednesday introduced a bill in Lok Sabha which
seeks to provide for resolution of disputed tax cases
involving Rs 9.32 lakh crore.
         Introducing the Direct Tax Vivad Se Vishwas Bill, 2020,
the minister said this bill emphasises on trust building.
         The scheme, she said, will not be an open ended scheme
and can be availed for a limited time.
         The bill seeks to provide a formula-based solution
without any discrimination, she said.
         Giving the rationale behind the scheme, Sitharaman said
it will reduce the litigation expenditure for the government
and at the same may help in generating some revenue.
         Opposing the introduction of the bill, Congress leader
Adhir Ranjan Chowdhury said the bill's name is drafted in
Hindi and the government is trying to impose one specific
language on the country.
         At the same time it will hurt the government's tax
collection, he said.
         Echoing similar sentiments, his party colleague Shashi
Tharoor said this bill violates principle of equality by
equally treating honest and dishonest tax payers.
         In her budget speech on February 1, Sitharaman had
announced Vivad se Vishwas scheme to resolve 483,000 direct
tax disputes pending in various tribunals.
         Under the scheme, taxpayers whose tax demands are locked
in dispute in multiple forums can pay due taxes by March 31,
2020, and get complete waiver of interest and penalty. PTI JTR
DV
DV
02051334
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.