ETV Bharat / business

আৰ বি আইঃ পুনৰ বিত্ত নিয়োজনৰ বাবে নাবাৰ্ড,এচআইবিডিআই আৰু এন বি এইড্চলৈ 50000 কোটি

author img

By

Published : Apr 17, 2020, 3:05 PM IST

Updated : Apr 18, 2020, 5:43 PM IST

আৰ বি আয়ে অৰ্থ ব্যৱস্থাৰ প্ৰণালী সমূহ পৰ্যাপ্ত পৰিমাণে তৰলীকৰণ কৰি বিত্তীয় সংকটক কম কৰিবলৈ আৰু বেংক ঋণৰ প্ৰবাহক সুবিধাজনক কৰিবলৈ নতুন উপায় ঘোষণা কৰে ।

আৰবিআইঃ পুনৰ বিত্তনিয়োজনৰ বাবে নাবাৰ্ড, এচআইবিডিআই আৰু এন বি এইড্চলৈ 50000 কোটি
আৰবিআইঃ পুনৰ বিত্তনিয়োজনৰ বাবে নাবাৰ্ড, এচআইবিডিআই আৰু এন বি এইড্চলৈ 50000 কোটি

মুম্বাই, 17 এপ্ৰিলঃ শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৱৰ্ণৰ শক্তিকান্ত দাসে সংবাদ মাধ্যমক সম্বোধন কৰে । আজি COVID-19য়ে সমগ্ৰ বিশ্বকে ঘাটক আলিংগণেৰে বান্ধি ৰাখিছে,সেয়ে মানৱ জাতি আজি সংকটত বুলি অভিহিত কৰে তেওঁ । এনে অৱস্থাত ভাৰতীয় ৰিজাৰ্ভ বেংকে সক্ৰিয় আৰু সতৰ্কতাৰে দৃষ্টি ৰাখি আছে বুলিও প্ৰকাশ কৰে ৰিজাৰ্ভ বেংকৰ গভৱৰ্ণৰ গৰাকীয়ে ।

উল্লেখ্য যে, 25 মাৰ্চৰ পৰা লকডাউন ঘোষণা কৰাৰ পাচত ৰিজাৰ্ভ বেংকৰ গভৱৰ্ণৰৰ এইয়া দ্বিতীয় সংবাদ মেল আছিল।

সংবাদিকৰ আগত শক্তিকান্ত দাসে উল্লেখ কৰা কেইটামান গুৰুত্বপূৰ্ণ বিষয় হ'ল-

  • পুনৰ বিত্ত নিয়োজনৰ বাবে নাবাৰ্ড এচ আই বিডি আই আৰু এন বি এইড্চলৈ 50,000 কোটি টকাৰ আৱণ্টন
  • ৰেপ' ৰেট 25bhp হ্ৰাস,এই হ্ৰাসৰ পাচত বৰ্তমান ৰেপ' ৰেটৰ হাৰ 4.0 শতাংশৰ পৰা 3.75 শতাংশ হ'ব
  • সম্পত্তিৰ শ্ৰেণী বিভাজন মাৰ্চৰ পৰা মে'লৈ তিনিমাহ স্থবিৰ থাকিব ।
  • লক ডাউনৰ সময়ত মবাইল বেংকিং আৰু ইন্টাৰনেট বেংকিঙৰ ডাউন টাইম নাথাকিব ।
  • IMFৰ দ্বাৰা ভাৰতৰ GDP 1.9 শতাংশ ধাৰ্য ।
  • বেংক আৰু আন বিত্তীয় প্ৰতিষ্ঠানসমূহ লক ডাউনৰ সময়চোৱাত সাধাৰণ ধৰণেই কাৰ্যক্ষম হৈ থাকিব। ইয়াৰ এই সমূহৰ লগতে আৰু বহুকেইটা বিষয় উল্লেখ কৰে গভৱৰ্ণৰ শক্তিকান্ত দাসে ।

লগতে পঢ়কঃ লক ডাউনঃ পিতৃক বোকোচাত তুলি চিকিৎসালয়ৰ পৰা ঘৰলৈ আনিলে পুত্ৰই

Last Updated :Apr 18, 2020, 5:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.