ETV Bharat / briefs

নৱ কুমাৰ শৰণীয়াৰ সংবাদমেল

author img

By

Published : May 25, 2019, 10:15 PM IST

কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াই দ্বিতীয় বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতেই প্ৰথমখন সংবাদমেল সম্বোধন কৰে, শৰণীয়াক দ্বিতীয় বাৰৰ বাবে সাংসদ হিচাপে পাই আনন্দিত হৈ পৰে কোকৰাঝাৰবাসীও

নৱ কুমাৰ শৰণীয়াৰ সংবাদমেল

বাক্সা,২৫মে' : শনিবাৰে ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিত দ্বিতীয় বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা নৱ কুমাৰ শৰণীয়াক স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে উষ্ম আদৰণি জনায় । কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমখন সংবাদমেল সম্বোধন কৰে সাংসদগৰাকীয়ে । সংবাদমেলত ২০২০-২১ত অনুষ্ঠিত হ'বলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনত ভাল চৰকাৰৰ প্ৰতিশ্ৰুতি দিয়ে শৰণীয়াই । সাংবাদিকৰ এক প্ৰশ্নোত্তৰত শৰণীয়াই সংসদত ছয় জনগোষ্ঠীৰ লগতে নাথ-যোগী,কলিতাৰ জনজাতিকৰণ আদি বিষয়সমুহৰ ওপৰত মাত মাতি যাব বুলি মন্তব্য কৰে । ইয়াৰোপৰি অনাগত সময়ছোৱাত পৃথক বড়োলেণ্ডৰ কোনো দাবী উত্থীপিত নহয় বুলিও তাপপৰ্যপূৰ্ণ মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই ।

নৱ কুমাৰ শৰণীয়াৰ সংবাদমেল

উল্লেখ্য যে কোকৰাঝাৰ লোকসভা সমষ্টিত নৱ কুমাৰ শৰণীয়াই ৪৮৪৫৬০ টা ভোট লাভ কৰাৰ বিপৰীতে বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই ৪৪৬৭৭৪ টা ভোট লাভ কৰে । অৰ্থাৎ ৩৭৭৮৬ টা ভোটৰ ব্যৱধানত জয়ী হবলৈ সক্ষম হয় নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াই, শৰণীয়াৰ জয়ত আনন্দিত অঞ্চলবাসী ।

Intro:বাক্সা তামুলপুৰত নৱ কুমাৰ শৰণীয়াক স্থানীয় ৰাইজ দল সংগঠনৰ উষ্ম আদৰণি ।


Body:৫নং কোকৰাঝাৰ লোক সভা সমষ্টিত দ্বিতীয় বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হোৱা নৱ কুমাৰ শৰণীয়াক শনিবাৰে স্বগৃহত উপস্থিত হোৱাৰ লগে লগেই স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনাই । এইবাৰ সাংসদ গৰাকীয়ে ৫ নং কোকৰাঝাৰ সমষ্টিত মুঠ ৪৮৪৫৬০ ভোট লাভ কৰে তাৰ বিপৰীতে বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মই ৪৪৬৭৭৪ভোটা লাভ কৰে । সাংসদ গৰাকীয়ে ৩৭৭৮৬ টা ভোটাৰ ব্যৱধানত প্ৰমিলা ৰাণী ব্ৰহ্মক পৰাস্ত কৰে ।


Conclusion:উল্লেখ্য যে এইবাৰ সাংসদ গৰাকীয়ে অবড়োৰ ৰাইজৰ কৰ্ম সংস্থাপন আৰু জনজাতি কৰণ ,এন আৰ চি আদি বিষয় সমূহত গুৰুত্ব প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.