ETV Bharat / briefs

পাঠশালাৰ বজালীত বৰ্ণিল কাৰ্য্যসূচীৰে অনুষ্ঠিত জোনাকী মেল

author img

By

Published : Jun 25, 2019, 8:06 AM IST

প্ৰত্যেক বছৰৰ দৰে এইবাৰো বজালীত এক বৰ্ণিল কাৰ্য্যসূচীৰে জোনাকী মেলৰ আয়োজন কৰা হয়৷

পাঠশালাৰ বজালীত বৰ্ণিল কাৰ্য্যসূচীৰে অনুষ্ঠিত জোনাকী মেল

বৰপেটা, 25 জুন: প্ৰত্যেক বছৰৰ দৰে এইবাৰো বজালীত এক বৰ্ণিল কাৰ্য্যসূচীৰে জোনাকী মেলৰ আয়োজন কৰা হয়৷ গীতিকবি পাৰ্ব্বতী প্ৰসাদ বৰুৱাৰ আৰ্হিত বজালীৰ সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ বাবে বজালীৰ এগৰাকী বিশিষ্ট ব্যক্তি মৃণাল চন্দ্ৰ কলিতাই নামনি অসমৰ বিভিন্ন প্ৰান্তত জোনাকী মেল আয়োজন কৰি আহিছে৷ এইবেলি তেওঁৰ প্ৰচেষ্টাত পাঠশালাৰ ভাগৱতী ক্ষেত্ৰত 41 সংখ্যক জোনাকী মেল অনুষ্ঠান বিশাল আয়োজনেৰে সম্পন্ন হৈ যায়৷

পাঠশালাৰ বজালীত বৰ্ণিল কাৰ্য্যসূচীৰে অনুষ্ঠিত জোনাকী মেল

অনুষ্ঠানত ভোৰতাল, দেৱদাসী, আয়তী নাম আদি গীত মাত, কবিতা আদি পৰিবেশন কৰা হয়৷ উক্ত অনুষ্ঠানত আনুষ্ঠানিক ভাৱে বজালীৰ বিশিষ্ট সমাজকৰ্মী গিৰিধৰ চৌধুৰীক বজালী ভূষণ উপাধি প্ৰদান কৰা হয়৷ অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ উপৰিও পাঠশালাবাসী ৰাইজ উপস্থিত থাকে৷

Intro:Pathsala jonaki mel

পাঠশালা বৰ্ণিল কাৰ্য্যসূচীৰে জোনাকী মেল lll

দেৱদাসী, ভোৰতাল, আয়তী নাম, গীত মাতেৰে মুখৰিত ভগৱতী ক্ষেত্ৰ ll

সমাজকৰ্মী গিৰিধৰ চৌধুৰীক বজালী ভুষণ বঁটা ll


Body:Pathsala jonaki mel


পাঠশালা,24জুন: গীতিকবি পাৰ্ব্বতী প্ৰসাদ বৰুৱা ৰ আৰ্হিত বজালী ৰ সাহিত্য সংস্কৃতিৰ উত্তৰণৰ বাবে বজালী ৰ এগৰাকী বিশিষ্ট ব্যক্তি মৃণাল চন্দ্ৰ কলিতা ই নামনি অসমৰ বিভিন্ন প্ৰান্তত জোনাকী মেল আয়োজন কৰি আহিছে l এইবেলি তেওঁৰ প্ৰচেষ্টাত পাঠশালা ৰ ভগৱতী ক্ষেত্ৰত 41 সংখ্যক জোনাকী মেল অনুষ্ঠান বিশাল আয়োজনেৰে সম্পন্ন হৈ যায় l অনুষ্ঠান ত ভোৰতাল, দেৱদাসী, আয়তী নাম.. গীত মাত, কবিতা আদিৰ সমাহাৰে অনুষ্ঠান তো মহীয়ান কৰি তোলে l উক্ত অনুষ্ঠানতে উদ্যোক্তা ই আনুষ্ঠানিক ভাৱে বজালী ৰ বিশিষ্ট সমাজকৰ্মী গিৰিধৰ চৌধুৰীক বজালী ভূষণ উপাধি প্ৰদান কৰা হয় l অনুষ্ঠানত বিভিন্ন শিক্ষানুষ্ঠান ৰ শিক্ষাৰ্থীৰ উপৰি বহু পাঠশালা বাসী উপস্থিত আছিল l

Conclusion:Byte -1 গিৰিধৰ চৌধুৰী l
Byte -2 মৃণাল চন্দ্ৰ কলিতা l
Vo-3
Photo-1
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি
ফোন-৮৬৪৮০৬৬১৬৯

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.