ETV Bharat / briefs

দিগ্বিজয় সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু ক্ৰাইম ব্ৰাঞ্চৰ

author img

By

Published : Jun 15, 2020, 7:05 PM IST

FIR against Digvijaya Singh for sharing fake video regarding Shivraj Singh Chouhan
FIR against Digvijaya Singh for sharing fake video regarding Shivraj Singh Chouhan

কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মুভিজন শিৱৰাজ সিং চৌহানৰ এটা নকল ভিডিঅ' শ্বেয়াৰ কৰাৰ অভিযোগত ৰুজু কৰা হয় গোচৰ ।

মধ্য প্ৰদেশ, ১৫ জুন : কংগ্ৰেছ নেতা দিগ্বিজয় সিঙৰ বিৰুদ্ধে সোমবাৰে ভূপাল ক্ৰাইম ব্ৰাঞ্চে ৰুজু কৰে এক গোচৰ । কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মুভিজন শিৱৰাজ সিং চৌহানৰ এটা নকল ভিডিঅ' শ্বেয়াৰ কৰাৰ অভিযোগত ৰুজু কৰা হয় গোচৰ । বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ভিডিঅ'টো । ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতেই বিজেপিৰ কৰ্মকৰ্তাই ক্ৰাইম ব্ৰাঞ্চত ৰুজু কৰে গোচৰ ।

FIR against Digvijaya Singh for sharing fake video regarding Shivraj Singh Chouhan
দিগ্বিজয় সিঙৰ বিৰুদ্ধে গোচৰ ৰুজু ক্ৰাইম ব্ৰাঞ্চৰ

কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪৬৫, ৫০১ আৰু ৫০০ অধীনত ৰুজু কৰা হয় গোচৰ । দিগ্বিজয় সিঙে আসন্ন ৰাজ্যসভা নিৰ্বাচন কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সম্ভাৱনা ।

লগতে পঢ়ক : কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ অন্তিম সংস্কাৰৰ বাবে দিল্লী চৰকাৰৰ উত্তৰ বিচাৰিছে উচ্চ ন্য়ায়ালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.