ETV Bharat / briefs

বটদ্ৰৱাত কংগ্ৰেছৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভা

author img

By

Published : Dec 15, 2020, 10:12 PM IST

বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বৰচিলা আৰু চাবুকধৰাত কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে কংগ্ৰেছ দলে ।

Election Campaign Meeting of the Tiwa Autonomous Council of the Congress in Batadravata
Election Campaign Meeting of the Tiwa Autonomous Council of the Congress in Batadravata

নগাঁও, ১৫ ডিচেম্বৰঃ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বৰছিলা সমষ্টিৰ প্ৰাৰ্থী ধৰ্মেন্দ্ৰ নাথ বৰদলৈ আৰু চাবুকধৰা সমষ্টিৰ প্ৰাৰ্থী দুলাল দেউৰীক যি কোনো প্ৰকাৰে জয়ী কৰাবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। মঙলবাৰে তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইনে তেখেতৰ ভাষণত বিজিপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।

বটদ্ৰৱাত কংগ্ৰেছৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভা
বটদ্ৰৱাত কংগ্ৰেছৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভা

প্ৰাক্তন মন্ত্ৰী গৌতম বৰা আৰু শিৱামনি বৰাই সভাত উপস্থিত থাকি সকলো অ-কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায় ৷ আজিৰ এই নিৰ্বাচনী প্ৰচাৰ সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাংসদ গৌৰৱ গগৈয়ে আৱেগিক ভাষণ প্ৰদান কৰি ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে ।

বটদ্ৰৱাত কংগ্ৰেছৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভা
বটদ্ৰৱাত কংগ্ৰেছৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভা

লগতে চাওকঃপৃথিৱীৰ পৰা ১০০ মিলিয়ন কিলোমিটাৰ দূৰৈত অৱস্থান চীনৰ মংগল যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.