ETV Bharat / briefs

গুগুল মেপৰে নগাই নিৰ্ধাৰণ কৰিলে সীমা !

author img

By

Published : May 30, 2019, 6:03 PM IST

অসম-নাগালেণ্ড সীমান্তত নগাৰ তাণ্ডৱ

অসম-নগালেণ্ড সীমান্তৰ গোলাঘাট জিলা মেৰাপানীৰ ইন্দ্ৰপুৰৰ ভূৱন শইকীয়া নামৰ লোকজনৰ গৃহত ৩০ জনীয়া নগা দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি লোকজনৰ ভূমি দখলৰ চেষ্টা চলায়,ঘটনাক লৈ উত্তেজনাময় পৰিৱেশ মেৰাপানীত ৷

গোলাঘাট,৩০মে' : শুকুৰবাৰে অসম-নগালেণ্ড সীমান্তৰ গোলাঘাট জিলা মেৰাপানীত উত্তেজনাময় পৰিৱেশ। অসমৰ ভূমি দখলৰ চেষ্টা চলায় নগা দুৰ্বৃত্তৰ দলে । গুগুল মেপ উলিয়াই অসম-নগালেণ্ডৰ সীমা নিৰ্ধাৰণ কৰিলে নগায় ।

অসম-নাগালেণ্ড সীমান্তত নগাৰ তাণ্ডৱ

ঘটনা অনুসৰি, ইন্দ্ৰপুৰৰ ভূৱন শইকীয়া নামৰ লোকজনৰ গৃহত ৩০ জনীয়া এটা নগা দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰে আৰু লোকজনৰ গৃহত থকা সকলো গছ-বন কাটি তহিলং কৰে । ইয়াৰোপৰি লোৰ ফেন্সিঙেৰে বেৰ দি লোকজনৰ ভূমি দখলৰো চেষ্টা চলায় নগা দুৰ্বৃত্তৰ দলটোৱে । এই ঘটনাৰ পাছতে মেৰাপানীত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় । পৰিস্থিতিৰ বুজ ল'বলৈ ঘটনাস্থলিত উপস্থিত হয় অসম আৰক্ষী আৰু চি.আৰ.পি.এফ বাহিনী ।

Intro:অসম নগালেণ্ড সীমান্ত গোলাঘাট জিলা মেৰাপানীত পুনৰ উত্তেজনা । অসমৰ ভূমি দখলৰ চেষ্টা নগাৰ । এইবাৰ গুগুল মেপ উলিয়াই অসম নগালেণ্ডৰ সীমা নিৰ্ধাৰণ কৰিলে নগায় । কেৱল ইমানেই নহয় হাতে হাতে দা-কুঠাৰ লৈ ৩০ জনীয়া নগা দুৰ্বৃত্তৰ দলে কাটি তহিলং কৰিলে অসমীয়ালোকৰ বাৰীৰ গছ বন । লোৰ ফেন্সিঙেৰে বেৰা দি দখলৰ চেষ্টা নগাৰ । ইন্দ্ৰপুৰৰ ভূৱন শইকীয়া নামৰ লোকজনৰ বাৰীত অনাধিকাৰ প্ৰৱেশ কৰি নগাই সংঘটিত কৰিলে এই ঘটনা । ঘটনাস্থলিত উপস্থিত অসম আৰক্ষী আৰু চি আৰ পি এফ বাহিনী । বেদখলৰ ঘটনাক লৈ সীমান্তত অব্যাহত আছে উত্তেজনা ।Body:Byte 1 : গৃহস্থConclusion:গোলাঘাট সমষ্টিৰ পৰা চামিম আলী , etv Bharat , অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.