ETV Bharat / bharat

মহাৰাষ্ট্ৰত বিশ্বকাপৰ চূড়ান্ত খেলক লৈ যুৱকক হত্যা

author img

By ETV Bharat Assamese Team

Published : Dec 2, 2023, 12:55 PM IST

ঘটনাটো ১৯ নৱেম্বৰত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ বিশ্বকাপ ফাইনেল মেচৰ সময়ত বোইছাৰ অঞ্চলৰ চেলুনত সংঘটিত হয় । আনহাতে, বোইছাৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত প্ৰবীণ ৰাথোড়ৰ ২৩ নৱেম্বৰত মৃত্যু হয় ।

palghar Youth Murder case
মহাৰাষ্ট্ৰত বিশ্বকাপৰ চূড়ান্ত খেলক লৈ যুৱকক হত্যা

নিউজ ডেস্ক, ২ ডিচেম্বৰ : মহাৰাষ্ট্ৰৰ পালঘৰ জিলাত সদ্যসমাপ্ত বিশ্বকাপৰ চূড়ান্ত খেলৰ সময়ত এজন যুৱকক হত্যা কৰা হয় । এই ঘটনাত বোইছাৰ আৰক্ষী থানাত ৪ জন অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । মনোজ গিৰি, প্ৰতীক গিৰি আৰু আন দুই অভিযুক্তই প্ৰহাৰ কৰাৰ ফলত চিকিৎসাধীন হৈ থকা অৱস্থাত প্ৰবীণ ৰাথোড় নামৰ যুকজনৰ মৃত্যু হয় ।

ঘটনাটো ১৯ নৱেম্বৰত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ বিশ্বকাপ ফাইনেল মেচৰ সময়ত বোইছাৰ অঞ্চলৰ চেলুনত সংঘটিত হয় । আনহাতে, বোইছাৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত প্ৰবীণ ৰাথোড়ৰ ২৩ নৱেম্বৰত মৃত্যু হয় । এই সন্দৰ্ভত ২৯ নৱেম্বৰত এজাহাৰ পঞ্জীয়ন কৰা হয় । কিন্তু অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই । যাৰ বাবে বানজাৰা টাইগাৰ্ছ সংগঠনে পালঘৰত প্ৰবীণ ৰাথোড় হত্যা গোচৰত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত আক্ৰমণাত্মক হৈ পৰে ।

ঘটনাৰ বিৱৰণী অনুসৰি, প্ৰবীণ ৰাথোড় আৰু অভিযুক্ত মনোজ গিৰি, প্ৰতীক গিৰি তথা আন দুজন বোইছাৰৰ চিত্ৰালয় অঞ্চলৰ এখন চেলুনত আছিল । সেই সময়ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপৰ চূড়ান্ত খেল চলি আছিল । প্ৰবীণ ৰাথোড়ে চেলুনত মোবাইলত ক্ৰিকেট খেল চাই আছিল । সেই সময়ত মনোজ গিৰি আৰু প্ৰতীক গিৰিয়ে কয় যে ভাৰত পৰাস্ত হ'ব । সেই কথাত প্ৰবীণ ৰাথোড়ে মনোজ আৰু প্ৰতীকক প্ৰত্যুত্তৰ দিয়ে । তাৰ পিছত অভিযুক্তই আন বন্ধুসকলক মাতি প্ৰবীণ ৰাথোড়ক প্ৰহাৰ কৰে । অভিযুক্তই চেলুনৰ চকীখনেৰে ৰাথোড়ৰ মূৰত আঘাত কৰাৰ ফলত প্ৰবীণ ৰাথোড়ে বেয়াকৈ আঘাত পায় ।

ইয়াৰ পিছত প্ৰবীণক প্ৰথমে বোইছাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু তেওঁৰ অৱস্থা অধিক সংকটজনক হোৱাৰ বাবে মীৰা ৰোডৰ তুঙ্গা চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয় । কিন্তু ২৩ নৱেম্বৰত চিকিৎসা চলি থকাৰ সময়তে প্ৰবীণৰ মৃত্যু হয় । এই ঘটনাত ৰাথোড়ৰ আত্মীয়ই বোইছাৰ আৰক্ষীৰ ওচৰত কৰা অভিযোগৰ ভিত্তিত অভিযুক্ত মনোজ গিৰি, প্ৰতীক গিৰি আৰু আন দুজন অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে ৩০২ (৩৪) ধাৰাৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে । এই সন্দৰ্ভত ৰাষ্ট্ৰীয় বানজাৰা টাইগাৰৰ আঞ্চলিক সমন্বয়ক ৰবি ৰাথোড়ে পালঘৰৰ আৰক্ষী অধীক্ষকক এক বিবৃতি প্ৰদান কৰি অভিযুক্তক তৎক্ষণাৎ গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ।

লগতে পঢ়ক :মণিপুৰৰ উখৰুলত বেংক ডকাইতিৰ ঘটনা; মুখা পিন্ধা বন্দুকধাৰীয়ে লুটিলে প্ৰায় ১৯ কোটি টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.