ETV Bharat / state

মণিপুৰৰ উখৰুলত বেংক ডকাইতিৰ ঘটনা; মুখা পিন্ধা বন্দুকধাৰীয়ে লুটিলে প্ৰায় ১৯ কোটি টকা

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 2:23 PM IST

উখৰুলৰ ভিউলেণ্ড পঞ্জাব নেচনেল বেংকত সংঘটিত হয় এই বেংক ডকাইতিৰ ঘটনা । ১০ জনীয়া মুখা পিন্ধা বন্দুকধাৰীয়ে আক্ৰমণ চলাই বেংকটোৰ পৰা প্ৰায় ১৮.৮৫ কোটি টকাৰ আচৰিত ধৰণে লুট কৰে ।

Ukhrul bank loot in Manipur
মণিপুৰৰ উখৰুলত বেংক ডকাইতিৰ ঘটনা

তেজপুৰ, ১ ডিচেম্বৰ : মণিপুৰৰ উখৰুলত বেংক ডকাইতিৰ ঘটনা । বৃহস্পতিবাৰে সন্ধিয়া এটা সশস্ত্ৰ দলে বেংকৰ ভিতৰত প্ৰৱেশ কৰি ধন লুট কৰি নিয়া চিচিটিভি ফুটেজ শুকুৰবাৰে পুৱা পোহৰলৈ আহিছে ।

মুখত মাস্ক পৰিধান কৰা আৰু অস্ত্ৰধাৰী ডকাইতৰ প্ৰায় ১০ জনীয়া এটা দলে বেংকটোত লুটপাত কৰে । উখৰুল চহৰৰ পঞ্জাব নেচনেল বেংকৰ পৰা প্ৰায় ১৯ কোটি টকা বস্তাত ভৰাই লৈ যোৱা দৃশ্য চিচিটিভিত বন্দী হৈছে । প্ৰকাশিত ভিডিঅ'ত বেংকৰ কৰ্মচাৰীক এটা কোঠাত বন্দী কৰি আৰু কাগজ-পত্ৰ ৰখা এটা বস্তা খালি কৰি আন এটা কোঠাত সোমাই টকা বস্তাত ভৰ্তি কৰি লৈ যোৱা দৃশ্য দেখা গৈছে । কিন্তু সেই সময়তে এজন ডকাইতৰ মুখখন ওলাই পৰে ।

উখৰুলত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫.৪০ বজাত অত্যাধুনিক অস্ত্ৰ লৈ প্ৰায় দহজন অচিনাক্ত মুখা পিন্ধা লোকে লুটপাত কৰাৰ ঘটনা শুকুৰবাৰে পোহৰলৈ আহিছে । উখৰুলৰ ভিউলেণ্ড পঞ্জাব নেচনেল বেংকত সংঘটিত হয় এই বেংক ডকাইতিৰ ঘটনা । ১০ জনীয়া মুখা পিন্ধা বন্দুকধাৰীয়ে আক্ৰমণ চলাই বেংকটোৰ পৰা প্ৰায় ১৮.৮৫ কোটি টকা আচৰিত ধৰণে লুট কৰে । আনহাতে, বেংকৰ কৰ্মচাৰীয়ে প্ৰকাশ কৰা অনুযায়ী এই ধনখিনি ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰা উখৰুল ট্ৰেজাৰীৰ বুলি জানিব পৰা গৈছে ।

ক'লা মাস্ক পৰিহিত ডকাইতৰ দলটোৱে অচিনাকি ভাষা কোৱা বুলিও জানিব পৰা গৈছে । ডকাইতৰ দলটোৱে বেংকৰ কৰ্মচাৰীক বন্দুক টোঁৱাই বান্ধি ৰাখি এই ঘটনা সংঘটিত কৰে । উল্লেখ্য যে বিয়লি ৪ বজাত দুৱাৰ বন্ধ কৰি দিয়া বেংকটোত গ্ৰাহকৰ ভিৰ নোহোৱা মুহূৰ্তৰ সুযোগ গ্ৰহণ কৰে অস্ত্ৰধাৰী ডকাইতৰ দলটোৱে । ইফালে কৰ্মচাৰীসকলে জানিবলৈ দিয়া অনুসৰি, প্ৰথমতে বেংকটোৰ চৌহদত সাতজন নিৰাপত্তাৰক্ষী আছিল ।

কিন্তু এই কাণ্ড সংঘটিত হোৱাৰ সময়ত মাত্ৰ এজনহে কৰ্তব্যত আছিল আৰু বাকীসকল বিয়লিৰ চাহ খোৱাত ব্যস্ত আছিল। সশস্ত্ৰ দলটোৱে বেংকৰ পিছফালৰ দুৱাৰেদি প্ৰৱেশ কৰি কৰ্তব্যৰত নিৰাপত্তাৰক্ষীজনক আগুৰি ধৰে । মন কৰিবলগীয়া যে এই কাণ্ডৰ সময়ত বেংক মেনেজাৰজন ছুটীত আছিল । আনহাতে, স্থানীয় বাসিন্দাসকলে বেংক ভৱনৰ পিছফালে দুজন সন্দেহজনক লোককক প্ৰত্যক্ষ কৰাৰ কথা জনায় ।

ইতিমধ্যে স্থানীয় নিৰাপত্তা বাহিনীয়ে ঘটনা সন্দৰ্ভত তাৎক্ষণিক তদন্ত আৰম্ভ কৰিছে । উখৰুল আৰক্ষীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে মিলি তথ্য সংগ্ৰহ আৰু দোষীৰ সন্ধান আৰম্ভ কৰিছে । অৱশ্যে এই মুহূৰ্তলৈকে বেংক কৰ্তৃপক্ষ বা আৰক্ষীৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই । ঘটনাটোৰ পিছতে অঞ্চলটোৰ বিত্তীয় প্ৰতিষ্ঠান আৰু ইয়াৰ আশেপাশে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :বোমাৰে উৰুৱাই দিয়া হ’ব বেংগালুৰুৰ 15 খন বিদ্যালয়; ই-মেইল যোগে প্ৰেৰণ ভাবুকি বাৰ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.