ETV Bharat / bharat

DNA Test : ৫ বছৰে ধৰ্ষণৰ মিছা অভিযোগত অভিযুক্তৰ ডিএনএ পৰীক্ষাত ন্যায়

author img

By

Published : Dec 2, 2022, 4:52 PM IST

Updated : Dec 2, 2022, 6:26 PM IST

Rape
Rape

পশ্চিমবংগৰ কেশপুৰৰ যুৱকজনে পাঁচ বছৰ ধৰি ধৰ্ষণৰ ভুৱা অভিযোগ সহিবলগা হৈছিল । লগতে এই গোটেই সময়চোৱাত গ্লানি বহন কৰি আছিল (youth from Keshpur carry fake charge of rape) । কিন্তু পাঁচ বছৰ পিছত আদালতে নিৰ্দেশ দিয়া ডিএনএ পৰীক্ষাৰ পিছত তেওঁ অৱশেষত নিৰ্দোষী বুলি প্ৰমাণিত হৈছে (DNA test ordered by court) ।

নিউজ ডেস্ক, ২ ডিচেম্বৰ : পাঁচ বছৰ পূৰ্বে মিছা গোচৰত জড়িত হোৱাৰ পিছত বৰ্তমান সকাহ লাভ । মিদনাপুৰৰ এজন যুৱকৰ কাহিনীয়ে সকলোকে আচৰিত কৰি তুলিব । পশ্চিমবংগৰ কেশপুৰৰ যুৱকজনে পাঁচ বছৰ ধৰি ধৰ্ষণৰ ভুৱা অভিযোগ সহিবলগা হৈছিল (fake charge of rape) । লগতে এই গোটেই সময়চোৱাত গ্লানি বহন কৰি আছিল (youth from Keshpur carry fake charge of rape) । কিন্তু পাঁচ বছৰ পিছত আদালতে নিৰ্দেশ দিয়া ডিএনএ পৰীক্ষাৰ পিছত তেওঁ অৱশেষত নিৰ্দোষী বুলি প্ৰমাণিত হৈছে (DNA test ordered by court) ।

পাঁচ বছৰ পূৰ্বে এগৰাকী নাবালিকাই যুৱকজনৰ ওপৰত বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে যৌন সম্ভোগ কৰাৰ অভিযোগ উত্থাপন কৰিছিল (minor accused youth having sex) । লগতে যুৱকজনক উক্ত নাবালিকাগৰাকীক বিয়া কৰাবলৈ বাধ্য কৰোৱা হৈছিল । বৰ্তমান নাবালিকাগৰাকীৰ বয়স 18 বছৰ । ঘটনাটো সংঘটিত হৈছিল ২০১৭ চনত ।

সেই সময়ত কেশপুৰৰ আনন্দপুৰ অঞ্চলৰ বাসিন্দা ১৩ বছৰীয়া নাবালিকাগৰাকী গৰ্ভৱতী হৈছিল । তাৰ পিছত তেওঁৰ পৰিয়ালে এগৰাকী ২২ বছৰীয়া চুবুৰীয়া যুৱকক বিয়াৰ মিছা প্ৰতিশ্ৰুতিৰে তেওঁক গৰ্ভধাৰণ কৰোৱাৰ অভিযোগ উত্থাপন কৰিছিল (impregnating minor false promises of marriage) ।

কিন্তু যুৱকজনে লগে লগে সকলো অভিযোগ নাকচ কৰা স্বত্বেও পঞ্চায়তৰ সদস্যসকলে পঞ্চায়তৰ এক বিশেষ আদালতৰ ব্যৱস্থা কৰে আৰু যুৱকজনক উক্ত স্থানতে তেতিয়াই নাবালিকাগৰাকীক বিয়া কৰাবলৈ বাধ্য কৰায় । ফলত যুৱকজন উক্ত লোকসকলৰ ওপৰত ক্ষোভিত হৈ পৰে লোকসকলৰ ওপৰত তীব্ৰ ঘৃণাৰে ঘৰৰ পৰা পলাই গৈ মিদনাপুৰ আদালতত (Midnapore court) তেওঁৰ নাবালিকা পত্নী আৰু তেওঁৰ পৰিয়ালে তেওঁক জোৰ-জবৰদস্তি কৰাৰ অভিযোগ তুলি গোচৰ ৰুজু কৰে ।

গোচৰটোৰ শুনানি এতিয়াও চলি আছে । কিন্তু আদালতে নিৰ্দেশ দিয়া ডিএনএ পৰীক্ষাৰ পিছত যুৱকজনে সকাহ লাভ কৰিছে । মাতৃ (যি এতিয়া 18 বছৰীয়া) আৰু শিশুটোৰ ডিএনএ পৰীক্ষাৰ আদালতৰ আদেশৰ পিছত দেখা গৈছে যে যুৱকজন উক্ত শিশুটোৰ পিতৃ নহয় । এই তথ্য প্ৰকাশৰ পিছতে আদালতে মহিলাগৰাকী আৰু তেওঁৰ মাতৃক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ দিয়ে ।

কিন্তু আদালতৰ আদেশেও স্থানীয় আৰক্ষীৰ ওপৰত বিশেষ প্ৰভাৱ পেলোৱা নাছিল । যাৰ ফলত তেওঁলোকে বিষয়টো এৰাই চলিছিল আৰু মহিলাগৰাকী আৰু তেওঁৰ মাতৃক গ্ৰেপ্তাৰ কৰা নাছিল । ফলত আন কোনো বিকল্প নেদেখি যুৱকজনে পুনৰ আদালতৰ মজিয়াত উপস্থিত হৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰায় । লগতে আদালতে স্থানীয় আৰক্ষীক শিশুটোৰ মূল পিতৃক বিচাৰি উলিয়াবলৈও নিৰ্দেশ দিয়ে । এক সূত্ৰ অনুসৰি, ১৮ বছৰীয়া মহিলাগৰাকীক পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা হৈছে । কিন্তু বৰ্তমান তেওঁ চৰ্তসাপেক্ষ জামিনত আছে ।

"ডিএনএ পৰীক্ষাই প্ৰমাণ কৰে যে যুৱতীগৰাকীয়ে মোৰ ক্লায়েণ্টক প্ৰতাৰণা কৰিছিল, যেতিয়া তেওঁ নাবালিকা আছিল । আৰক্ষীয়ে আদালতৰ নিৰ্দেশত তেওঁক গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে আদালতে কেইবাটাও কাৰণত তেওঁক চৰ্তসাপেক্ষে জামিন প্ৰদান কৰে । আনন্দপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে কেইবাটাও ভুল কৰিছে । সেইকাৰণে শিশুটিৰ প্ৰকৃত পিতৃ এতিয়াও আগবাঢ়ি অহা নাই । তদুপৰি, মোৰ ক্লায়েণ্টক কাৰ পৰামৰ্শ অনুসৰি উক্ত গোচৰত জড়িত কৰা হৈছিল, সেইটো এতিয়াও স্পষ্ট নহয় । ঘটনাটোৰ সঠিক তদন্তৰ পিছতহে প্ৰকৃত সত্যটো ওলাব ।" যুৱকগৰাকীৰ অধিবক্তা শ্বামীক বেনাৰ্জীয়ে এনেদৰে কয় ।

লগতে পঢ়ক :Mysterious death Guwahati : ৰহস্যজনকভাৱে বন্ধ কোঠাত উদ্ধাৰ মাতৃ-কন্যাৰ মৃতদেহ

Last Updated :Dec 2, 2022, 6:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.