ETV Bharat / bharat

Baba Ramdev attack Pakistan : পাকিস্তানৰ ৪ খন প্ৰদেশ ভাৰতত যোগ হ'ব: বাবা ৰামদেৱ

author img

By

Published : Jan 26, 2023, 6:24 PM IST

Baba Ramdev attack Pakistan
পাকিস্তানক লৈ ভৱিষ্যতবাণী ৰামদেৱৰ

হৰিদ্বাৰত পতঞ্জলি যোগপীঠৰ চৌহদত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় (74th Republic Day)। অনুষ্ঠানত অংশগ্ৰহণ কৰি যোগ গুৰু বাবা ৰামদেৱে পাকিস্তানক তীব্ৰ সমালোচনা কৰে । তেওঁৰ মতে শীঘ্ৰে পাকিস্তান ধ্বংস হ'ব । ৰামদেৱৰ এই ভৱিষ্যতবাণীয়ে দেশজুৰি চৰ্চা লাভ কৰিছে ।

নেশ্যনেল ডেস্ক,২৬ জানুৱাৰী : "ধ্বংসৰ পথত পাকিস্তান ।" এই মন্তব্য পতঞ্জলি যোগপীঠৰ প্ৰতিষ্ঠাপক তথা যোগ গুৰু বাবা ৰামদেৱৰ । পাকিস্তানক তীব্ৰ আক্ৰমণ কৰি যোগ গুৰু বাবা ৰামদেৱে কয় যে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান ধ্বংসৰ দিশে আগবাঢ়িছে (Ramdev slams Pakistan)। তেওঁৰ মতে পাকিস্তান চাৰিটা ভাগত বিভক্ত হ'ব । পাক অধিকৃত কাশ্মীৰ (PoK), সিন্ধ, বেলুচিস্তান আৰু পাঞ্জাৱ প্ৰদেশ পাকিস্তানৰ পৰা ওলাই আহি ভাৰতত যোগ হ'ব (Ramdev predictions on Pakistan)।

তেওঁ দাবী কৰা মতে পাক অধিকৃত কাশ্মীৰে শীঘ্ৰেই ভাৰতত যোগদান কৰিব । পাকিস্তানৰ সিন্ধ আৰু পাঞ্জাৱ প্ৰদেশ সাংস্কৃতিকভাৱে ভাৰতৰ সৈতে একে আছিল । সেয়েহে, তেওঁলোকো আমাৰ দেশৰ সৈতে একত্ৰিত হ'ব । পাকিস্তানৰ পৰা চাৰিখন প্ৰদেশ ভাৰতৰ সৈতে একত্ৰিত হ'লে আমাৰ দেশ বিশ্বৰ ভিতৰতে শক্তিশালী হ'ব বুলিও দাবী কৰে ৰামদেৱে ।

ৰামদেৱৰ মতে ৪ খন পৃথক দেশ গঠন হোৱাৰ পাছত, পাকিস্তানৰ ভৌগোলিক সীমা এক ক্ষুদ্ৰ দেশলৈ ৰূপান্তৰিত হ'ব । তেওঁৰ মতে বেলুচিস্তানে ভাৰতৰ সৈতে একত্ৰীকৰণ বিচাৰি আগবাঢ়ি আহিব । একেদৰে, পাকিস্তানৰ আন প্ৰদেশসমূহেও ভাৰতত যোগদান কৰিবলৈ তেওঁলোকৰ ইচ্ছা প্ৰকাশ কৰিব । তেওঁৰ মতে সিন্ধ আৰু পাঞ্জাৱ প্ৰদেশৰ ভাৰতৰ সৈতে সাংস্কৃতিক সম্পৰ্ক আছে । সেয়েহে, তেওঁলোকৰ বাবে ভাৰতৰ মূল ভূখণ্ডৰ অংশ হোৱাটো সহজ হ'ব বুলি দাবী কৰে ৰামদেৱে ।

ৰাষ্ট্ৰ নিৰ্মাণৰ অনুশীলনত তেওঁৰ অৰিহণাৰ বিষয়ে বাবা ৰামদেৱে কয় যে তেওঁৰ দৰে আনসকলেও ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱা উচিত । ৰামদেৱৰ মতে তেওঁ দেশখনক অৰ্থনৈতিক বশ্যতা, স্বাস্থ্যসেৱা খণ্ডৰ দুৰ্নীতি আৰু ব্ৰিটিছ মেকলে প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰা বিদ্যালয় শিক্ষাৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি লৈছে । তেওঁৰ এই প্ৰচেষ্টাৰ ফলত পতঞ্জলি যোগপীঠত ৫ লাখ লোকক নিযুক্তি প্ৰদান কৰাত সহায় কৰিছে (Patanjali providing employment to 5 lakh people)। ইয়াৰ উপৰিও, পতঞ্জলিয়ে অনাগত বছৰবোৰত ৫ লাখতকৈও অধিক লোকক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে ।

ধৰ্মীয় গ্ৰন্থ আৰু মহান ব্যক্তিত্বৰ ওপৰত বিতৰ্কিত মন্তব্য কৰা সকলক গৰিহণা প্ৰদান কৰি ৰামদেৱে কয় যে এনে লোক মানসিকভাৱে দেউলিয়া হৈ পৰিছে । তেওঁলোকে তেওঁলোকৰ মানসিকতা হেৰুৱাইছে । আনহাতে সেই লোকসকলে বহিৰাগত লোকৰ নিৰ্দেশত ভাৰতৰ জনসাধাৰণ, সাধু আৰু দেশৰ মহান ব্যক্তিত্বক বদনাম কৰাৰ ষড়যন্ত্ৰ কৰিছে বুলিও তেওঁ অভিযোগ কৰে । গণৰাজ্য দিৱসৰ এই বিশেষ ক্ষণত ৰামদেৱৰ এই মন্তব্যই এতিয়া দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে ।

লগতে পঢ়ক :PM’s message on Republic Day: দেশবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.