ETV Bharat / bharat

Year Ender-2023: কেনেদৰে খেল সলনিৰ ভূমিকা পালন কৰিব ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰে ?

author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 3:59 PM IST

India Middle East Europe Economic Corridor
ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ ভৱিষ্যৎ

Economic Corridor : ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ হৈছে এটা প্ৰস্তাৱিত অৰ্থনৈতিক কৰিডৰ ৷ ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত উত্থাপন কৰা হৈছিল এই প্ৰকল্পৰ ধাৰণা ৷

নিউজ ডেস্ক, 24 ডিচেম্বৰ : 2023 চনটো ভাৰতীয় ইতিহাসৰ বুৰঞ্জীত সদায় স্মৰণীয় হৈ থাকিব, কিয়নো ছেপ্টেম্বৰ মাহত দেশখনত জি-20 ৰাষ্ট্ৰৰ গোটৰ বৈঠকৰ লগতে নেতা সকলৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল ৷

দেশৰ বিভিন্ন প্ৰান্তত, উত্তৰৰ লাডাখ আৰু জম্মু-কাশ্মীৰৰ পৰা দক্ষিণৰ কন্যাকুমাৰীলৈকে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শ্বিলং আৰু গুৱাহাটীৰ পৰা পশ্চিমৰ গোৱা আৰু ৰাণ অব কচ্ছলৈকে বিভিন্ন মন্ত্ৰীৰ লগতে সচিব পৰ্যায়ৰ গোট আলোচনা অনুষ্ঠিত হয় ৷

পৃথিৱীয়ে সন্মুখীন হোৱা বহুতো সমস্যাৰ বিষয়ে আলোচনা কৰা হৈছিল যাতে এই পৃথিৱীখন জীয়াই থকাৰ বাবে এখন উন্নত পৃথিৱী হৈ পৰে ৷ তেওঁলোকৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে: 1- গ্লোবেল ইন্ধন এলায়েন্স (GBA) – এই মিত্ৰজোঁটৰ সদস্য হিচাপে নখন দেশ আছে আৰু ইয়াক বহনক্ষম জৈৱ ইন্ধনৰ বিকাশ আৰু গ্ৰহণৰ বাবে প্ৰস্তুত কৰা হৈছে ৷ 2- ভাৰত- মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC) - আইএমইচিয়ে ভাৰতৰ ভৱিষ্যতক বৃহৎ পৰিসৰত গঢ়ি তুলিব |

ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (IMEC) হৈছে এটা প্ৰস্তাৱিত অৰ্থনৈতিক কৰিডৰ, যাৰ ধাৰণাটো ছেপ্টেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত উত্থাপন কৰা হৈছিল ৷ এই কৰিডৰৰ ধাৰণাটো আমেৰিকাৰ ৰাষ্ট্ৰপতি জb বাইডেনে সমৰ্থন কৰিছিল ৷ আই এম ই চিত ভাৰত, সংযুক্ত আৰব আমিৰশ্বাহী, চৌদি আৰব, ফ্ৰান্স, জাৰ্মানী, ইটালী, ইউৰোপীয় সংঘ আৰু আমেৰিকাও জড়িত হৈ আছে ৷

এই কৰিডৰৰ ধাৰণাটো হৈছে চীন সমৰ্থিত বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ (বিআৰআই)ক পোনপটীয়া কৈ প্ৰতিৰোধ কৰা ৷ আইএমইচি প্ৰকল্পত দুটা পৃথক কৰিডৰ অন্তৰ্ভুক্ত আছে – ইষ্ট কৰিডৰ, যি ভাৰতক মধ্যপ্ৰাচ্যৰ দেশসমূহৰ সৈতে সংযোগ কৰে আৰু উত্তৰ কৰিডৰ, যি ইজৰাইলৰ জৰিয়তে মধ্যপ্ৰাচ্যক ইউৰোপৰ সৈতে সংযোগ কৰে ৷ বুজাবুজি চুক্তিৰ দস্তাবেজত কোৱা হৈছে যে আইএমইচিয়ে এছিয়া, আৰৱ উপদ্বীপ আৰু ইউৰোপৰ মাজত বৰ্ধিত সংযোগ আৰু অৰ্থনৈতিক একত্ৰীকৰণৰ জৰিয়তে অৰ্থনৈতিক বিকাশক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে ৷

এই প্ৰস্তাৱিত কৰিডৰটো ইউৰোপ আৰু এছিয়াৰ মাজত পথ আৰু ৰে’ল পৰিবহনৰ পদ্ধতি জড়িত পৰিবহন আৰু যোগাযোগ সংযোগ বৃদ্ধিৰ বাবে আৰম্ভ কৰা হৈছে ৷ এই পথটোৱে বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ লগতে শক্তিৰ স্বচ্ছ উৎসৰ বাবে পাইপৰ ব্যৱস্থাও সক্ষম কৰিব ৷ এই কৰিডৰটো চীনা বিআৰআইৰ ঋণৰ ফান্দৰ প্ৰত্যক্ষ বিকল্প, যদিও আইএমইচি এটা পৰিকল্পিত কৰিডৰ, ই বহু প্ৰতিক্ৰিয়া আৰু উত্তেজনাৰ সৃষ্টি কৰিছে ৷

ভূ-ৰাজনৈতিক দিশৰ পৰা আইএমইচি গুৰুত্বপূৰ্ণ আৰু ইয়াৰ দ্বাৰা নিৰ্ভৰযোগ্য আৰু সুৰক্ষিত যোগান শৃংখল আৰু উন্নত বাণিজ্যিক সুলভতাও শক্তিশালী হ’ব ৷ এই কৰিডৰৰ আন এটা বৈশিষ্ট্য হ’ল এই পথটোক আফ্ৰিকা মহাদেশৰ সৈতে সংযোগ কৰা, যিয়ে পুনৰবাৰ আটাইতকৈ দৰিদ্ৰ অংশসমূহক অন্তৰ্ভুক্ত কৰিব ৷ এই কৰিডৰৰ দেশসমূহে বিশ্বৰ আগশাৰীৰ বজাৰসমূহৰ মাজত উন্নত সংযোগৰ জৰিয়তে লাভৱান হ’ব, যিয়ে অসংখ্য নতুন ব্যৱসায়িক সুযোগ প্ৰদান কৰিব ৷

কিন্তু আইএমইচি আৰম্ভ হোৱাৰ পূৰ্বে ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষই এই প্ৰস্তাৱিত কৰিডৰটো বিপদত পেলাইছে, কিয়নো ইজৰাইলৰ হাইফা বন্দৰ ইউৰোপক সংযোগ কৰা এই কৰিডৰৰ এক গুৰুত্বপূৰ্ণ সংযোগ ৷ তদুপৰি, তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ এৰ্দোগানেও এই কৰিডৰত তেওঁৰ দেশক অন্তৰ্ভুক্ত নকৰাৰ বাবে এই প্ৰকল্পক সমালোচনা কৰিছে ৷ তেওঁ ইৰাকৰ সৈতে জড়িত আইএমইচিৰ বিকল্প পথৰ বাবে তেওঁৰ পৰিকল্পনাও ঘোষণা কৰিছে ৷ এই বাধাবোৰ স্বত্বেও, আইএমইচিৰ এক অতি উজ্জ্বল ভৱিষ্যত আছে আৰু ই এছিয়া আৰু ইউৰোপৰ মাজত এক উমৈহতীয়া সংযোগ হ'ব ৷

শেহতীয়াকৈ আইএমইচিৰ বাবে, ইটালীয়ে চীনা সমৰ্থিত বিআৰআইৰ পৰা আঁতৰি আহিছে আৰু ভাৰতীয় দৃষ্টিভংগীৰ বাবে কেৱল আইএমইচিৰ ওপৰত নিৰ্ভৰ কৰিব ৷ এই কৰিডৰে ভাৰতক এক ডাঙৰ আন্তঃগাঁথনিগত উৎসাহ প্ৰদান কৰিব যাৰ ভিতৰত আছে সকলো অংশীদাৰ আৰু বিশেষকৈ ভাৰতলৈ সংযোগ, অৰ্থনৈতিক বিকাশ, চাকৰি সৃষ্টি আৰু সমৃদ্ধি ৷ এই আইএমইচি হৈছে সংশ্লিষ্ট সকলো পক্ষৰ বাবে এক লাভজনক পৰিস্থিতি আৰু আশা কৰা হৈছে সকলো অংশগ্ৰহণকাৰী ৰাষ্ট্ৰই এই প্ৰকল্পৰ জৰিয়তে সমাজলৈ সমৃদ্ধি আনিব ৷

লগতে পঢ়ক : ৰাম মন্দিৰ মুকলিৰ পূৰ্বে অযোধ্যাৰ পৰ্যটন ক্ষেত্ৰত ব্যাপক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.