ETV Bharat / bharat

Ramdev Controversial Remark : মহিলাসকলে একো নিপিন্ধিলে ভাল দেখায় ! ৰামদেৱৰ বিতৰ্কিত মন্তব্য

author img

By

Published : Nov 25, 2022, 5:40 PM IST

Ramdev
Ramdev

বাবা ৰামদেৱ জড়িত হৈ পৰিছে অন্য এটা বিতৰ্কত । মহিলাসকলৰ বিষয়ে এটা বিতৰ্কিত মন্তব্য কৰি এইবাৰ সমালোচনাৰ সন্মুখীন হৈছে যোগ গুৰু বাবা ৰামদেৱ (Ramdev controversial statement about women) ।

নিউজ ডেস্ক, ২৫ নৱেম্বৰ : যোগ গুৰু ৰামদেৱৰ সীমা-সংখ্যা নাই । যোগৰ জৰিয়তে স্বাস্থ্য ৰক্ষা আৰু প্ৰাকৃতিক দৰৱ অর্থাৎ আয়ুৰ্বেদিক চিকিৎসা প্ৰণালীৰ মুখ্য প্ৰবক্তা হৈছে বাবা ৰামদেৱ (Jog Guru Baba Ramdev) । দেশৰ বিভিন্ন প্ৰান্তত থকা বিভিন্ন যোগ কেন্দ্ৰৰ জৰিয়তে যোগাসনৰ শিক্ষা তথা অনুশীলন প্ৰদান কৰি আছে ।

মহিলাসকলে একো নিপিন্ধিলে ভাল দেখায় !

সমান্তৰালভাৱে তেওঁৰ পতঞ্জলি প্ৰতিষ্ঠানৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ আয়ুৰ্বেদিক ঔষধ তথা সামগ্ৰী উৎপাদন তথা বিপণন কৰি আহিছে । বৰ্তমান পতঞ্জলি হৈছে দেশৰ অন্যতম উদ্যোগ প্ৰতিষ্ঠান (Patanjali) । কিন্তু মাজে-সময়ে ৰামদেৱে বাতৰিৰ শিৰোনামো দখল কৰি আহিছে তেওঁৰ কিছুমান মন্তব্য তথা কৰ্মকাণ্ডৰ বাবে ।

এলোপেথিক ঔষধৰ প্ৰবল বিৰোধী ৰামদেৱৰ এই সন্দৰ্ভত দিয়া মন্তব্যৰ বাবেও চৰ্চিত হৈ আহিছে । এইবাৰ পিছে বাবা ৰামদেৱ জড়িত হৈ পৰিছে অন্য এটা বিতৰ্কত । মহিলাসকলৰ বিষয়ে এটা বিতৰ্কিত মন্তব্য কৰি এইবাৰ সমালোচনাৰ সন্মুখীন হৈছে যোগ গুৰু বাবা ৰামদেৱ (Ramdev controversial statement about women) ।

যোগ গুৰু ৰামদেৱে মহাৰাষ্ট্ৰৰ থানেৰ এটা যোগ শিবিৰত এই মন্তব্য কৰিছে । মহিলাসকলৰ পোছাক সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ ৰামদেৱে কয়, তেওঁলোকক শাৰী পৰিধান কৰিলে ভাল দেখায়, তেওঁলোকক চুৰিদাৰ কামিজতো ভাল দেখায় । এইখিনিলৈ ঠিকে আছিল । কিন্তু তাতোকৈ এখোজ আগবাঢ়ি গৈ বাব ৰামদেৱে বিতৰ্কিত মন্তব্যটো আগবঢ়ায় (Women look good without wear anything) ।

তেওঁ কয় যে মহিলাসকলে একো নিপিন্ধিলেও ভাল দেখায় । উল্লেখ্য, থানেত চলি থকা সন্মিলনৰ বাবে মহিলাসকলে শাৰী আনিছিল । তাত পুৱা এটা যোগ বিজ্ঞান শিবিৰ আয়োজন কৰা হৈছিল । লগতে যোগ প্ৰশিক্ষণৰো ব্যৱস্থা আছিল । তাতেই তেওঁ এই বিতৰ্কিত মন্তব্যটো কৰে (Baba Ramdev controversial comment) ।

যোগ শিবিৰৰ অনুষ্ঠানটোৰ ঠিক পিছতে মহিলাসকলৰ বাবে এখন সাধাৰণ সভাও অনুষ্ঠিত হয় । সেয়ে মহিলাসকলে শাৰী পিন্ধিবলৈ সময় নাপালে । বাবা ৰামদেৱে এই সন্দৰ্ভতে উক্ত বিতৰ্কিত মন্তব্যটো আগবঢ়ায় । তেওঁ কয় শাৰী পিন্ধিবলৈ সময় নাপালে, কোনো কথা নাই । এতিয়া ঘৰলৈ গৈয়ে শাৰী পিন্ধিব । মহিলাসকলে শাৰী পিন্ধি ভাল অনুভৱ কৰে বুলি কৈ ৰামদেৱে কয় যে তেওঁলোকক চুৰিদাৰ কামিজতো ভাল দেখা । তাৰ পিছতে বাবা ৰামদেৱে বিতৰ্কিত মন্তব্যটো কয়, "মোৰ মতে একো নোহোৱাকৈও ভাল দেখায় ।"

লগতে পঢ়ক :PM Modi on Lachit Divas Program: অসমীয়াত ভাষণ আৰম্ভ কৰি লাচিত বৰফুকনৰ বীৰত্বক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.