PM Modi on Lachit Divas Program: অসমীয়াত ভাষণ আৰম্ভ কৰি লাচিত বৰফুকনৰ বীৰত্বক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Nov 25, 2022, 4:42 PM IST

PM Modi on Lachit Divas Program

দিল্লীৰ বিজ্ঞান ভৱনত উদযাপিত লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তীত অসমীয়াত ভাষণ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লাচিত বৰফুকনৰ জীৱন গাথাৰ এক নাট্যৰূপ প্ৰস্তুত কৰি দেশৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱাৰ পোষকতা কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Modi on Lachit Divas Program )৷

নিউজ ডেস্ক, 25 নৱেম্বৰ : ‘‘মহানায়ক লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী উপলক্ষে দেশৰ ৰাজধানীলৈ অহা আৰু ইয়াত সমবেত হোৱা আপোনালোক সকলোকে মোৰ আন্তৰিক অভিবাদন আৰু সেৱা জনাইছো ৷’’ শুকুৰবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত এইদৰে অসমীয়াতে ভাষণ আৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

অসমীয়াত ভাষণ আৰম্ভ কৰি লাচিত বৰফুকনৰ বীৰত্বক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

নতুন দিল্লীৰ বিজ্ঞান ভৱনত 23 নৱেম্বৰৰ পৰা উদযাপিত লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তীৰ আজি সফল সামৰণি হয় (Lachit Divas at Bigyan Bhawan Delhi)৷ অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমীয়া ভাষাতে লাচিত দিৱসৰ কাৰ্যসূচীৰ উপস্থিত ৰাইজক অভিবাদন জনোৱাত উৎফুল্লিত হৈ পৰিল উপস্থিত সকলো ৷

অসমীয়াত অভিবাদন জনোৱাৰ পাছতে অসম মাতৃক সেৱা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ তেওঁ কয় যে, অসম মাতৃয়ে ভাৰতক লাচিত বৰফুকনৰ দৰে এজন অদম্য বীৰ দিলে ৷ সমগ্ৰ দেশতে বৃহস্পতিবাৰে লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে দিল্লীতো তিনিদিনীয়াকৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হ’ল ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM Modi on Lachit Divas Program) ৷

এই পবিত্ৰ ক্ষণত অসমৰ জনগণৰ লগতে দেশৰ 130 কোটি জনতাক শুভাকামনা জনায় প্ৰধানমন্ত্ৰী মোডীয়ে ৷ দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি থকাৰ সময়তে লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তী উদযাপন কৰাৰ সৌভাগ্য হোৱা বুলি প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে ৷ এয়া এক ঐতিহাসিক ক্ষণ বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

আজি ভাৰতবৰ্ষই গোলামী কৰাৰ বিপৰীতে দেশৰ সাংস্কৃতিক ভিন্নতা উদযাপন কৰাৰ লগতে নিজৰ সংস্কৃতিৰ ঐতিহাসিক নায়ক-নায়িকাসকলক গৰ্বৰে স্মৰণ কৰিছে ৷ লাচিত বৰফুকন ভাৰত মাতাৰ অমৰ সন্তান ৷ এই সন্তানৰ সংকল্পক সাকাৰ ৰূপ দিবলৈ নিৰন্তৰ প্ৰয়াস কৰি থকা বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

লাচিত বৰফুকনৰ জীৱনে আমাৰ আত্মসন্মান, পৰিচয়ৰ লগত চিনাকি কৰাই দিয়ে বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে লাচিত বৰফুকনে দেশৰ প্ৰতি নিজকে সমৰ্পিত কৰিবলৈ শক্তি প্ৰদান কৰে ৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মানৱ ইতিহাসৰ হাজাৰ বছৰত পৃথিৱীত বহুতো সভ্যতা আহিল আৰু গ’ল ৷ সময়ৰ সোঁতত বিলীন হৈ গ’ল বহু সভ্যতা ৷ কিন্তু এইখন আমাৰ মহান ভাৰত ৷ আমাৰ পূৰ্বপুৰুষে বহু সময়ত বিদেশী শত্ৰুৰ লগত সংঘৰ্ষ কৰি খেদি পঠিয়াইছিল ৷ তথাপি আজিও ভাৰত সেই একেই শক্তি, একেই সাংস্কৃতিক লৈ গৰ্বৰে জীয়াই আছে ৷ কাৰণ ভাৰতত যেতিয়াই কোনো সমস্যা হয়, তেতিয়া কোনো এজন মহান লোকৰ জন্ম হয় ৷

লাচিত বৰফুকন দেশৰ বীৰ যোদ্ধা আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে লাচিত বৰফুকনে(Veer Lachit Borphukan) দেখুৱাই দিলে যে ভাৰতৰ জীৱনজ্যোতি অমৰ হৈ ৰ’ব ৷ অসমৰ ইতিহাস ভাৰতীয় সংস্কৃতিৰ অন্যতম ঐতিহ্য ৷ উল্লেখ্যযোগ্য যে, লাচিত বৰফুকনৰ জীৱনভিত্তিত এক নাট্যৰূপ দি দেশৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱাৰ পোষকতা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : Amit Shah praises Lachit bravery : "বিকৃত ইতিহাসক শুদ্ধ ৰূপত লিখাত কোনেও বাধা দিব নোৱাৰে"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.