ETV Bharat / bharat

পুত্ৰক অট্টালিকাৰ পৰা পেলাই মাতৃৰ আত্মহত্যা

author img

By

Published : Jun 23, 2021, 9:40 PM IST

ৰেশ্মাৰ স্বামী ক’ভিড (Covid-19)ত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৷ স্বামীৰ মৃত্যুৰ পাছত চুবুৰীৰ লোকে মহিলাগৰাকীক হাৰাশাস্তি কৰা আৰম্ভ কৰিছিল ৷

পুত্ৰক দলিয়াই মাতৃৰ আত্মহত্যা
পুত্ৰক দলিয়াই মাতৃৰ আত্মহত্যা

নেশ্যনেল ডেস্ক, 23 জুন : মুম্বাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ পুত্ৰক বাৰ মহলীয়া অট্টালিকাৰ পৰা পেলাই হত্যা কৰাৰ পাছত আত্মহত্যা কৰে এগৰাকী মহিলাই ৷ এই ঘটনা সংঘটিত হৈছে মুম্বাইৰ চাকি নাকা অঞ্চলৰ চান্দিভালিত ৷ ইতিমধ্যে মুম্বাই আৰক্ষীয়ে মহিলাগৰাকীৰ চুইচাইড নোটৰ ভিত্তিত শাদাব খান নামৰ এজন লোকক মহিলাগৰাকীক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত আটক কৰিছে ৷

মৃত মহিলাগৰাকীয়ে চুইচাইড নোটত শাদাব খানৰ লগতে আয়ুব খান আৰু শ্বাহনাজ খান নামৰ আন দুজন লোকক এই মৃত্যুৰ বাবে জগৰীয়া কৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, ৰেশ্মা ট্ৰেঞ্চিল নামৰ মহিলাগৰাকী 10 বছৰীয়া পুত্ৰৰ লগত টুলিপিয়া নামৰ ফ্লেটটোৰ বাৰ মহলাত আছিল ৷ আনহাতে শাদাব খান, আয়ুব খান আৰু শ্বাহনাজ খান ভৱনটোৰ এঘাৰ নং মহলাত আছিল ৷

শাদাব খান, আয়ুব খান আৰু শ্বাহনাজ খানে বাৰ মহলাত থকা ৰেশ্মাৰ ফ্লেটৰ পৰা হুলস্থুলৰ শব্দ অহা বুলি হাৰাশাস্তি কৰি আহিছিল ৷ তেওঁলোকে এই সন্দৰ্ভত হাউচিং চ’ছাইটি মেনেজমেণ্টৰ লগতে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল । আনহাতে ৰেশ্মাৰ স্বামীৰ কিছুদিন পূৰ্বে ক’ভিড (Covid-19)ত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৷

স্বামীৰ মৃত্যুৰ পাছত চুবুৰীৰ লোকে মহিলাগৰাকীক হাৰাশাস্তি কৰাৰ আৰম্ভ কৰিছিল ৷ যাৰবাবে ৰেশ্মাই আত্মহননৰ দৰে পথ বাছি ল’বলৈ বাধ্য হৈছিল । বৰ্তমান আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : মালিয়া-নীৰৱ-চৌকচি গোচৰ: জব্দ কৃত 9,371.17 কোটি টকাৰ সম্পত্তি স্থানান্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.