ETV Bharat / bharat

50 বৰ্ষীয় মহিলাক ধৰ্ষণ কৰি হত্যা

author img

By

Published : Apr 1, 2021, 9:43 AM IST

widowed woman raped and killed accused arrested in poisoned condition
50 বৰ্ষীয় মহিলাক পাশৱিকভাৱে ধৰ্ষণ কৰি হত্যা

ত্ৰিপুৰাত 50 বৰ্ষীয় মহিলাক ধৰ্ষণ ৷ ধৰ্ষণৰ পাছতে অত্যাচাৰ চলাই মহিলা গৰাকীক হত্যা ৷ মূল অভিযুক্তক আটক কৰিলে ত্ৰিপুৰা আৰক্ষীয়ে ৷

ত্ৰিপুৰা,1 এপ্ৰিল: ত্ৰিপুৰাত এগৰাকী 50 বৰ্ষীয় মহিলাক ধৰ্ষণ কৰি তাৰ পাছত অমানৱীয় তথা পাশৱিক অত্যাচাৰ চলাই হত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱা পৰিলক্ষিত হৈছে ৷ অভিযোগ অনুসৰি, ৰাজ্যখনৰ চেপাহিজালা জিলাৰ নালচাৰ অঞ্চলত 50 বছৰীয়া মহিলা গৰাকীক ধৰ্ষণ কৰি শৰীৰত বাঁহৰ তীক্ষ্ণ টুকুৰাৰে আঘাত কৰাৰ পিছত হত্যা কৰা হয় ৷ হোলীৰ দিনাখন পাকঘৰৰ ভিতৰত মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হয় ৷

জানিব পৰা মতে, ঘটনাটোৰ মূল অভিযুক্তক ধৰ্ষণ-হত্যাৰ অভিযোগত আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰে ৷ দুলাল দাস নামৰ অভিযুক্ত গৰাকীক আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ দুদিন পাছত উদয়পুৰৰ পৰা আৰক্ষীয়ে কৰায়ত্ব কৰে ৷ আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিব বুলি পূৰ্বতে উমান পাই কৰায়ত্ব কৰাৰ পূৰ্বে বিষপান কৰে ৷ ইয়াৰ পাছতে অভিযুক্তক গোমতি জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ঘটনা সংঘটিত কৰিয়েই অভিযুক্ত দাসে পলায়ন কৰি আছিল ৷ স্থানীয় লোকে দিয়া তথ্যৰ ভিত্তিত তেওঁ ঘটনাটোৰ সৈতে জড়িত থকা কথাটো সম্পূৰ্ণ প্ৰমাণিত হৈ পৰে ৷

লগতে পঢ়ক: আগৰতলাত ১০,৩২৩ গৰাকী শিক্ষকৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.