ETV Bharat / bharat

পেগাচাছক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা দিগ্বিজয় সিঙৰ

author img

By

Published : Jul 27, 2021, 3:52 PM IST

Digvijaya asks Centre
পেগাচাছ সম্পৰ্কে আলোচনা কৰিবলৈ কিয় ভয় কৰে কেন্দ্ৰীয় চৰকাৰে

পেগাচাছ সন্দৰ্ভত মৌনতা অৱলম্বন কৰা কেন্দ্ৰীয় চৰকাৰক এইবাৰ উভতি ধৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা দিগ্বিজয় সিঙে । সংসদত পেগাচাছ স্পাইৱেৰ বিষয়টো আলোচনা কৰিবলৈ কিয় ভয় কৰে বুলি নেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে ।

নেশ্যনেল ডেস্ক, ২৭ জুলাই: পেগাচাছক লৈ (Pegasus) এতিয়াও উত্তাল হৈ আছে সমগ্ৰ দেশ । আনকি এই বিষয়টোৱে সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত প্ৰভাৱ পেলাইছে । কিন্তু লক্ষণীয়ভাৱে বিষয়টোৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ বিভিন্ন মহলত প্ৰশ্ন উদয় হৈছে । বিৰোধীয়ে বিভিন্ন ধৰণে সমালোচনা কৰিছে বিজেপি নেতৃত্বধীন চৰকাৰক ।

বিষয়টোত মৌনতা অৱলম্বন কৰা কেন্দ্ৰীয় চৰকাৰক এইবাৰ উভতি ধৰিলে জ্যেষ্ঠ কংগ্ৰেছী নেতা দিগ্বিজয় সিঙে । সংসদত পেগাচাছ স্পাইৱেৰ (Pegasus Spyware) বিষয়টো আলোচনা কৰিবলৈ কিয় ভয় কৰে বুলি নেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi) আৰু গৃহমন্ত্ৰী অমিত শ্বাহক (Amit Shah) লক্ষ্য কৰি কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন কৰে যে তেওঁলোকে কিয় এই বিষয়কলৈ আলোচনা কৰিবলৈ ভয় কৰে । আভ্যন্তৰীণ সুৰক্ষা বা ড্ৰাগছ সম্পৰ্কীয় অপৰাধৰ বাবে বা যিকোনো অপৰাধীৰ বিৰুদ্ধে বৈধ স্নুপিং গ্ৰহণযোগ্য ৷

কিন্তু আমি এনএছঅ' আৰু ইজৰাইলীসকলক সকলো তথ্য যোগান ধৰা নাই নেকি বুলিও টুইটযোগে প্ৰশ্ন কৰে দ্বিগ্বিজয় সিঙে ।

  • That is why we in opposition want either the Home Minister or the Prime Minister to brief the House and assure the Nation that under no circumstances our National Security would be compromised by anyone who has Pegasus software. Would ModiShah please oblige?#Pegasus

    — digvijaya singh (@digvijaya_28) July 27, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

নেতাগৰাকীয়ে লগতে কয় যে এই বিষয়টো ২০১৯ চনত ৰাজ্যসভাত তেওঁ উত্থাপন কৰিছিল ৷ যিটো তদানীন্তন তথ্য-প্ৰযুক্তি মন্ত্ৰীয়ে তেওঁৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত আছিল । সেয়েহে তেওঁ পুনৰ পেগাচাছৰ বিষয়ে আলোচনা কৰাৰ বাবে ৰাজ্যসভাক পুনৰ জাননী প্ৰেৰণ কৰিছে । তেওঁ আশা কৰে যে মোডী আৰু শ্বাহে সম্পূৰ্ণ বিষয়টো আলোচনাৰ বাবে সন্মতি প্ৰদান কৰিব ।

এইটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ এক জৰুৰী বিষয় বুলিও দাবী কৰে কংগ্ৰেছ নেতাজনে । সিঙে অভিযোগ কৰে যে ৰাষ্ট্ৰীয় সুৰক্ষা আৰু বিষয়টো লুকুৱাই ৰখাৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা নাই কেন্দ্ৰীয় চৰকাৰে । যদি পেগাচাছৰ নিৰ্মাতা ৰাষ্ট্ৰ ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিছে, তেন্তে মোডী-শ্বাহে কিয় এই বিষয়টো লুকাইছে বুলিও প্ৰশ্ন কৰে নেতাগৰাকীয়ে । তেওঁলোকে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বিষয়ে চিন্তিত নহয় নেকি বুলি প্ৰশ্ন কৰে দ্বিগ্বিজয় সিঙে ।

মাৰ্ক জুকাৰবাৰ্গ আৰু প্ৰধানমন্ত্ৰীৰ বন্ধুত্বকলৈও বিশেষ মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । মৰমৰ বন্ধু নৰেন্দ্ৰ মোডীক এনএছঅ'ৰ বিৰুদ্ধে তেওঁৰ গোচৰক লৈ সহায় কৰিবলৈ জুকাৰবাৰ্গে ক'ব নেকি বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন কৰে । ইফালে যোৱা সপ্তাহত বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ পিছতে বিষয়টোক লৈ হোৱা হুলস্থূলৰ ফলত লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্যকলাপ ব্যাহত হয় । কংগ্ৰেছ দলে বিষয়টো উচ্চতম ন্যায়ালয়ৰ দ্বাৰা তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক: কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.