ETV Bharat / bharat

India vs Bharat Row : বিশ্বই আমাক ইণ্ডিয়া বুলিয়ে জানে; কেন্দ্ৰৰ ভাৰত পদক্ষেপক মমতাৰ উপহাস

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 4:18 PM IST

ইণ্ডিয়াক ভাৰত নাম দিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক লৈ সৰৱ হৈছে মঙলবাৰে সৰৱ হৈছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । এই তীব্ৰ বিতৰ্কৰ প্ৰত্যুত্তৰত মমতাই কয়, "আমি সকলোৱে জানো যে ইণ্ডিয়াই হৈছে ভাৰত, কিন্তু বিশ্বই আমাক ইণ্ডিয়া বুলিয়ে জানে ।"

India vs Bharat Row
India vs Bharat Row

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : বৰ্তমান ইণ্ডিয়া বনাম ভাৰতক লৈ শাসক-বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ চলি আছে । শাসকীয় বিজেপিয়ে ইণ্ডিয়াক ভাৰত কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলৰ নেতাসকলে । এইবাৰ এই সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিছে মমতা বেনাৰ্জীয়ে । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মঙলবাৰে ইণ্ডিয়াক ভাৰত নাম দিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক লৈ এক উপহাসসূচক মন্তব্য কৰিছে ।

এই তীব্ৰ বিতৰ্কৰ প্ৰত্যুত্তৰ দি মমতাই কয়, "আমি সকলোৱে জানো যে ইণ্ডিয়াই হৈছে ভাৰত, কিন্তু বিশ্বই আমাক ইণ্ডিয়া বুলিয়ে জানে । হঠাতে কি পৰিৱৰ্তন হ'ল যে আমি কেৱল ভাৰত ব্যৱহাৰ কৰা উচিত ।" তেওঁ প্ৰশ্ন কৰে ।

আনহাতে, মমতাই উদ্বেগ প্ৰকাশ কৰি কয় যে দেশত ইতিহাস পুনৰ লিখা হৈছে আৰু ৰাজ্যপালে বিদ্যালয় আৰু মহাবিদ্যালয় চলোৱাত হস্তক্ষেপ কৰিছে । যদি ৰাজ্যপালৰ এই হস্তক্ষেপ অব্যাহত থাকে, তেন্তে তেওঁৰ চৰকাৰে এই প্ৰতিষ্ঠানসমূহৰ বাবে নিৰ্ধাৰিত পুঁজি যোগান বন্ধ কৰিব বুলিও মমতাই সতৰ্ক কৰি দিয়ে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যপালে ৰাজ্য বিধানসভাৰ দ্বাৰা গৃহীত সকলো বিধেয়ক পিছুৱাই ৰাখিছে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ভাৰত শব্দটোৱে আমাৰ সংস্কৃতিক প্ৰতিফলিত কৰে বুলি দাবী কৰি ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ হৰনাথ সিং যাদৱে এক্সৰ এটা পোষ্টত কৈছিল যে 'ভাৰত' শব্দটো ইয়াত যোগ দিয়াটো নিশ্চিত কৰিবলৈ দেশৰ সংবিধান সংশোধন হোৱা উচিত । আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰশ্ন কৰে যে যদি বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটে নিজৰ নাম ভাৰতলৈ সলনি কৰে তেন্তে তেওঁলোকে পুনৰ এবাৰ ভাৰত নাম সলনি কৰিব নেকি ?

লগতে পঢ়ক :India vs Bharat: জি-২০ নৈশভোজৰ আমন্ত্ৰণী পত্ৰত এইবাৰ President of Bharat; কংগ্ৰেছ, আৰজেডিৰ সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.