ETV Bharat / bharat

India vs Bharat: জি-২০ নৈশভোজৰ আমন্ত্ৰণী পত্ৰত এইবাৰ President of Bharat; কংগ্ৰেছ, আৰজেডিৰ সমালোচনা

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 2:24 PM IST

ৰাজ্যসভাৰ সদস্য জয়ৰাম ৰমেশে কয়, "এতিয়া সংবিধানৰ ১ নং অনুচ্ছেদ এনেদৰে পঢ়িব লাগিব : 'ভাৰত, যি ইণ্ডিয়া আছিল, ৰাজ্য সংঘ হ'ব ।' কিন্তু এতিয়া এই 'ৰাজ্য সংঘ'ও আক্ৰমণৰ সন্মুখীন হৈছে ।"

India vs Bharat
India vs Bharat

নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : ভাৰত বনাম ইণ্ডিয়া বিতৰ্ক বৰ্তমান তুংগত উঠিছে । বিৰোধী মিত্ৰজোঁটৰ নাম ইণ্ডিয়া ৰখাৰ পিছতে বিজেপিকে ধৰি শাসনাধিষ্ঠিত দলবোৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে । আনহাতে, বিজেপিৰ বহু নেতাই ইণ্ডিয়াৰ সলনি ভাৰত লিখিবলৈ আৰম্ভ কৰিছে আৰু জনসাধাৰণকো ইণ্ডিয়া নামটো পৰিহাৰ কৰি ভাৰত লিখিবলৈ আহ্বান জনাইছে ।

তাৰ মাজতে এইবাৰ জি-২০ বৈঠকতো ভাৰত বনাম ইণ্ডিয়াৰ বিতৰ্ক সোমাই পৰিছে । জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে দাবী কৰিছে যে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত জি-২০ সন্মিলনৰ নৈশভোজলৈ জনোৱা আমন্ত্ৰণী-পত্ৰত পৰম্পৰাগত 'প্ৰেছিডেণ্ট অব ইণ্ডিয়া'ৰ পৰিৱৰ্তে 'প্ৰেছিডেণ্ট অব ভাৰত' লিখা হৈছে ।

"গতিকে এই সম্পৰ্কীয় বাতৰি সঁচা । ৰাষ্ট্ৰপতি ভৱনে ৯ ছেপ্টেম্বৰত জি-২০ নৈশভোজৰ বাবে প্ৰেৰণ কৰা আমন্ত্ৰণী-পত্ৰত সাধাৰণতে লিখা 'প্ৰেছিডেণ্ট অব ইণ্ডিয়া'ৰ পৰিৱৰ্তে 'প্ৰেছিডেণ্ট অব ভাৰত' লিখিছে ।" দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেৰ সাধাৰণ সম্পাদক তথা যোগাযোগ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেশে এক্সত (পূৰ্বতে টুইটাৰ) এটা পোষ্টত এনেদৰে লিখিছে ।

ৰাজ্যসভাৰ সাসংদ ৰমেশে লগতে কয়, "এতিয়া সংবিধানৰ ১ নং অনুচ্ছেদ এনেদৰে পঢ়িব লাগিব : 'ভাৰত, যি ইণ্ডিয়া আছিল, ৰাজ্য সংঘ হ'ব ।' কিন্তু এতিয়া এই 'ৰাজ্য সংঘ'ও আক্ৰমণৰ সন্মুখীন হৈছে ।"

উল্লেখনীয় যে ২৬ টা বিৰোধী দলে 'ইণ্ডিয়া' (ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স) নামৰ এটা মিত্ৰজোঁট গঠন কৰাৰ পিছৰে পৰা শাসকীয় বিজেপিয়ে এই কাৰ্যক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে ।

ইফালে ৰাষ্ট্ৰীয় জনতা দলৰ সাংসদ মনোজ ঝায়েও কেন্দ্ৰৰ এই পদক্ষেপক সমালোচনা কৰে । "আমি আমাৰ মিত্ৰজোঁটক ইণ্ডিয়া বুলি নামকৰণ কৰাৰ কেইসপ্তাহমান হৈছে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে 'ৰিপাব্লিক অব ইণ্ডিয়া'ৰ পৰিৱৰ্তে 'ৰিপাব্লিক অব ভাৰত' লিখি নিমন্ত্ৰণ পঠোৱা আৰম্ভ কৰিছে । সংবিধানৰ অনুচ্ছেদ ১-ত লিখা আছে 'ইণ্ডিয়া পূৰ্বতে ভাৰত' । আপোনালোকে আমাৰ পৰা ইণ্ডিয়াও নিব নোৱাৰিব বা ভাৰতো নিব নোৱাৰিব ।" সংবাদ সংস্থা এএনআয়ে ঝাক উদ্ধৃত কৰি কৈছে ।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ কেইজনমান নেতাই তেওঁলোকৰ 'এক্স' প্ৰ'ফাইল ইতিমধ্যে সলনি কৰিছে । ইফালে এক্সৰ এজন ইউজাৰে আচৰিত হৈ কয়, "চৰকাৰ কেনেকৈ ইমান তললৈ নামিব পাৰে যে নিৰ্বাচনত জয়ী হ'বলৈ আৰু বিৰোধী মিত্ৰতাৰ বিৰোধিতা কৰিবলৈ তেওঁলোকে আনকি আমাৰ ৰাষ্ট্ৰৰ শব্দটো ইণ্ডিয়া বুলি ব্যৱহাৰ কৰিবলৈও লজ্জিত হয় ?"

"যেতিয়াই আমি ভাবোঁ যে বিজেপি আৰু ইমান তললৈ যাব নোৱাৰে, তেতিয়াই তেওঁলোকে আমাক ভুল প্ৰমাণ কৰে ! যদি তেওঁলোকে ‘ভাৰত’ শব্দটো ব্যৱহাৰ কৰিবলগা হৈছে, তেন্তে তেওঁলোকে কেৱল হিন্দীত নিমন্ত্ৰণী-পত্ৰ প্ৰেৰণ কৰিব লাগিছিল ।" ইউজাৰজনে লগতে লিখিছে ।

লগতে পঢ়ক :'India' to 'Bharat': কেন্দ্ৰই ‘INDIA’ৰ নাম সলনি কৰি ‘BHARAT’ কৰাৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.