ETV Bharat / bharat

Rain alert in many states of India : অসমকে ধৰি দেশৰ বহু ৰাজ্যত জাৰি হাই এলাৰ্ট

author img

By

Published : May 2, 2023, 9:57 AM IST

Rain alert in many states of India
ক’ত ক’ত জাৰি হাই এলাৰ্ট

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে জাৰি কৰা তথ্য অনুসৰি, সমগ্ৰ দেশতে আগন্তুক কেইটামান দিনত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে (Weather rain forecast rain alert in many states) ৷ সোমবাৰে ৰাজধানী দিল্লীৰ লগতে দেশৰ বহু ৰাজ্যত প্ৰৱল বৃষ্টিপাত হোৱা পৰিলক্ষিত হৈছিল ৷ বিশেষকৈ প্ৰৱল বৃষ্টিপাতৰ ফলত দিল্লীত কিছু সময়ৰ বাবে হ’লেও স্তব্ধ হৈ পৰিছিল যাতায়ত ব্যৱস্থা । কালিৰ দিনটোত দিল্লীৰ তাপমাত্ৰা আছিল ২৬.১ ডিগ্ৰী চেলছিয়াছ ৷

নেশ্যনেল ডেস্ক, ২ মে’ : এইবাৰ সলনি হৈছে সমগ্ৰ দেশৰ বতৰৰ তাৰতম্য ৷ ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ (IMD) তথ্য অনুসৰি যোৱা দুদিনত বহু ৰাজ্যত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ হোৱা দেখিবলৈ পোৱা গৈছে (Weather rain forecast rain alert in many states)। দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বহু ৰাজ্যত বৰষুণৰ বাবে গৰমৰ পৰা মানুহে যথেষ্ট সকাহ পাইছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অনাগত আৰু কেইদিনমানলৈ বতৰ একেদৰে থাকিব । সোমবাৰে দিল্লীত ১৪.৮ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে ।

IMD (India Meteorological Department) য়ে জনোৱা মতে, আজি অৰ্থাৎ ২ মে’ত পঞ্জাৱ, উপ-হিমালয়, পশ্চিম বংগ, ছিকিম, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, পুডুচেৰী আৰু কেৰালাত ধাৰাসাৰ বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে ৷ আগন্তুক ২৪ ঘন্টাত জম্মু-কাশ্মীৰ, পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ছত্তীশগড়, ওড়িশা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত বৰষুণ হোৱাৰ সম্ভাৱনাই প্ৰকট ৷

  • We have issued an orange alert, & in some areas we have issued heavy rainfall warnings for next 2-3 days. In last 24 hours, it rained all over the state, with Kangra receiving maximum rainfall. There have been reports of hailstorms in Shimla & Jubbal. Rain will continue for next… pic.twitter.com/eYKHqbbuig

    — ANI (@ANI) May 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে ছিকিম, অসম, অৰুণাচল প্ৰদেশ, পূৱ মধ্য প্ৰদেশ, বিদৰ্ভ, তেলেংগানা আৰু হাৰিয়ানাতো লঘুৰ পৰা মধ্যমীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে । কেৰালা, কৰ্ণাটক, লক্ষদ্বীপ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ লগতে দিল্লী এনচিআৰৰ কিছু অংশত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে (Rain alert in many states of India)।

আনহাতে, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগ, ৰাজস্থান আৰু গুজৰাটৰ এটা বা দুটা স্থানত পাতল বৰষুণৰ সম্ভাৱনা আছে । জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু ছত্তীশগড়ৰ কিছু স্থানত আজি প্ৰৱল শিলাবৃষ্টি হ’ব পাৰে ।

আনফালে, সোমবাৰে দিল্লীকে ধৰি দেশৰ বহু ঠাইত প্ৰচণ্ড বৰষুণ হোৱা দেখা যায় । বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা অনুসৰি আগন্তুক কেইদিনমানলৈ বতৰ একেদৰে থাকিব । সোমবাৰে উত্তৰ প্ৰদেশত বজ্ৰপাতৰ ফলত ২৮ বছৰীয়া এজন যুৱক নিহত হোৱাৰ লগতে দুজন লোক আহত হোৱাৰ তথ্য পোৱা গৈছে ৷

ভাৰত বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, জম্মু-কাশ্মীৰ, লাডাখ আৰু উত্তৰাখণ্ডৰ বেছিভাগ ঠাইতে পুৱা ৮.৩০ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ বৰষুণ হয় । হিমাচল প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু আৰু পুডুচেৰীৰ বহু ঠাইতো বৰষুণৰ তথ্য পোৱা গৈছে। পঞ্জাৱ, উত্তৰ প্ৰদেশ, পশ্চিম বংগ, ওড়িশা, কেৰালা আৰু লক্ষদ্বীপৰ কিছু ঠাইত বৰষুণ হৈছিল ।

আনহাতে, সোমবাৰে দিল্লীত হোৱা প্ৰৱল বৰষুণৰ ফলত বাট-পথ পানীময় হৈ পৰিছিল ৷ ফলত স্তব্ধ হৈ পৰিছিল যাতায়ত ব্যৱস্থা ৷ প্ৰচণ্ড বৰষুণৰ বাবে সোমবাৰৰ দিনটোত দিল্লীৰ তাপমাত্ৰা আছিল ২৬.১ ডিগ্ৰী চেলছিয়াছ ৷ যিটো বছৰৰ এই সময়ৰ গড়তকৈ ১৩ ডিগ্ৰী কম ।

লগতে পঢ়ক : Nalbari Daulasal storm news: প্ৰচণ্ড ধুমুহাত দৌলাশাল আৰক্ষী চকীৰ বিস্তৰ ক্ষতিসাধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.