ETV Bharat / bharat

Free trade agreement : ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ পোষকতা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jun 29, 2023, 5:09 PM IST

ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব বিচাৰিছে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকে। ইউকে-ইণ্ডিয়া সপ্তাহ ২০২৩ৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীগৰাকীৰ । তেওঁ খেলুৱৈ, ব্যৱসায়িক নেতা আৰু তাৰকাসকলৰ সৈতেও বাৰ্তালাপ কৰে ।

Free trade agreement
ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ পোষকতা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,২৯ জুন : ভাৰত আৰু ব্ৰিটেইনৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক দীৰ্ঘদিনীয়া । অৱশ্যে ভাৰতীয়মূলৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকে দুয়োখন দেশৰ মাজৰ এই সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছে । ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি চুনাকে বুধবাৰে সন্ধিয়া ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিৰ (এফটিএ) প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতি পুনৰ ৰক্ষা কৰিছে । তাৰ অংশস্বৰূপে তেওঁ গাৰ্ডেন অৱ ১০ ডাউনিং ষ্ট্ৰীটত অনুষ্ঠিত ইণ্ডিয়া গ্লোবেল ফ'ৰামৰ ইউকে-ইণ্ডিয়া সপ্তাহ ২০২৩ উদযাপনৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

  • Business. Innovation. Culture. And of course... cricket🏏

    The UK and India share so much.

    Tonight, in #UKIndiaWeek, Prime Minister @RishiSunak welcomed business leaders to Downing Street, celebrating their work in bringing our nations even closer together 🇬🇧🤝🇮🇳 pic.twitter.com/gcQQcPb3Wu

    — UK Prime Minister (@10DowningStreet) June 28, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে ৪৩ বছৰীয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে বক্সিং চেম্পিয়ন মেৰী কম, সংগীতজ্ঞ শংকৰ মহাদেৱন আৰু জাকিৰ হুছেইন আৰু বলীউড অভিনেতা সোনম কাপুৰকে ধৰি ব্যৱসায়িক নেতা আৰু চেলিব্ৰেটীসকলৰ সৈতেও বাৰ্তালাপ কৰে । এই আলোচনাক ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউকেৰ বাবে ভাৰতীয় গ্ৰীষ্মকালৰ আৰম্ভণি বুলি অভিহিত কৰিছে ।

ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দুয়োখন দেশৰ বিশাল সম্ভাৱনা সম্পৰ্কে নৰেন্দ্ৰ মোদী আৰু তেওঁ পদক্ষেপ ল'ব । পত্নী অক্ষতা মূৰ্তি আৰু শাহুৱেক সুধা মূৰ্তিৰ সৈতে অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত থকা চুনাকে কয় যে দুয়োখন দেশে ২০৩০ চনৰ ৰোডমেপত একেলগে যথেষ্ট অগ্ৰগতি লাভ কৰিছে আৰু ব্ৰিটেইনে ভাৰতৰ সৈতে বাণিজ্য চুক্তি কৰিব বিচাৰে । ই দুয়োখন দেশক লাভান্বিত কৰিব বুলিও তেওঁ আশাবাদী । ভাৰত আৰু ব্ৰিটেইনত ব্যৱসায় আৰু উপভোক্তাসকলৰ বাবে যথেষ্ট সুযোগ আনিব বিচাৰে বুলিও তেওঁ উল্লেখ কৰে । ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীৰ মতে এয়া কেৱল ইউকে-ইণ্ডিয়া সপ্তাহে নহয় এক সম্পূৰ্ণ ভাৰতীয় গ্ৰীষ্মকাল ।

ইণ্ডিয়া গ্লোবেল ফ'ৰামৰ (আইজিএফ) পঞ্চম বাৰ্ষিক ইউকে-ইণ্ডিয়া সপ্তাহ,শুকুৰবাৰলৈ চলিব । এই অনুষ্ঠানত মন্ত্ৰী, ব্যৱসায়িক নেতা আৰু নীতি নিৰ্ধাৰকসকলে দ্বিপাক্ষিক বৈঠকৰ জৰিয়তে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ ওপৰত চিন্তা-চৰ্চা কৰিব । আইজিএফৰ প্ৰতিষ্ঠাপক মনোজ লাডৱাই কয় যে ব্ৰিটেইন আৰু ভাৰতৰ মাজত অংশীদাৰিত্ব হিচাপে প্ৰতিটো ক্ষেত্ৰতে উন্নয়ন কৰা ।

লগতে পঢ়ক :America India friendship; আমেৰিকা আৰু ভাৰতৰ বন্ধুত্ব বিশ্বৰ ভিতৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ : জ’ বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.