ETV Bharat / bharat

Vastu Tips: ঘৰত সুখ, সমৃদ্ধি বিচাৰিছে যদি তুলসীৰ আশে-পাশে ভুলটো নাৰাখিব এইসমূহ বস্তু

author img

By

Published : Apr 18, 2023, 7:21 PM IST

Vastu Tips: According to Vastu these things should not be kept near the Tulsi plant even by mistake!
ঘৰত সুখ,সমৃদ্ধি বিচাৰিছে যদি তুলসীৰ আশে-পাশে ভুলটো নাৰাখিব এইসমূহ বস্তু

দৈনিক তুলসীক পূজা কৰিলে ঘৰত সুখ আৰু সমৃদ্ধি পোৱা যায় বুলি ধৰ্মীয় বিশ্বাস কৰা হয় । যদি আপুনিও তুলসীৰ আৰ্শীবাদ পাব বিচাৰে তেন্তে তুলসী গছৰ ওচৰত ভুলটো নাৰাখিব এইসমূহ বস্তু-

সনাতন ধৰ্মত তুলসীৰ বিশেষ গুৰুত্ব আছে । প্ৰতিদিনে স্নান-ধ্যান কৰাৰ পিচত মহিলাসকলে প্ৰথমে তুলসীক পানী আগবঢ়ায় । ইয়াৰ পিচত যথাযথভাৱে তুলসী পূজা কৰা হয় । ইয়াৰ সমান্তৰালকৈ সন্ধিয়া প্ৰদীপ জ্বলাই আৰতি কৰা হয় (What are the rules for Tulsi plant)। তুলসী মাতাক পূজা কৰিলে ঘৰত সুখ আৰু শান্তি সমৃদ্ধিয়ে বাস কৰে বুলি এক ধৰ্মীয় বিশ্বাস যুগ যুগ ধৰি চলি আহিছে (Vastu Tips)।

একে সময়তে ভগৱান বিষ্ণুৰ কৃপা লাভ কৰা হয় । অৱশ্যে বহুতে লোকে কিছুমান বস্তু ভুলতে তুলসীৰ আশে-পাশে থৈ দিয়ে । যিয়ে ঘৰৰ সুখ আৰু সমৃদ্ধি কাঢ়ি লৈ ​​যায় । তুলসী গছৰ ওচৰত বহু বস্তু ৰখাটো শাস্ত্ৰত নিষিদ্ধ । আহকচোন ইয়াৰ বিষয়ে আৰু অধিক জানো -

ডাষ্টবিন

যদি আপুনিও তুলসীৰ আশীৰ্বাদ পাব বিচাৰে তেন্তে তুলসী গছৰ ওচৰত ডাষ্টবিন নাৰাখিব । এই কাম কৰিলে তুলসী মাতাৰ ৰুষ্ট হয় । ইয়াৰ বাবেই ঘৰখনৰ সুখ আৰু সমৃদ্ধি নোহোৱা হ’বলৈ ধৰে ।

ঝাড়ু

ঝাড়ুৰ সম্পৰ্ক ধনৰ দেৱী লক্ষ্মী দেৱীৰ সৈতে (why tulsi is not offered to lakshmi) । কোৱা হয় যে যিবোৰ ঘৰত লেতেৰা বিয়পি পৰে সেই ঘৰত মা লক্ষ্মী বাস নকৰে । ইয়াৰ বাবেই ঘৰৰ সমৃদ্ধি নোহোৱা হ’বলৈ আৰম্ভ কৰে । আনহাতে তুলসীৰ ওচৰত ঝাড়ু এডাল ৰাখিলে তুলসী মাতা ৰুষ্ট হয় । এই কাম কৰিলে আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় ।

জোতা-চেণ্ডেল

যদি আপুনি তুলসী মাতাৰ আৰ্শীবাদ পাব বিচাৰে, তেন্তে ভুলতেও তুলসীৰ ওচৰত জোতা-চেণ্ডেল নাৰাখিব । এনে কৰি তুলসী মাতাক অপমান কৰা হয় । এই কাৰণেই ঘৰত দৰিদ্ৰতা আহে বুলি বিশ্বাস কৰা হয় । ইয়াৰ বাবে ভুলতেও তুলসীৰ আশে-পাশে নাৰাখিব ইয়াক নাৰাখিব (Is it OK to give Tulsi plant to others)।

কাঁইট

বাস্তু বিশেষজ্ঞৰ মতে, তুলসীৰ ওচৰত কাঁইটীয়া গছ ৰোপণ নকৰিব । এই কাম কৰিলে ঋণাত্মক শক্তি ঘৰত প্ৰৱেশ কৰে । ইয়াৰ বাবেই জীৱনত বহুতো অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় । ইয়াৰ বাবে তুলসীৰ আশে-পাশে কাঁইট বা কাঁইট ৰোপণ নকৰিব (Where should Tulsi plant be kept in the house)।

লগতে পঢ়ক : Copper Bottle: চখ হিচাপে তামৰ বটল ক্ৰয় কৰিছে নেকি ? প্ৰথমে জানি লওক ইয়াৰ পানী খোৱাটো কিমান নিৰাপদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.