ETV Bharat / bharat

Copper Bottle: চখ হিচাপে তামৰ বটল ক্ৰয় কৰিছে নেকি ? প্ৰথমে জানি লওক ইয়াৰ পানী খোৱাটো কিমান নিৰাপদ

author img

By

Published : Apr 18, 2023, 1:12 PM IST

তামৰ পাত্ৰত পানী খোৱাৰ নিয়ম: আমাৰ শৰীৰক বিষমুক্ত(detoxifying) কৰাৰ বাবে তাম অন্যতম এক গুৰুত্বপূৰ্ণ ধাতু । এনে পৰিস্থিতিত গোটেই দিনটো তামৰ বটলৰ পৰা পানী খোৱাটো আমাৰ উচিত হয় নে নহয় জানো আহক -

Copper Bottle: Uses, Benefits, How To Store Water In Copper Vessels, Toxicity
চখ হিচাপে তামৰ বটল ক্ৰয় কৰিছে নেকি ? প্ৰথমে জানি লওক ইয়াৰ পানী খোৱাটো কিমান নিৰাপদ

তাম হৈছে এনে এক ধাতু যিয়ে আপোনাৰ শৰীৰক ৰক্তকণিকা (RBC’s) তৈয়াৰ কৰাত সহায় কৰে আৰু স্নায়ুকোষ আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সুস্থ কৰি ৰাখে (Copper bottle benefits)। ইয়াৰ উপৰিও কলাজেন, হাঁড় আৰু কলা গঠনত সহায় কৰে । ইয়াৰ উপৰিও তাম এবিধ এন্টিঅক্সিডেন্ট যিয়ে কোষ আৰু ডি এন এৰ ক্ষতিসাধন কৰা ফ্ৰী ৰেডিকেল হ্ৰাস কৰিব পাৰে । কেৱল এয়াই নহয়, তামে শৰীৰত আইৰণ শোষণ কৰাত সহায় কৰে (Can we drink water in copper bottle daily) । কিন্তু, প্ৰশ্নটো হ’ল দৈনিক তামৰ বটলত পানী খোৱাটো এইবোৰ উপকাৰৰ বাবে নেকি ?

আমি গোটেই দিনটো তামৰ বটলৰ পৰা পানী খাব পাৰোনে ?

নেচনেল ইনষ্টিটিউট অৱ হেল্থ অৱ ডায়েটাৰী চাপ্লিমেণ্টছৰ (National Institutes of Health of Dietary Supplements) তথ্য অনুসৰি তামৰ বটলত জমা কৰি ৰখা খোৱাপানী উপকাৰী ৷ কিন্তু সকলো সময়তে নহয় । কাৰণ ই শৰীৰত তামৰ বিষক্ৰিয়াৰ (copper toxicity) সৃষ্টি কৰিব পাৰে ৷ যাৰ ফলত শৰীৰৰ ক্ষতি হ’ব পাৰে (how much copper water to drink per day)। কেৱল এয়াই নহয়, এই বটলটো দৈনিক পানীৰে ভৰাই ৰাখিলে মামৰে (Rusting) ধৰিব পাৰে ৷ যাৰ ফলত সমস্যাটো আৰু বৃদ্ধি পাব পাৰে (Copper Bottle)।

দৈনিক তামৰ বটলৰ পৰা পানী খোৱাৰ পাৰ্শ্বক্ৰিয়া ?

এনেকুৱা হয় যে যেতিয়া আপুনি প্ৰতিদিনে তামৰ বটলত পানী খাবলৈ আৰম্ভ কৰে, তেতিয়া তাম তেজত মিহলি হ’বলৈ আৰম্ভ কৰে আৰু বৃক্ক আৰু যকৃতৰ ক্ষতি কৰে । তামৰ কণা বা স্ফটিক উশাহ ল’লে নাক আৰু ডিঙিত বিষ হ’ব পাৰে । ইয়াৰ বাবে আপুনি মূৰ ঘূৰোৱা আৰু মূৰৰ বিষৰ দৰে লক্ষণ অনুভৱ কৰিব পাৰে (can we drink copper water whole day) ।

তামৰ পাত্ৰত পানী খোৱাৰ নিয়ম

তামৰ বাচনত পানীৰ সৈতে জড়িত নিয়মৰ বিষয়ে জনাটো অতি প্ৰয়োজনীয় । প্ৰথমটোৰ বাবে তামৰ বটলত পানী ৬-৮ ঘণ্টা ৰাতি ৰাখিব আৰু ৰাতিপুৱা পানী খাব । ইয়াৰ বাহিৰেও এই বটলৰ পানী দিনটোত ২ৰ পৰা ৩ বাৰহে খাব লাগে । গোটেই দিনটো ইয়াৰ পানী নাখাব ৷ অন্যথা আপুনি ইয়াৰ লাভৰ সলনি লোকচানৰহে সন্মুখীন হ’ব পাৰে (can we store ro water in copper vessel)।

লগতে পঢ়ক : Green Tea: এই সময়ত আপুনিও গ্ৰীণ টী গ্ৰহণ কৰে নেকি ? তেন্তে তৎক্ষণাত সলনি কৰক এই অভ্যাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.