ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তা বিষয়াক ধমক উত্তৰাখণ্ড বিধানসভাৰ অধ্যক্ষ প্ৰেমচান্দ আগৰৱালৰ

author img

By

Published : Feb 14, 2022, 6:29 PM IST

uttarkhand-speaker-premchand-agarwal-fights-with-security-official-over-wearing-mask-later-says-was-interrupted

উত্তৰাখণ্ডত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি ৷ নিৰাপত্তা বিষয়াৰ সৈতে তৰ্কত লিপ্ত হ’ল উত্তৰাখণ্ড বিধানসভাৰ অধ্যক্ষ প্ৰেমচান্দ আগৰৱাল (Uttarkhand Speaker gets into argument with security official ) ৷

নেশ্বনেল ডেস্ক, 14 ফেব্ৰুৱাৰী : সোমবাৰে উত্তৰাখণ্ডত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন আৰম্ভ হোৱাৰ লগে লগে হৃষীকেশত এক বিশৃংখল ঘটনা সংঘটিত হয় ৷ উত্তৰাখণ্ড বিধানসভাৰ অধ্যক্ষ প্ৰেমচান্দ আগৰৱালে মাস্ক পৰিধান নকৰাৰ বাবে এজন নিৰাপত্তা বিষয়াৰ সৈতে তেওঁ তীব্ৰ তৰ্ক-বিতৰ্কত লিপ্ত হয় (Uttarakhand Speaker argument with security official in Rishikesh)। তথ্য অনুসৰি, আগৰৱালে তেওঁৰ সমৰ্থকসকলৰ সৈতে ঋষিকেশৰ নাভা হাউচ মায়াকুণ্ড বিধানসভা সমষ্টিৰ সংশ্লিষ্ট বুথটো পৰিদৰ্শনৰ বাবে গৈছিল।

পৰিদৰ্শনৰ সময়ত নিৰাপত্তা বিষয়াই অধ্যক্ষক মাস্ক পিন্ধিবলৈ কৈছিল ৷ ইয়াৰ পিছত আগৰৱালে কৈছিল যে তেওঁ মাস্ক নিপিন্ধে, তাৰ সলনি বিষয়াজনে নিজকে সুৰক্ষিত কৰক । দুয়োজনৰ মাজত তৰ্ক অধিক বৃদ্ধি হোৱাৰ (Uttarkhand Speaker gets into argument with security official ) লগে লগে স্থানীয় আৰক্ষী থানাক আন নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতিৰ বিষয়ে অৱগত কৰে ৷

কিন্তু আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ আগেয়ে আগৰৱালে বুথএৰি যায়। আনহাতে, ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি অধ্যক্ষগৰাকীয়ে দৃঢ়তাৰে কয় যে, তেওঁ ই ভি এম মেচিনত লাইট নপৰাৰ বিষয়টোহে অৱগত কৰিছিল, তাতেই বিষয়াগৰাকীয়ে তেওঁক বাধা প্ৰদান কৰে ।

আগৰৱালে কয়, " যদি ইভিএম মেচিনত লাইট নাথাকে, অৱশ্যেই প্ৰাৰ্থী হিচাপে মই বিষয়টো গ্ৰহণ কৰিম । এজন ভোটাৰে বাৰে বাৰে কৈ আছিল যে তেওঁলোকে একো দেখা পোৱা নাই । যেতিয়া মই বিষয়টো সম্পৰ্কে প্ৰিজাইডিং বিষয়াৰ সৈতে কথা পাতি আছিলো, নিৰাপত্তা বিষয়াজন আগবাঢ়ি আহিছিল আৰু মোক বাধা দিছিল । মই তেওঁক কৈছিলো যে, তেওঁ নিৰাপত্তাৰ দিশটোৰ ওপৰত গুৰুত্ব দিব লাগে, তাৰ সলনি প্ৰিজাইডিং বিষয়াক নিৰ্দেশ দিব নালাগে " ।

লগতে পঢ়ক : Majuli by election 2022: নিৰ্বাচন বৰ্জনৰ যোৱাৰ উঠিছে সত্ৰ নগৰী মাজুলীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.