How To Use Garlic Peel: এইবাৰৰ পৰা নহৰুৰ বাকলি ডাষ্টবিনত পেলাই দিয়াৰ পূৰ্বে জানি লওক ইয়াৰ লাভালাভসমূহ

author img

By

Published : Apr 21, 2023, 8:45 PM IST

Updated : Apr 21, 2023, 9:17 PM IST

Uses and Benefits Of Garlic Peels

নহৰুৰ প্ৰভাৱ গৰম আৰু ইয়াত এন্টি ফাংগেল আৰু এন্টি বেক্টেৰিয়াল গুণ পোৱা যায়, যাৰ বাবে শৰীৰৰ বাবে বহু উপকাৰিতা সাধন হয়, কিন্তু আপুনি জানেনে যে নহৰুৰ বাকলিও ব্যৱহাৰৰ উপযোগী কৰিব পাৰি । যদি নাজানে তেন্তে এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

আমাৰ পাকঘৰৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈছে নহৰু, বহু ৰেচিপি ইয়াৰ অবিহনে সোৱাদযুক্ত নহয় (How To Use Garlic Peel) । নহৰু ব্যৱহাৰ কৰিবলৈ আমি নিশ্চিতভাৱে ইয়াৰ বাকলি গুচাই দিও, কিন্তু ইয়াক পেলনীয়া বুলি বিবেচনা কৰি ডাষ্টবিনত পেলাই দিওঁ ৷ কিন্তু এই নহৰুৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে আপুনি জানিলে হয়তো কেতিয়াও ইয়াক পেলাই দিয়াৰ কথা নাভাৱে (Skin Care)। ই আপোনাৰ শৰীৰৰ বাবে বহু দিশত উপকাৰী হ’ব পাৰে, যাৰ বিষয়ে আপুনি জানিব লাগিব (Garlic Peel Health Benefits)। ইয়াক কি কি ধৰণেৰে ব্যৱহাৰ কৰিব পাৰি জানো আহক (Benefits Of Garlic Peel)

নহৰুৰ বাকলিৰ উপকাৰিতা

  • নহৰুৰ বাকলি এন্টি ভাইৰেল, এন্টি ফাংগেল আৰু এন্টি বেক্টেৰিয়াল গুণেৰে সমৃদ্ধ (Uses and Benefits Of Garlic Peels)। নহৰুৰ বাকলিবোৰ শাক-পাচলি আৰু চূপত মিহলাই ৰান্ধিব পাৰি, যাৰ ফলত খাদ্যৰ পুষ্টিগুণ বৃদ্ধি পায় (Asthma)।
  • যিহেতু নহৰুৰ বাকলিত ভেঁকুৰ প্ৰতিৰোধী গুণ থাকে, সেয়েহে ই আমাৰ ছালৰ বাবে অতি উপকাৰী হৈ পৰে, গতিকে ই খজুৱতিৰ সমস্যা দূৰ কৰাত সহায় কৰে । ইয়াৰ বাবে নহৰু আৰু ইয়াৰ বাকলিৰ পানী আক্ৰান্ত ঠাইত লগাব লাগে । ইয়াৰ উপৰিও পিম্পলৰ পৰাও মুক্তি পোৱা যায় (Garlic Peel Health Benefits)।
  • চুলিৰ বাবেও নহৰুৰ বাকলি অতি উপকাৰী বুলি গণ্য কৰা হয় । যদি আপোনাৰ মূৰত উফিৰ সমস্যা হয়, তেন্তে চুলিত পানী বা নহৰুৰ বাকলিৰ পেষ্ট লগালে উফি আৰু ওকনিৰ সমস্যা নোহোৱা হয় । ইচ্ছা কৰিলে নহৰুৰ বাকলি পানী উতলাই চুলিত লগাব পাৰে (Garlic)।
  • যদি হাঁপানীৰ সমস্যা আছে তেন্তে প্ৰথমে নহৰুৰ বাকলিখিনি ভালদৰে পিহি তাৰ পিচত মৌৰ লগত মিহলাই ৰাতিপুৱা আৰু গধূলি খাব লাগে । ইয়াৰ ফলত ৰোগৰ পৰা সকাহ পাব (How To Use Garlic Peel)।
  • নহৰুৰ বাকলি খালে ভৰিৰ ফুলাও কমি যায় । ইয়াৰ বাবে নহৰুৰ বাকলি পানীত উতলাই তাত ভৰি ডুবাই দিব । ইয়াৰ দ্বাৰা অতি সোনকালে সকাহ পাব (Garlic Peel)।

লগতে পঢ়ক: Health benefits of Garlic: ঔষধি গুণাগুণেৰে পৰিপূৰ্ণ নহৰু, নিতৌ দুফুটাকৈ খাওক নহৰু

Last Updated :Apr 21, 2023, 9:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.