ETV Bharat / sukhibhava

Health benefits of Garlic: ঔষধি গুণাগুণেৰে পৰিপূৰ্ণ নহৰু, নিতৌ দুফুটাকৈ খাওক নহৰু

author img

By

Published : Nov 17, 2022, 6:58 PM IST

Some health benefits of Garlic
ঔষধি গুণাগুণেৰে পৰিপূৰ্ণ নহৰু, নিতৌ দুফুটাকৈ খাওক নহৰু

নহৰু হৈছে আমাৰ স্বাস্থ্যৰ পক্ষে বহু প্ৰভাৱশালী খাদ্যপদাৰ্থ । হয়,খাদ্যসামগ্ৰীৰ সোৱাদ বৃদ্ধি কৰাৰ উপৰিও নহৰুৱে আমাৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যা দূৰ কৰিব পাৰে । জানো আহক অন্য গুণাগুণসমূহ...

নহৰু এবিধ শ্বেত বৰ্ণৰ কাণ্ড আৰু পাচলিজাতীয় শস্য । ভাৰতবৰ্ষৰ প্ৰায় সকলো লোকে ইয়াক মছলা হিচাপে ব্যৱহাৰ কৰা দেখা যায় । নহৰু সাধাৰণতে উষ্ণ আৰু কিছু উৎকট প্ৰকৃতিৰ গোন্ধযুক্ত হয় । যদিও আপুনি নহৰুৰ গোন্ধ ভাল নাপায়, তথাপি নহৰু হৈছে আমাৰ স্বাস্থ্যৰ পক্ষে বহু প্ৰভাৱশালী খাদ্যপদাৰ্থ । হয়,খাদ্যসামগ্ৰীৰ সোৱাদ বৃদ্ধি কৰাৰ উপৰিও নহৰুৱে আমাৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যা দূৰ কৰিব পাৰে(Some health benefits of Garlic) ।

অৱশ্যে নহৰু বতৰ অনুসৰি কম বেছি পৰিমাণে প্ৰয়োগ কৰা উচিত । শীতকালত নহৰু অধিক মাত্ৰাত ব্যৱহাৰ কৰিব পাৰি । কিন্তু গ্ৰীষ্মকালত ইয়াৰ পৰিমাণ সীমিত কৰক । জানো আহকচোন নহৰুৰ কেইটামান স্বাস্থ্যবৰ্ধক গুণাগুণৰ বিষয়ে...

(১) নহৰুৰ ৰস সেৱন কৰিলে ই আমাৰ শৰীৰৰ সকলো দূষিত পদাৰ্থ নোম ছিদ্ৰৰ দ্বাৰা বাহিৰলৈ উলিয়াই আনে ।

(২) নহৰুত ছালফাইড পোৱা যায়,যি আমাৰ শৰীৰত এল ডি এল কলেষ্টৰলৰ মাত্ৰা কম কৰি হাৰ্ট এটেক আৰু ব্লকেজ প্ৰতিৰোধ কৰিব পাৰে ।

(৩) মধুমেহ ৰোগীসকলে সদায় নহৰু খোৱা উচিত(Health benefits of Garlic) । তেজত ইনচুলিনৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ দ্বাৰা স্বাস্থ্য ভালে থাকে ।

(৪) নহৰুত থকা এলিচিনে শৰীৰত সৃষ্টি হোৱা সংক্ৰমণৰ সৈতে যুঁজিব পাৰে । ই এক প্ৰকাৰৰ এণ্টি ফাংগল,যি শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰি এণ্টিবডিৰ সৃষ্টি কৰে ।

(৫) নহৰুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও শৰীৰৰ তেজ চলাচল প্ৰক্ৰিয়া সুগম কৰি তোলে । ই ছালৰ বিকাৰসমূহৰ ক্ষেত্ৰতো উপযোগী ।

(৬) জ্বৰ,পানী লগা বা চৰ্দি হ'লে মিঠাতেল জুইত গৰম কৰি তাত কেইটামান নহৰুৰ কলি মিহলাই নাক আৰু শৰীৰৰ অন্য স্থানত লগালে আৰাম পোৱা যায় ।

(৭) যদি কাণত বিষ হয়,তেন্তে নহৰুৰ তেলৰ কেইটামান গৰম টোপাল কাণত দিলে বিষ নোহোৱা হয় । নহৰু হৈছে এক প্ৰকাৰৰ এণ্টি অক্সিডেণ্ট,যি কাণৰ বেক্টেৰিয়াসমূহ নাশ কৰি তাত যিমান মলি আছে, সকলো বাহিৰলৈ উলিয়াই আনে ।

(৮) শৰীৰৰ পাচনতন্ত্ৰ অধিক শক্তিশালী কৰিবলৈ প্ৰতিদিনে আহাৰ খোৱাৰ পাছত কেইটামান নহৰুৰ কলি খোৱা উচিত । মাংসহাৰী বা শৰ্কৰা জাতীয় ভোজন যেতিয়া গ্ৰহণ কৰা হয়,তেতিয়া ইয়াৰ প্ৰভাৱ লক্ষ্য কৰিব পাৰি ।

লগতে পঢ়ক: Yoga for lungs: যোগ-ব্যায়ামৰ জৰিয়তে সুস্থ-সবল কৰি ৰাখক হাঁওফাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.