ETV Bharat / bharat

Trekkers successfully rescued: অৱশেষত উদ্ধাৰ হিমালয়ত আবদ্ধ দুই পৰ্বতাৰোহী

author img

By

Published : Oct 11, 2022, 2:01 PM IST

হিমালয়ত আবদ্ধ হৈ থকা দুয়োগৰাকী ট্ৰেকাৰক আজি সফলতাৰে উদ্ধাৰ কৰা হয় (Trekkers stuck at Bara Bhangal brought to Manali in Himachal)। বেলজিয়ামৰ পৰা অহা এগৰাকী আৰু আন এগৰাকী চেন্নাইৰ পৰ্বতাৰোহী বিগত 7 দিন ধৰি আৱদ্ধ হৈ আছিল হিমালয়ৰ ৪৮০০ মিটাৰ উচ্চ শিখৰত ৷

Two trekkers stuck at Bara Bhangal brought to Manali in Himachal
হিমালয়ত আবদ্ধ হৈ থকা দুয়োগৰাকী পৰ্বতাৰোহীক সফলভাৱে উদ্ধাৰ

নেশ্যনেল ডেস্ক, 11 অক্টোবৰ: বেলজিয়ামৰ পৰা অহা এগৰাকী আৰু আন এগৰাকী চেন্নাইৰ পৰ্বতাৰোহী বিগত 7 দিন ধৰি আৱদ্ধ হৈ আছিল হিমালয়ৰ ৪৮০০ মিটাৰ উচ্চ শিখৰত (Belgian trekkers trapped in Himachals snow) ৷ পৰ্বতাৰোহী দুগৰাকীৰ নাম হৈছে পিটাৰ ভেন গেইট (৫২) আৰু স্নেহা (২২) ৷

এই দুগৰাকী পৰ্বতাৰোহী বিগত 7 দিন ধৰি বৰফেৰে আৱৰি থকা বাৰা ভাংঘল উপত্যকাত আবদ্ধ হৈ আছিল (2 Belgian trekkers stranded in Bara Bhangal)। তীৰ্থন কুল্লুস্থিত ট্ৰেকিং গ্ৰুপ ছানশ্বাইন এডভেঞ্চাৰলৈ প্ৰেৰণ কৰা এক বাৰ্তাত পোহৰলৈ আহিছিল এই তথ্য ৷ সেই বাৰ্তাত তেওঁলোকক উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছিল পৰ্বতাৰোহী পিটাৰ ভেনে ।

সেই বাৰ্তাযোগে পিটাৰ ভেন গেইটে কয়, "মই আৰু মোৰ বন্ধু স্নেহা যোৱা ৫ অক্টোবৰত চাংচাৰৰ পৰা বৰা ভাংহাললৈ হাইকিং কৰি কালিহেনি পাৰ হৈছিলো । বৰ্তমান আমি দেৱী কি মাৰহী দ্বিতীয় শ্বেফাৰ্ড শিলত আশ্ৰয় লৈ আছো ৷ চাৰিওফালে কেৱল বৰফ ৷ সেয়েহে আমি সাগৰ পৃষ্ঠৰ পৰা ১৪,০০০ ফুট উচ্চতাত অৱস্থিত ভূখণ্ডৰ পৰা ওলাই আহিব পৰা নাই । আমাৰ স্থান: ৩২.২২৩৯৬ উত্তৰ, ৭৬.৯৯২৭৬ পূব, সেউজীয়া তম্বু আৱৰণেৰে আবৃত কালিহেনী নালা নৈৰ কাষত”।

পিটাৰ ভেন গেইটে লগতে কয় যে তেওঁলোকৰ খাদ্যৰ যোগান শেষ হৈছে আৰু স্নেহাই চকুৰে একো দেখা নাই আৰু খোজ কাঢ়িবও পৰা নাই । সেয়েহে তেওঁলোকক সোনকালে উদ্ধাৰ কৰিবলৈ অনুৰোধ জনায় ৷

উল্লেখ্য যে, হিমালয়ত আবদ্ধ হৈ থকা দুয়োগৰাকী পৰ্বতাৰোহীক আজি সফলতাৰে উদ্ধাৰ কৰা হয় (Trekkers stuck at Bara Bhangal brought to Manali in Himachal)। অতিমাত্ৰা তুষাৰপাতত অন্ধ হৈ পৰা পৰ্বতাৰোহী স্নেহাক ষ্ট্ৰেচাৰত লৈ অনা হয় মানালীলৈ । আনহাতে পৰ্বতাৰোহীৰ উদ্ধাৰ অভিযানৰ তদাৰক কৰি আছিল এছ ডি এম মনালীয়ে । যোৱা সাতদিন ধৰি দেৱী কি মাৰহী নামৰ ঠাইত আবদ্ধ হৈ আছিল দুয়ো । আৱদ্ধ দুঃসাহসিক পৰ্বতাৰোহীগৰাকী হিমালয়ৰ উখ অঞ্চলৰ মনোমোহা স্থান চাবলৈ গৈছিল ।

ইতিমধ্যেই পৰ্বতাৰোহী দুগৰাকীক চিকিৎসাৰ বাবে কুল্লুৰ পৰা চণ্ডীগড়লৈ বিমানযোগে প্ৰেৰণ কৰা হয় ৷ এডভেঞ্চাৰ ট্যুৰ অপাৰেটৰছ এছ’চিয়েশ্যনৰ অন্তৰ্গত কুল্লু এণ্ড মানালি আৰু অটল বিহাৰী বাজপেয়ী মাউণ্টেইনিং ইনষ্টিটিউটৰ যৌথ দলে আবদ্ধ হৈ থকা ট্ৰেকাৰসকলক উদ্ধাৰ কৰিছিল ।

উদ্ধাৰ অভিযানৰ তদাৰক কৰি থকা মানালীৰ এছ ডি এম সুৰেন্দ্ৰ ঠাকুৰে কয়, "দুয়োগৰাকী পৰ্বতাৰোহীক উদ্ধাৰ কৰাত যৌথ দলটো সফল হৈছে । শনিবাৰে বিয়লি এডভেঞ্চাৰ ট্যুৰ অপাৰেটৰ এছ'চিয়েশ্যনৰ অন্তৰ্গত কুল্লু আৰু মানালীৰ উদ্ধাৰকাৰী দলটো শনিবাৰে আবেলি ঘটনাস্থলীলৈ ৰাওনা হৈছিল, আনহাতে মানালীৰ অটল বিহাৰী বাজপেয়ী মাউন্টেনিয়াৰিং ইনষ্টিটিউটৰ দলটো দেওবাৰে পুৱা ঘটনাস্থলীলৈ ৰাওনা হৈছিল।"

লগতে পঢ়ক: Kedarnath Ransi trek: কেদাৰনাথ দৰ্শনৰ বাবে যোৱা দৰ্শনাৰ্থীৰ মৃতদেহ উদ্ধাৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.