ETV Bharat / bharat

দিল্লীৰ ইজৰাইল দূতাবাসৰ তথাকথিত বিস্ফোৰণৰ ঘটনা; তদন্তৰ দায়িত্বত এনআইএ

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 1:58 PM IST

NIA to probe israel embassy case
দিল্লীৰ ইজৰাইল দূতাবাসৰ তথাকথিত বিস্ফোৰণৰ ঘটনা; তদন্তৰ দায়িত্বত এনআইএ

Israel Embassy security : ইজৰাইল দূতাবাসৰ ওচৰত তথাকথিত বিস্ফোৰণৰ সন্দৰ্ভত দুজন ব্যক্তিক সন্দেহ কৰা হৈছে । মঙলবাৰে সন্ধিয়া ঘটনাস্থলীৰ ওচৰত এই দুজন সন্দেহজনক লোকৰ গতিবিধি ধৰা পৰিছে । আৰক্ষীয়ে দুয়োকে চিনাক্ত কৰিবলৈ আৰু বিচাৰি উলিয়াবলৈ অঞ্চলটোত স্থাপন কৰা চিচিটিভি কেমেৰাবোৰ স্কেন কৰি আছে । বিষয়টোৰ তদন্তত নামি পৰিছে এনআইএ ।

নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : ২৬ ডিচেম্বৰৰ সন্ধিয়া দিল্লীৰ ইজৰাইল দূতাবাসৰ ওচৰত সংঘটিত তথাকথিত বিস্ফোৰণৰ সন্দৰ্ভত দিল্লী আৰক্ষীৰ তদন্তত দুজন সন্দেহযুক্ত লোকৰ কথা প্ৰকাশ পাইছে । এই লোক দুজনে ঘটনাস্থলীৰ চাৰিওফালে ঘূৰি ফুৰা দেখা গৈছে । সূত্ৰ অনুযায়ী চিচিটিভি কেমেৰা স্কেন কৰোঁতে এই দুজন সন্দেহজনক লোকক চিনাক্ত কৰা হয় ।

মঙলবাৰে সন্ধিয়া ঘটনাস্থলীৰ ওচৰত লোক দুজনক ঘূৰি ফুৰা দেখা গৈছে । আৰক্ষীয়ে দুয়োকে চিনাক্ত কৰিবলৈ আৰু বিচাৰি উলিয়াবলৈ অঞ্চলটোত স্থাপন কৰা কেমেৰাবোৰ স্কেন কৰি আছে । ইফালে আৰক্ষীয়ে পাহাৰগঞ্জৰ চাবাদ হাউছৰ চাৰিওফালে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিছে । উল্লেখ্য যে এই অঞ্চলটোত বৃহৎ সংখ্যক ইজৰাইলী বাস কৰে ।

মঙলবাৰে চাণক্যপুৰীৰ ইজৰাইল দূতাবাসৰ ওচৰত বোমা বিস্ফোৰণ ঘটা বুলি এক জৰুৰীকালীন ফোনকল পোৱাৰ পিছত দিল্লীৰ নিৰাপত্তা সংস্থাসমূহ হতচকিত হৈ পৰে । ইয়াৰ পিছত এক বিস্তৃত অনুসন্ধান অভিযানৰ পিছত সূত্ৰবোৰে সাম্ভাব্য প্ৰমাণ উপলব্ধ হোৱাটো নিশ্চিত কৰে । ইয়াৰ ভিতৰত আছে ভাৰতত ইজৰাইলী ৰাষ্ট্ৰদূতক সম্বোধন কৰা এখন টাইপ কৰা পত্ৰ । অৱশ্যে পত্ৰখনৰ বিষয়বস্তুৰ বিষয়ে সোধাত সংশ্লিষ্ট বিষয়াসকলে এই বিষয়ে তথ্যদিয়াৰ পৰা বিৰত থাকে ।

আনহাতে, বিস্ফোৰণৰ তদন্ত কৰিবলৈ দিল্লী আৰক্ষীৰ বিশেষ কোষে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা নমুনা পৰীক্ষাৰ বাবে এফএছএললৈ প্ৰেৰণ কৰিছে । ইয়াৰ উপৰি এনআইএয়ে সকলো দিশ অনুসন্ধান কৰি আছে ।

উল্লেখ্য যে ইজৰাইল আৰু হামাছৰ মাজত সংঘটিত শেহতীয়া যুদ্ধত প্ৰায় ২১,০০০ লোক নিহত হৈছে আৰু প্ৰায় ৫৫,০০০ লোক আহত হৈছে । ৭ অক্টোবৰত সন্ত্ৰাসবাদী দলটোৱে ইজৰাইলত আক্ৰমণ কৰাৰ পিছত এই যুদ্ধ আৰম্ভ হয় । ইয়াৰ পিছতে ইজৰাইলে হামাছক ধ্বংস কৰাৰ প্ৰতিশ্ৰুতিৰে যুদ্ধত নামি পৰে ।

লগতে পঢ়ক :শ্ৰীনগৰৰ ঘাইপথত IED নিষ্ক্ৰিয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.