ETV Bharat / bharat

পঞ্জাৱৰ মুখ্যমন্ত্ৰী পত্নীৰ টুইটাৰ একাউণ্ট সাময়িকভাৱে বন্ধ কৰিলে টুইটাৰ কৰ্তৃপক্ষই

author img

By

Published : Jul 8, 2022, 10:31 PM IST

Updated : Jul 8, 2022, 10:44 PM IST

Twitter account of Punjab CM's wife Gurpreet Kaur suspended
Twitter account of Punjab CM's wife Gurpreet Kaur suspended

সম্প্ৰদায়ৰ মানদণ্ড উলংঘন কৰাৰ অভিযোগত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পত্নী ডাঃ গুৰপ্ৰীট কৌৰৰ টুইটাৰ একাউণ্টটো সাময়িকভাৱে বন্ধ কৰে টুইটাৰ কৰ্তৃপক্ষই ৷ যোৱা বৃহস্পতিবাৰে গুৰপ্ৰীটে বিবাহৰ দিন আহি আছে বুলি এখন ফটো আপলোড দিয়াৰ পিছতে একাউণ্টটো সাময়িকভাৱে বন্ধ কৰে (Twitter account of Punjab CM wife Gurpreet Kaur)৷

নেশ্যনেল ডেস্ক, 7 জুলাই : বিয়াৰ এদিন পিছতেই পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ডাঃ গুৰপ্ৰীট কৌৰৰ টুইটাৰ একাউণ্ট সাময়িকভাৱে বন্ধ কৰে টুইটাৰ কৰ্তৃপক্ষই (Twitter account of Punjab CM wife Gurpreet Kaur suspended) ৷ ডাঃ গুৰপ্ৰীট কৌৰে (৩০) টুইটাৰত নিজৰ এখন ফটো শ্বেয়াৰ কৰি কেপশ্যনত "দিন শগনা দা ছাদিয়া (বিবাহৰ দিন আহিছে)" লিখিছিল ৷ ইয়াৰ পিছতে সম্প্ৰদায়ৰ মানদণ্ড উলংঘন(Violation of community standards) কৰাৰ অভিযোগত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ পত্নী ডাঃ গুৰপ্ৰীট কৌৰৰ টুইটাৰ একাউণ্টটো সাময়িকভাৱে বন্ধ কৰে টুইটাৰ কৰ্তৃপক্ষই ৷

বহু অপেক্ষাৰ অন্তত বৃহস্পতিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ডাঃ গুৰপ্ৰীট কৌৰ (Punjab Chief Minister Bhagwant Mann wedding) ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভৱনতে সাধাৰণভাৱে আয়োজন কৰা হৈছিল এই বিয়াখন ৷

মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ পত্নী ডাঃ গুৰপ্ৰীট কৌৰ হাৰিয়ানাৰ পেহোৱাৰ বাসিন্দা ৷ ডাঃ গুৰপ্ৰীটৰ পিতৃ এজন গাঁও প্ৰধান ৷ তিনিগৰাকী ভগ্নীৰ ভিতৰত গুৰপ্ৰীট সৰু ৷ ডাঃ গুৰপ্ৰীটৰ এগৰাকী ভগ্নীৰ বিবাহ অষ্ট্ৰেলিয়ালৈ আৰু আনগৰাকী আমেৰিকালৈ হৈছে বুলি জানিব পৰা গৈছে ৷ গুৰপ্ৰীট কৌৰে আম্বালাৰ মেডিকেল কলেজত(Medical Colleges in Ambala) চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল ৷

গুৰপ্ৰীট কৌৰে ২০১৩ চনত আম্বালাৰ মুলানা মেডিকেল কলেজত(Mulana Medical College Ambala) নামভৰ্তি কৰিছিল আৰু ২০১৭ চনত মেডিকেলৰ অধ্যয়ন সম্পূৰ্ণ কৰিছিল ৷ 2019 চনতে মুখ্যমন্ত্ৰী ভগৱন্ত মানক পৰিয়ালৰ লোকৰ সৈতে লগ পাইছিল গুৰপ্ৰীট কৌৰে ৷ তেতিয়াৰ পৰাই আলোচনা চলিছিল বিয়াৰ ৷

টুইটাৰত যথেষ্ট সক্ৰিয় হৈ থাকে মুখ্যমন্ত্ৰীৰ পত্নীগৰাকী ৷ মুখ্যমন্ত্ৰী মানৰ বেছিভাগ টুইটেই ৰি-টুইট কৰে গুৰপ্ৰীটে ৷ মুখ্যমন্ত্ৰী ভগৱন্ত মানে দ্বিতীয়বাৰ বিবাপাশত আৱদ্ধ হয় গুৰপ্ৰীটৰ লগত (Second marriage of Chief Minister Bhagwant Mann) ৷ চাৰি বছৰ পূৰ্বে তেওঁৰ প্ৰথম পত্নী ইন্দ্ৰপ্ৰীট কৌৰৰ লগত বিবাহ বিচ্ছেদ হয় মুখ্যমন্ত্ৰী মানৰ ৷

মানৰ প্ৰথম পত্নী ইন্দৰপ্ৰীট কৌৰৰ এটি পুত্ৰ আৰু এগৰাকী কন্যা আছে । সম্প্ৰতি দুয়ো সন্তান মাক ইন্দৰপ্ৰীট কৌৰৰ সৈতে বিদেশত থাকে ৷ ভগৱন্তই যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল, তেতিয়া দুয়োজনেই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল পিতৃক সাক্ষাৎ কৰিবলৈ ৷ শপত গ্ৰহণ অনুষ্ঠানত তেওঁৰ কন্যা আৰু পুত্ৰক দেখি আপ্লুত হৈ পৰিছিল ভগৱন্ত মান ।

লগতে পঢ়ক :আজি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া

Last Updated :Jul 8, 2022, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.