ETV Bharat / bharat

আজি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া

author img

By

Published : Jul 7, 2022, 8:52 AM IST

Updated : Jul 7, 2022, 10:28 AM IST

আজি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া (Punjab Chief Minister Bhagwant Mann's wedding) ৷ কইনা ডাঃ গুৰপ্ৰীত কৌৰ ৷ ডাঃ গুৰপ্ৰীত কৌৰ হাৰিয়ানাৰ পেহোৱাৰ বাসিন্দা ৷

cm-bhagwant-manns-wedding-who-is-the-chief-ministers-wife-dr-gurpreet-kaur
আজি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া

নিউজ ডেস্ক, 7 জুলাই: পঞ্জাৱৰ ৰাইজৰ বাবে আজি আনন্দৰ দিন ৷ কিয়নো আজি অৰ্থাৎ বৃহস্পতিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া ৷ হয়, ঠিকেই শুনিছে ৷ ৪৮ বছৰীয়া মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ৩২ বছৰীয়া ডাঃ গুৰপ্ৰীত কৌৰৰ লগত বিয়া ৷ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভৱনতে সাধাৰণভাৱে হৈছে এই বিয়াখন ৷

মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ হ’বলগীয়া পত্নী ডাঃ গুৰপ্ৰীত কৌৰ হাৰিয়ানাৰ পেহোৱাৰ বাসিন্দা ৷ ডাঃ গুৰপ্ৰীতৰ পিতৃ এজন গাঁও প্ৰধান ৷ তিনিগৰাকী ভগ্নীৰ ভিতৰত গুৰপ্ৰীত সৰু ৷ ডাঃ গুৰপ্ৰীতৰ এগৰাকী ভগ্নীৰ বিবাহ অষ্ট্ৰেলিয়াত আৰু আনগৰাকী আমেৰিকাত হৈছে বুলি জানিব পৰা গৈছে ৷

আজি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিয়া

আনহাতে, গুৰপ্ৰীত কৌৰে আম্বালাৰ মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল (Gurpreet Kaur studied medicine at the Medical College, Ambala) ৷ গুৰপ্ৰীত কৌৰে ২০১৩ চনত আম্বালাৰ মুলানা মেডিকেল কলেজত(Mulana Medical College, Ambala) নামভৰ্তি কৰিছিল আৰু ২০১৭ চনত মেডিকেলৰ অধ্যয়ন সম্পূৰ্ণ কৰিছিল ৷ 2019 চনতে মুখ্যমন্ত্ৰী ভগৱন্ত মানক পৰিয়ালৰ লোকৰ সৈতে লগ পাইছিল গুৰপ্ৰীত কৌৰে ৷ তেতিয়াৰ পৰাই আলোচনা চলিছিল বিয়াৰ ৷

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ এয়া দ্বিতীয় বিবাহ (Second marriage of Chief Minister Bhagwant Mann) । চাৰি বছৰ পূৰ্বে তেওঁৰ প্ৰথমা পত্নী ইন্দৰপ্ৰীত কৌৰৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল । মানৰ প্ৰথম পত্নী ইন্দৰপ্ৰীত কৌৰ আৰু গুৰপ্ৰীত কৌৰৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে । সম্প্ৰতি দুয়ো মাক ইন্দৰপ্ৰীত কৌৰৰ সৈতে বিদেশত থাকে ৷

ভগৱন্তই যেতিয়া মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল, তেতিয়া দুয়োজনেই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল পিতৃক সাক্ষাৎ কৰিবলৈ ৷ শপত গ্ৰহণ অনুষ্ঠানত তেওঁৰ কন্যা আৰু পুত্ৰক দেখি আপ্লুত হৈ পৰিছিল ভগৱন্ত মান ।

লগতে পঢ়ক: এয়াৰ এম্বুলেঞ্চেৰে দিল্লীলৈ স্থানান্তৰ অসুস্থ লালু প্ৰসাদ যাদৱক

Last Updated :Jul 7, 2022, 10:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.