ETV Bharat / bharat

Mushroom villages in Tripura : ত্ৰিপুৰাত স্থাপন হ'ব কাঠফুলা গাঁও

author img

By

Published : Sep 9, 2022, 9:30 PM IST

ত্ৰিপুৰাৰ পশ্চিম জিলাৰ ৪ টা কৃষি বিভাগত চলিত বিত্তীয় বৰ্ষত কাঠফুলা গাঁও স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে (Tripura to set up mushroom villages)। হেজামাৰা কৃষি উপ-বিভাগৰ ১,৭০০ পৰিয়াল আৰু ডুকলি কৃষি উপ-বিভাগৰ ৫০০ পৰিয়ালক ইতিমধ্যে এই ক্ষেত্ৰত সহায় আগবঢ়োৱা হৈছে । এই কাৰ্যসূচী ৰূপায়ণৰ বাবে ২ লাখ ২০ হাজাৰ টকা ব্যয় কৰা হ'ব ।

Mushroom villages in Tripura
Mushroom villages in Tripura

আগৰতলা,৯ ছেপ্টেম্বৰ: ত্ৰিপুৰাত স্থাপন হ'ব কাঠফুলা গাঁও (Tripura to set up mushroom villages )। কাঠফুলাৰ খেতিৰ বিকাশৰ বাবে ৰাজ্য চৰকাৰে লৈছে এই সিদ্ধান্ত । ত্ৰিপুৰাৰ পশ্চিম জিলাৰ ৪ টা কৃষি বিভাগত চলিত বিত্তীয় বৰ্ষত কাঠফুলা গাঁও স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

কৃষি বিভাগৰ এই সূত্ৰই এই কথা প্ৰকাশ কৰিছে । এই কাৰ্যসূচীত, কাঠফুলাৰ খেতিৰ বাবে ১১,০০০ টা পৰিয়ালক সমৰ্থন কৰা হ'ব আৰু জিলাখনত কাঠফুলা গাঁও স্থাপন কৰা হ'ব । "জিৰানিয়া কৃষি উপ-বিভাগৰ ৩,৫০০ টা, দুকলি কৃষি উপ-বিভাগত ২,৫০০, মোহনপুৰ কৃষি উপ-বিভাগত ৩,৩০০ আৰু হেজামাৰা কৃষি উপ-বিভাগৰ ১,৭০০ টা পৰিয়ালক কাঠফুলাৰ খেতিৰ বাবে সহযোগিতা আগবঢ়োৱা হ'ব (Mushroom farming in tripura)।

সূত্ৰটোৱে জনোৱা মতে কাঠফুলা গাঁৱৰ এই পৰিয়ালবোৰক উন্নত প্ৰজাতিৰ কাঠফুলাৰ বীজ দিয়া হ'ব । হেজামাৰা কৃষি উপ-বিভাগৰ ১,৭০০ পৰিয়াল আৰু ডুকলি কৃষি উপ-বিভাগৰ ৫০০ পৰিয়ালক ইতিমধ্যে এই ক্ষেত্ৰত সহায় আগবঢ়োৱা হৈছে । এই কাৰ্যসূচী ৰূপায়ণৰ বাবে ২ লাখ ২০ হাজাৰ টকা ব্যয় কৰা হ'ব ।

লগতে পঢ়ক :জম্মু কাশ্মীৰৰ ৰাজৌৰী চহৰত সান্ধ্য আইন জাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.