ETV Bharat / bharat

সামাজিক মাধ্যমত উৰা বাতৰি বিয়পোৱা ব্যক্তিৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ গোচৰ

author img

By

Published : Nov 3, 2021, 4:56 PM IST

সামাজিক মাধ্যমত উৰা বাতৰি বিয়পোৱা আৰু প্ৰৰোচনামূলক মন্তব্য কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ হৈছে ত্ৰিপুৰা আৰক্ষী । সামাজিক মাধ্যমত প্ৰৰোচনামূলক পোষ্ট দিয়া ৭১ গৰাকী ব্যক্তিৰ বিৰুদ্ধে ৫ টা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে । লগতে সকলোকে শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈও আহ্বান জনাইছে আৰক্ষীয়ে ।

Tripura Police
সামাজিক মাধ্যমত উৰা বাতৰি বিয়পোৱা ব্যক্তিৰ বিৰুদ্ধে ত্ৰিপুৰা আৰক্ষীৰ গোচৰ

আগৰতলা, ৩ নৱেম্বৰ : দুৰ্গা পূজাৰ সময়ত বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ পাছতে ভাৰতৰ বিভিন্ন স্থানত উত্তেজনা অব্যাহত আছে । ঠায়ে ঠায়ে বিভিন্ন সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । ইফালে এই ঘটনাৰ পাছতে ত্ৰিপুৰাত এক অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে । বিশ্ব হিন্দু পৰিষদে বিভিন্ন স্থানত প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ইয়াৰ মাজতে একাংশ লোকে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ আপত্তিজনক আৰু প্ৰৰোচনামূলক পোষ্ট দিয়াও দেখা গৈছে । যাৰ বাবে সষ্টম হৈছে ত্ৰিপুৰা আৰক্ষী । শেহতীয়াকৈ বিশ্ব হিন্দু পৰিষদৰ এক সমদলৰ পাছত উত্তৰ ত্ৰিপুৰাৰ পানীসাগৰ মহকুমাত সংঘটিত হিংসাত্মক ঘটনাৰ পিছত সামাজিক মাধ্যমত প্ৰৰোচনামূলক পোষ্ট আৰু উৰাবাতৰি প্ৰচাৰ আৰম্ভ হৈছে ৷ কিন্তু এনে পোষ্ট বা উৰাবাতৰি বিয়পোৱা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে ।

ত্ৰিপুৰা আৰক্ষীয়ে জনোৱা মতে সামাজিক মাধ্যমত প্ৰৰোচনামূলক পোষ্ট দিয়া ৭১ গৰাকী ব্যক্তিৰ বিৰুদ্ধে ৫ টা অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে । লগতে সকলো শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈও আহ্বান জনাইছে আৰক্ষীয়ে ।

ত্ৰিপুৰাৰ উদয়পুৰৰ কাক্ৰাবানৰ এটা মছজিদ সম্পৰ্কে তথ্য প্ৰদান কৰি ত্ৰিপুৰা আৰক্ষীয়ে কয় যে, গোমতী জিলাৰ কাক্ৰাবান অঞ্চলৰ মছজিদ ক্ষতিগ্ৰস্ত আৰু ধ্বংস কৰা হৈছে বুলি এক ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে । এই তথ্য সম্পূৰ্ণ মিছা । কাক্ৰাবানৰ দৰগাবজাৰ অঞ্চলৰ মছজিদটো সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ আছে আৰু গোমতী আৰক্ষীয়ে শান্তি বজাই ৰখাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । ভুৱা ছবি অথবা উৰাবাতৰি প্ৰচাৰত লিপ্ত নহ'বলৈও ৰাইজক অনুৰোধ জনাই আৰক্ষীয়ে ।

ত্ৰিপুৰা আৰক্ষীয়ে সকলোকে প্ৰৰোচনামূলক পোষ্ট লাইক, শ্বেয়াৰ বা ৰিটুইট নকৰিবলৈও অনুৰোধ জনাইছে ৷ কিয়নো ই উৰাবাতৰি প্ৰচাৰৰ সমানেই অপৰাধমূলক । ৰাজ্যখনত আইন-শৃংখলা সম্পূৰ্ণ স্বাভাৱিক বুলিও কয় আৰক্ষীয়ে । ইফালে ঘটনাটোৰ এদিন পিছতে অৰ্থাৎ ২৭ অক্টোবৰত ত্ৰিপুৰা আৰক্ষীয়ে জনাইছিল যে ভুৱা আইডি (ID) ব্যৱহাৰ কৰি কিছুমান ব্যক্তিয়ে ত্ৰিপুৰাত ভুৱা বাতৰি (Fake news) বা উৰাবাতৰি প্ৰচাৰ কৰি আছে ।

আৰক্ষীয়ে জনোৱা মতে উত্তৰ ত্ৰিপুৰাৰ পানীসাগৰত প্ৰতিবাদী সমদলৰ সময়ত কোনো মছজিদ জ্বলোৱা হোৱা নাছিল আৰু জ্বলি থকা বা ক্ষতিগ্ৰস্ত মছজিদ বা লাঠি সংগ্ৰহ আদিৰ ছবিবোৰ ভুৱা আৰু এইবোৰ ত্ৰিপুৰাৰ নহয় । আৰক্ষীৰ সন্দেহ সেইবোৰ আন দেশৰ হ'ব পাৰে । সেয়ে সমাজৰ সকলো লোককে এনে ভুৱা আইডি ব্যৱহাৰকাৰীক সমৰ্থন নকৰিবলৈ আৰু এনে ভুৱা ছবি বিয়পোৱাৰ পৰা বিৰত থাকিবলৈ আৰক্ষীয়ে অনুৰোধ জনাইছে ।

এনে ভুৱা বাতৰি প্ৰচাৰ কৰা আৰু সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য কৰা সকলোৰে বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে কয় । আৰক্ষীয়ে সন্দেহ কৰা মতে কিছুমান নিহিত স্বাৰ্থই ত্ৰিপুৰাৰ শান্তিপূৰ্ণ সাম্প্ৰদায়িক পৰিস্থিতিত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰি আছে ।

লগতে পঢ়ক :অসম, বিহাৰ, ৰাজস্থানত ব্যৱহাৰ কৰা হয় সৰ্বাধিক দূষিত ভূগৰ্ভস্থ পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.