ETV Bharat / bharat

Manipur violence: মণিপুৰত মন্ত্ৰীসকলৰে নিজৰেই সুৰক্ষা নাই, সাধাৰণত জনতাক কি সুৰক্ষা দিব !- মানিক সৰকাৰ

author img

By

Published : Jun 21, 2023, 8:43 PM IST

Tripura Ex Chief Minister Manik Sarkar reacts on Manipur Violence
Manipur violence: মণিপুৰত মন্ত্ৰীসকলৰে নিজৰ সুৰক্ষা নাই, সাধাৰণত জনতাক কি সুৰক্ষা দিব !- মানিক সৰকাৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত বিজেপিৰ চৰকাৰখনে শাসনত থকাৰ কোনো নৈতিক অধিকাৰ নাই ৷ মণিপুৰত কেন্দ্ৰীয় চৰকাৰৰ এজন মন্ত্ৰীৰ ঘৰ জ্বলাই দিয়াৰ পিচতো কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ নিমাত কিয় ?- মণিপুৰ চৰকাৰক তুলাধূনা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ ৷

মণিপুৰত মন্ত্ৰীসকলৰে নিজৰ সুৰক্ষা নাই, সাধাৰণত জনতাক কি সুৰক্ষা দিব !- মানিক সৰকাৰ

তেজপুৰ, ২১ জুন : ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) পলিটব্যুৰুৰ সদস্য মানিক সৰকাৰে মণিপুৰৰ বিজেপি নেতৃত্বৰ চৰকাৰ সম্পূৰ্ণৰূপে বিফল হোৱা বুলি তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ বুধবাৰে তেজপুৰৰ বেংগলী থিয়েটাৰ হলত কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)ৰ এখন সাধাৰণ সভাত অংশগ্ৰহণ কৰি এক সংবাদ মেলত বিশিষ্ট মাৰ্ক্সবাদী নেতা গৰাকীয়ে কয়ে যে, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ নেতৃত্বত বিজেপিৰ চৰকাৰখনে শাসনত থকাৰ কোনো নৈতিক অধিকাৰ নাই ৷ কেন্দ্ৰ আৰু ৰাজ্যৰ ডাবল ইঞ্জিনৰ চৰকাৰখন মণিপুৰৰ হিংসাত্মক ঘটনাৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া ৷ মণিপুৰ চৰকাৰখনে ৰাজ্যখনত আইন-শৃংখলাৰ ক্ষেত্ৰত বিফল হৈছে ৷

আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানত মণিপুৰৰ জনসাধাৰণে আস্থা হেৰুৱাই ৰেডিঅ’ ভাঙি প্ৰতিবাদ সাব্যস্ত কৰাক লৈ সৰকাৰে কয় যে, সেই অনুষ্ঠানত তেওঁ কাৰ কথা শুনাইছে, ৰাইজৰ কথা প্ৰধানমন্ত্ৰীয়ে কোৱা নাই ৷ বিগত ৪০ দিন প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ বিষয়ে এবাৰো উল্লেখ নকৰিলে ৷ মণিপুৰৰ জনসাধাৰণৰ কোনো নিৰাপত্তা নাই ৷ ৰাজ্যখন সম্পূৰ্ণ ৰূপে একাষৰীয়া হৈ আছে , চৰকাৰ কেৱল যে ব্যৰ্থ হৈছে তেনে নহয় চৰকাৰে কোনো ধৰণৰ প্ৰচেষ্টাও চলোৱা নাই ৷

সৰকাৰে প্ৰশ্ন কৰে যে, মণিপুৰত কেন্দ্ৰীয় চৰকাৰৰ এজন মন্ত্ৰীৰ ঘৰ জ্বলাই দিয়াৰ পিচতো কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ নিমাত কিয় ? কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিদিন মণিপুৰ ভ্ৰমণ কৰি বিভিন্ন ঠাইত উপস্থিত হৈ ১৫ দিনৰ ভিতৰত শান্তি ঘূৰি অহাৰ কথা কৈছিল কিন্তু তেওঁ অহাৰ পিচতেই ৰাজ্যখনত হিংসা পুনৰ বৃদ্ধিহে হ’ল ৷

ইয়াৰোপৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে বিৰোধী দলৰ ঐক্যবদ্ধত তেওঁ যথেষ্ট আশাবাদী বুলি সদৰী কৰে ৷ ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো একত্ৰিত হোৱাৰ পোষকতা কৰে সৰকাৰে ৷
লগতে পঢ়ক: Manipur Violence : মণিপুৰ জ্বলাৰ ৫০ দিন পিছতো কৰ্তব্য সম্পাদনত বিফল প্ৰধানমন্ত্ৰী; কংগ্ৰেছৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.