ETV Bharat / bharat

নিৰ্বাচনী হিংসা: ৰাজ্যপাল-ডিজিপিক সাক্ষাৎ ত্ৰিপুৰা চিপিআইএমৰ

author img

By

Published : Jun 30, 2022, 7:43 PM IST

ৰাজ্যপাল আৰু ডিজিপিক সাক্ষাৎ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ (former Chief Minister Manik Sarkar), প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভানুলাল সাহা, বিধায়ক ৰতন ভৌমিক, বিধায়ক শ্বাহিদ চৌধুৰী আৰু প্ৰভাত চৌধুৰীৰ নেতৃত্বত চিপিআইএমৰ এটা পাঁচজনীয়া প্ৰতিনিধি দলে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছত ৰাজ্যজুৰি সংঘটিত প্ৰাক-নিৰ্বাচনী আৰু নিৰ্বাচনোত্তৰ হিংসাৰ কথা অৱগত কৰায় ।

CPIM
CPIM

নিউজ ডেস্ক, ৩০ জুন : ত্ৰিপুৰাৰ বিৰোধী দল চিপিআইএমে বৃহস্পতিবাৰে ৰাজ্যখনৰ ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্য আৰু আৰক্ষী সঞ্চালক প্ৰধান ভি এছ যাদৱক সাক্ষাৎ কৰে (CPIM of Tripura met Governor and DGP) । সাক্ষাৎকালত ৰাজ্যখনৰ বিৰোধী দলটোৱে বিৰোধী দলৰ কৰ্মী আৰু নেতাসকলৰ ওপৰত পৰিকল্পিত ভয়ানক আক্ৰমণ বন্ধ কৰিবলৈ ৰাজনৈতিক গুণ্ডাগিৰৰ বিৰুদ্ধে প্ৰয়োজনীয় জৰুৰী পদক্ষেপ গ্ৰহণৰ দাবী জনায় ।

ৰাজ্যখনৰ ৰাজ্যপাল আৰু ডিজিপিক সাক্ষাৎ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰ (former Chief Minister Manik Sarkar), প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ভানুলাল সাহা, বিধায়ক ৰতন ভৌমিক, বিধায়ক শ্বাহিদ চৌধুৰী আৰু প্ৰভাত চৌধুৰীৰ নেতৃত্বত চিপিআইএমৰ এটা পাঁচজনীয়া প্ৰতিনিধি দলে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছত ৰাজ্যজুৰি সংঘটিত প্ৰাক-নিৰ্বাচনী আৰু নিৰ্বাচনোত্তৰ হিংসাৰ কথা অৱগত কৰায় ।

চিপিআইএমে কয় যে ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী চহৰৰ ৬-আগৰতলা, ৮-টাউন বৰদোৱালী বিধানসভা সমষ্টি (6-Agartala, 8-Town Bordowali Assembly constituencies) আৰু ত্ৰিপুৰাৰ ধলাই জিলাৰ ৪৬-সুৰমা বিধানসভা সমষ্টিৰ জনসাধাৰণ আৰু ভোটাৰসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শাসকীয় বিজেপিয়ে (BJP) তেওঁলোকৰ ভোটাধিকাৰ মুক্ত আৰু নিৰ্ভীকভাৱে সাব্যস্ত কৰাৰ যি সাংবিধানিক অধিকাৰ (constitutional right of voters) সেয়া কাঢ়ি নিয়াৰ বাবে সংগঠিত দুৰ্বৃত্তৰ ফেচিষ্ট সন্ত্ৰাস প্ৰত্যক্ষ কৰিছে । এই সন্দৰ্ভত এক স্মাৰক-পত্ৰও প্ৰদান কৰে চি পি এমে ।

"কেইবাঠাইতো ভোটাৰসকলকক কেৱল ভোটদান কৰাতে বাধা দিয়া হোৱা নাছিল, লগতে শাৰীৰিকভাৱেও নিৰ্মমভাৱে আক্ৰমণ কৰা হৈছিল । মুঠতে আগৰতলা আৰু কমলাপুৰৰ অন্তৰ্গত সমষ্টিসমূহৰ বেছিভাগ ক্ষেত্ৰতে আৰক্ষীয়ে তেওঁলোকৰ উপযুক্ত ভূমিকা পালন কৰা নাছিল । বৰঞ্চ নীৰৱ দৰ্শক হৈ যিকোনো প্ৰকাৰে শাসকীয় দলৰ প্ৰাৰ্থীৰ সপক্ষে ভুৱা ভোটদানৰ বাবে শাসকীয় দলৰ দ্বাৰা সংগ্ৰহ কৰা ৰাজনৈতিক দুৰ্বৃত্তসকলক সহায় আৰু উৎসাহিত কৰিছিল ।" স্মাৰক-পত্ৰখনত এনেদেৰ উল্লেখ কৰা হয় (Memorandum by CPIM Tripura)।

লগতে তাত আৰু উল্লেখ কৰা হয় যে উপ-নিৰ্বাচনৰ তথাকথিত ফলাফল ঘোষণা কৰাৰ পিছত এই ফেচিষ্ট আক্ৰমণ অধিক বৰ্বৰতাৰে অব্যাহত আছে । সদৰ, কমলপুৰ, ধৰ্মনগৰ, বিশালগড়, উদয়পুৰ, বেলোনিয়া, খোৱাই, চাব্ৰুম, শান্তিৰবজাৰ আদি অঞ্চলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই আক্ৰমণ আৰু বৰ্বৰতা চলি আছে । আশ্চৰ্যজনকভাৱে আৰক্ষীয়ে এই বৰ্বৰ শাৰীৰিক আক্ৰমণ, লুণ্ঠন, অগ্নিসংযোগ বন্ধ কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাকৈ নীৰৱ দৰ্শক হিচাপে চাই আছে ।

"সেয়ে ৰাজ্যখনত এতিয়া প্ৰায় আইনৰ কোনো শাসন নাই, বৰঞ্চ জংঘলৰাজ চলি আছে । ওপৰত উল্লেখ কৰা পৰিস্থিতিত ৰাজ্যখনৰ মুৰব্বী হিচাপে এই পৰিকল্পিত ভয়ানক আক্ৰমণ বন্ধ কৰিবলৈ, শান্তি ঘূৰাই আনিবলৈ আৰু প্ৰকৃত অৰ্থত ৰাজ্যখনত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰিবলৈ ৰাজনৈতিক গুণ্ডাসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় জৰুৰী পদক্ষেপ ল'বলৈ আমি আপোনাক আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ ।" স্মাৰকপত্ৰ-খনত লগতে কোৱা হৈছে ।

লগতে পঢ়ক : Sanjay Raut on Thackerays resignation: বালাচাহেবৰ শিৱসেনা উজ্বলাই ৰাখিব উদ্ধৱ ঠাকৰেই:সঞ্জয় ৰাউত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.