ETV Bharat / bharat

Sanjay Raut on Thackerays resignation: বালাচাহেবৰ শিৱসেনা উজ্বলাই ৰাখিব উদ্ধৱ ঠাকৰেই:সঞ্জয় ৰাউত

author img

By

Published : Jun 30, 2022, 1:57 PM IST

Sanjay Raut
Sanjay Raut on Thackerays resignation : বালাচাহেবৰ শিৱসেনা উজ্বলাই ৰাখিব উদ্ধৱ ঠাকৰেই: সঞ্জয় ৰাউত

বিগত কিছুদিন ধৰি চলি থকা মহাৰাষ্টৰ শ্বাসৰূদ্ধকাৰী ৰাজনৈতিক পৰিস্থিতিৰ অন্ত পৰিল । যোৱা নিশা মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ আকস্মিকভাৱে পদত্যাগৰ পাছতে বিভিন্নগৰাকীয়ে এই সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া (Resignation of Maharashtra Chief Minister Uddhav Thackeray) ।

নেচনেল ডেস্ক,৩০ জুন: মহাৰাষ্টৰ শ্বাসৰূদ্ধকাৰী ৰাজনৈতিক পৰিস্থিতিৰ পাছত যোৱা নিশা মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই আকস্মিকভাৱে পদত্যাগ কৰে (Resignation of Maharashtra Chief Minister Uddhav Thackeray)। মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পদত্যাগৰ পিছত বিভিন্নগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে টুইট কৰি কয় যে তেওঁ বালাচাহেবৰ শিৱসেনা উজ্বলাই ৰাখিব( Shiv Sena leader Sanjay Raut tweeted)।

সাংসদ সঞ্জয় ৰাউতে এই টুইটোত পুনৰ কয় যে মুখ্যমন্ত্ৰীয়ে অতি সুন্দৰভাৱে পদত্যাগ কৰিছে । আমি এজন সংবেদনশীল আৰু সংস্কৃতিবান মুখ্যমন্ত্ৰীহে হেৰুৱাইছো । বুৰঞ্জীয়েও দেখুৱাই আহিছে যে প্ৰৱঞ্চনা কেতিয়াও সম্পূৰ্ণৰূপে শেষ নহয় । ঠাকৰে বিজয়ী হৈছে, জনতাও জিকিছে। এইটো শিৱসেনাৰ বিশাল বিজয়ৰ আৰম্ভণি । টুইটোত পুনৰ কয়,' উক্ত লাঠি খাওঁ আহক । আহক কাৰাগাৰলৈ যাওঁ । কিন্তু বালাচাহেবৰ শিৱসেনা উজ্বলাই ৰাখোঁ আহক !'

সাংসদগৰাকীয়ে শৰদ পাৱাৰক ধন্যবাদ জনাই কয়,'তেওঁ শিৱসেনাৰ মুৰব্বীৰ পুত্ৰৰ যত্ন লৈছিল (Sanjay Raut thankto Sharad Pawar)। তেওঁ নিৰ্দেশনা দিছিল । যেতিয়া তেওঁৰ নিজৰ মানুহে প্ৰতাৰণা কৰি আছিল, শৰদ পাৱাৰে উদ্ধৱজীৰ পিছফালে দৃঢ়ভাৱে থিয় দিছিল । কংগ্ৰেছ নেতাসকলেও সদায় সমন্বয়কাৰী ভূমিকা পালন কৰিছিল । অমৰপট্টাৰ সৈতে কোনেও অহা নাছিল !'

ইপিনে,উদ্ধৱ ঠাকৰেই মুখ্যমন্ত্ৰী আৰু বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণাৰ পাছতে এনচিপিৰ ৰাজ্যিক সভাপতি জয়ন্ত পাটিলে ঠাকৰেক প্ৰশংসা কৰি কয়,' ঠাকৰে মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ মনত দীৰ্ঘদিন থাকিব( NCP State President Jayant Patil)। মহাবিকাশ আঘাদী চৰকাৰে মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ মনত এখন ভাল চৰকাৰ হিচাপে কাম কৰি আছিল । কৰোনা কালত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে কৰা কামৰ বাবে তেওঁ মুখ্যমন্ত্ৰীসকলে সমগ্ৰ দেশতে কেনেদৰে কাম কৰিব পাৰে তাৰ এক উদাহৰণ দেখুৱালে ।'

উল্লেখ্য় যে ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে মহাবিকাশ আগহাদী চৰকাৰক বৃহস্পতিবাৰে এক বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছিল(Governor Bhagat Singh Koshyari had directed the Mahavikas Aghadi government to hold special session)। এই বিশেষ অধিৱেশন নটনাথ-বিদ্ৰোহী একনাথ চিন্দেৰ পদত্যাগৰ পটভূমিত সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শনৰ বাবে ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে নিৰ্দেশ দিছিল । ইয়াৰ পাছতেই শিৱসেনাই ৰাজ্যপালৰ সিদ্ধান্তক লৈ উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় । অৱশ্যে আদালতে মহাবিকাশ আঘাদী চৰকাৰৰ সংখ্যাগৰিষ্ঠতাৰ বিচাৰ স্থগিত ৰখাৰ দাবী নাকচ কৰে । এই সিদ্ধান্তৰ পিছত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে সামাজিক মাধ্য়মৰ জৰিয়তে জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী আৰু বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে ।

etv comment image Thumbnail image The climax of MAHA political crisis: মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পদত্যাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.