ETV Bharat / bharat

বিজেপি চৰকাৰক জনতা হত্যাকাৰী চৰকাৰ আখ্যা চি পি আই এমৰ

author img

By

Published : Apr 5, 2022, 9:33 AM IST

মূল্যবৃদ্ধি বিৰোধী প্ৰতিবাদেৰে আগৰতলাৰ ৰাজপথ কঁপালে চি পি আই এমে (CPIM protest in Agartala) ৷ বিজেপি চৰকাৰখন এখন জনতাক হত্যা কৰিব খোজা চৰকাৰ আখ্যা দিয়ে চি পি আই এমৰ নেতা পবিত্ৰ কৰৰ ৷

Price hike of essential commodities
Price hike of essential commodities

আগৰতলা, 4 এপ্ৰিল : নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদেৰে আগৰতলা চহৰ কঁপালে বিৰোধী দল চি পি আই এমে (CPIM holds massive protest rally against price hike)৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চি পি আই এমৰ ৰাজ্যিক কমিটিৰ সদস্য তথা জ্যেষ্ঠ নেতা পবিত্ৰ কৰে কয় যে, কেন্দ্ৰীয় চৰকাৰে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যি অভাৱনীয়ভাৱে মূল্যবৃদ্ধি ঘটাইছে তাৰেই বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বাওঁপন্থী দলটোৱে (Tripura CPIM holds massive protest rally) ৷

‘‘আজি আমি আগৰতলাত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আগন্তুক সময়ত ৰাজ্যৰ আন ঠাইতো মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰা হ’ব ৷ বিজেপিৰ প্ৰতিশ্ৰুতি কি আছিল ? উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আগলৈকে এনেকুৱাএকো হোৱা নাছিল, কিন্তু নিৰ্বাচনৰ পাচতেই বিগত 12 দিনত চৰকাৰে 11 বাৰ পেট্ৰ’পণ্যৰ মূল্য বৃ্দ্ধি কৰিছে (Price hike of essential commodities) ৷’’ এইদৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে পবিত্ৰ কৰে ৷

বিজেপি চৰকাৰক জনতা হত্যাকাৰী চৰকাৰ আখ্যা চি পি আই এমৰ

ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভতো মন্তব্য কৰে নেতাগৰাকীয়ে ৷ তেওঁ কয় যে, ত্ৰিপুৰাত পাইপলাইনেৰে যোগান ধৰা গেছৰ মূল্য অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৷ কিন্তু এই গেছ ত্ৰিপুৰাৰ ভূ-গৰ্ভৰ পৰাই আহৰণ কৰা হয় ৷

বিজেপি চৰকাৰখন এখন জনতাক হত্যা কৰিব খোজা চৰকাৰ আখ্যা দিয়ে চি পি আই এমৰ নেতাগৰাকীয়ে ৷ তেওঁ অভিযোগ কৰে যে, চৰকাৰৰ সকলো পৰিকল্পনাই জনসাধাৰণৰ পৰিপন্থী ৷ নিয়োগ প্ৰদানৰ পৰিৱৰ্তে চৰকাৰে গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নিছে ৷ এই চৰকাৰখনে জনতাৰ কল্যাণৰ বাবে কোনো কামেই কৰা নাই ৷ যাৰ বাবে এইদৰে প্ৰতিবাদত নামিবলৈ বাধ্য হৈছে বিৰোধী দলসমূহ ৷

লগতে পঢ়ক : উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ ১৮ খন সৈনিক স্কুলৰ অনুমোদন গৃহীত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.