ETV Bharat / bharat

ত্ৰিপুৰাত কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘৰ্ষ

author img

By

Published : Jun 26, 2022, 9:59 PM IST

tripura-cong-chief-and-7-others-injured-after-bjp-reportedly-attacked-them
ত্ৰিপুৰাত কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘৰ্ষ

ত্ৰিপুৰাৰৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় (Clash between Congress and BJP in Tripura) ৷ ফলত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ এই সংঘৰ্ষত দেশ কংগ্ৰেছৰ সভাপতি বীৰজিৎ সিনহাকে (President of Pradesh Congress Birajit Sinha) ধৰি কমেও ৭ জন কৰ্মীয়ে মূৰত আঘাত পায় ৷

নেশ্যনেল ডেস্ক, 26 জুন: ত্ৰিপুৰাৰৰ উপ-নিৰ্বাচনত (Tripura By election 2022) গেৰুৱা দলে বিজয়ী হয় (BJP win 3 seats in Tripura By election) ৷ তাৰ পিছতে কংগ্ৰেছ আৰু বিজেপিৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় (Clash between Congress and BJP in Tripura) ৷ ফলত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷

কংগ্ৰেছৰ তৰফৰ পৰা জনোৱা অনুসৰি, ৬-আগৰতলাত এখন আসন লাভ কৰা কংগ্ৰেছে শাসকীয় বিজেপিক তীব্ৰভাৱে সমালোচনা কৰি জনসাধাৰণৰ সিদ্ধান্তত সন্মত হ’ব নোৱাৰো বুলি মন্তব্য কৰিছল ৷ ফলত কংগ্ৰেছ দলটো দলীয় কাৰ্যালয়লৈ আহি থকাৰ সময়তে বিজেপিৰ ২০ খনতকৈও অধিক বাইকত উঠি এটা বিজেপিৰ দলে কংগ্ৰেছ ভৱনত শিল নিক্ষেপ কৰে ৷

ফলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি বীৰজিৎ সিনহাকে (President of Pradesh Congress Birajit Sinha) ধৰি কমেও ৭ জন কৰ্মীয়ে মূৰত আঘাত পায় বুলি কংগ্ৰেছ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মনে জানিবলৈ দিয়ে ( Birajit Sinha and seven others received severe injuries)।

উল্লেখ্য যে, আজি ঘোষিত ত্ৰিপুৰাৰ উপ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মনে বিজেপি প্ৰাৰ্থী ড৹ অশোক সিনহাক পৰাস্ত কৰি ৬-আগৰতলা বিধানসভা সমষ্টিৰ পৰা জয়ী হয় কংগ্ৰেছ প্ৰাৰ্থী সুদীপ ৰয় বৰ্মন ৷ বিজেপিক সমালোচনা কৰি এইদৰে হিংসাৰ আশ্ৰয় ল’লে প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ মাণিক সাহাৰ মাজত কোনো পাৰ্থক্য নাথাকিব বুলিও মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷

লগতে পঢ়ক: অৱশেষত হোটেল ৰেডিশ্বন ব্লুৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.