ETV Bharat / bharat

কেবিনেট সম্প্ৰসাৰণ: বিএল সন্তোষক সাক্ষাৎ বিপ্লৱ দেৱৰ

author img

By

Published : Jul 17, 2021, 10:05 AM IST

প্ৰসংগ ত্ৰিপুৰা কেবিনেটৰ সম্প্ৰসাৰণ ৷ যাক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজ্যনৈতিক ক্ষেত্ৰখন গৰম হৈ আছে ৷ এনে সময়তে শুকুৰবাৰে আকস্মিক ত্ৰিপুৰা ভ্ৰমণলৈ আহে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ (B L Santosh) ৷

Tripura CM meets BL Santosh
বিএল সন্তোষৰে সাক্ষাৎকাৰৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

আগৰতলা,17 জুলাই : সম্প্ৰতি ত্ৰিপুৰাত চৰ্চিত হৈ আছে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ কেবিনেটৰ সম্প্ৰসাৰণৰ প্ৰসংগ ৷ এনে সময়তে শুকুৰবাৰ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Biplab Deb) বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰে (B L Santosh) সৈতে ত্ৰিপুৰাত এক আলোচনাত মিলিত হয় ৷ জানিব পৰা মতে, কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ এই বৈঠকত মিলিত হয় দুয়োগৰাকী ৰাজনৈতিক নেতা ৷

শুকুৰবাৰে আকস্মিক ত্ৰিপুৰা ভ্ৰমণ আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীৰ ৷ কিন্তু তেওঁৰ ত্ৰিপুৰা ভ্ৰমণ সম্প্ৰতি ৰাজ্যখনৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চিত হৈ আছে ৷ একাংশ ৰাজনৈতিক বিষয়াৰ মতে, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীৰ এই ভ্ৰমণ বিজেপিৰ বিপক্ষে আছিল ৷ কিন্তু এই কথা নস্যাৎ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে ৷

আনহাতে, বিধায়ক সুশান্ত চৌধুৰীৰ সৈতে হোৱা আন এক বৈঠকত ৰাজ্যখনত উদ্ভৱ হোৱা বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় লগতে দলটোৰ প্ৰদৰ্শন আৰু সাংগঠনিক সম্ভাৱনা সন্দৰ্ভত আলোচনাত কৰা হয় ৷ ইফালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যম( Social Media)ৰ জৰিয়তে বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীক সাক্ষাত কৰি আনন্দিত হৈছে বুলি মত প্ৰকাশ কৰে ৷

মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে বি এল সন্তোষ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশনাত চৰকাৰে দলীয় কাম-কাজ সুচাৰুৰূপে সম্পাদন কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে ৷ লগতে জনসাধাৰণৰো হিতৰ বাবে বহু গুৰুত্বপূৰ্ণ কাম কৰিছে বুলি মন্তব্য কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: টি-ছিৰিজৰ পৰিচালন সঞ্চালক ভূষণ কুমাৰৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.