ETV Bharat / bharat

ত্ৰিপুৰা অসামৰিক সেৱা বিষয়া সন্থাৰ শিলচৰৰ বানক্ষতিগ্ৰস্তলৈ সাহাৰ্য প্ৰেৰণ

author img

By

Published : Jun 30, 2022, 6:52 PM IST

tripura
Tripura CM Manik Saha flags off relief materials ত্ৰিপুৰা অসামৰিক সেৱা বিষয়া সন্থাৰ শিলচৰৰ বানক্ষতিগ্ৰস্তলৈ সাহায্য প্ৰেৰণ

ত্ৰিপুৰা অসামৰিক সেৱা বিষয়া সন্থাৰ শিলচৰ চহৰৰ বান ক্ষতিগ্ৰস্তসকললৈ প্ৰেৰণ সাহাৰ্য সামগ্ৰী। সামগ্ৰী কঢ়িওৱা ট্ৰাক পতাকা জোকাৰি মুকলি মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাৰ (Chief Minister Dr Manik Saha)।

আগৰতলা,৩০ জুন: ত্ৰিপুৰা অসামৰিক সেৱা বিষয়া সন্থাই অসমৰ শিলচৰ চহৰ আৰু ইয়াৰ আশে-পাশে হোৱা প্ৰলয়ংকৰী বানৰ ক্ষতিগ্ৰস্তসকললৈ সাহাৰ্য সামগ্ৰী প্ৰেৰণ কৰিছে (Tripura Civil Service Officers Association sent relief to devastating floods victims of Silchar in Assam)।বৃহস্পতিবাৰে উজয়ন্ত প্ৰাসাদৰ পৰা ১০ লাখ টকাৰ সাহাৰ্য সামগ্ৰী ভৰ্তি এখন ট্ৰাক শিলচৰলৈ প্ৰেৰণ কৰা বুলি ত্ৰিপুৰা অসামৰিক সেৱা বিষয়া সন্থাই সদৰি কৰিছে (Truck loaded with relief sent to Silchar from Ujjayanta Palace)।

মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই পতাকা জোকাৰি এই ট্ৰাকখনৰ মুকলি কৰি কয়, 'প্ৰতিকূল পৰিস্থিতিত মানুহে মানুহৰ কাষত থিয় দিছে ৷ এয়া সচেতন লোকসকলৰ দায়িত্ব( Relief materials loaded truck flagged off by Chief Minister Dr Manik Saha)। ত্ৰিপুৰা অসামৰিক সেৱা বিষয়া সন্থাই শিলচৰৰ বানপীড়িত লোকসকললৈ সাহাৰ্য সামগ্ৰী প্ৰেৰণ কৰি নিজৰ দায়িত্ব প্ৰমাণ কৰিছে।' মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিপুৰা অসামৰিক সেৱা বিষয়া সন্থাই কোভিডৰ পৰা আৰম্ভ কৰি ৰক্তদান শিবিৰ,বান পৰিস্থিতিলৈকে সকলো ক্ষেত্ৰতে বিভিন্ন কাৰ্যসূচীৰে জনসাধাৰণৰ কাষত থিয় দিছে।

মুখ্যমন্ত্ৰীয়ে এই কাৰ্যসূচীৰ বাবে ত্ৰিপুৰা অসামৰিক সেৱা বিষয়া সন্থাক ধন্যবাদ জ্ঞাপন কৰি পুনৰ কয় যে তেওঁ নিজেই চৰকাৰৰ হৈ বান পৰিস্থিতিৰ বিষয়ে অনুসন্ধান কৰিছে। তেওঁ সাহাৰ্য সামগ্ৰীয়ে বানপীড়িতসকলক উপকৃত কৰিব আশা প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰেই অঞ্চলটোৰ লোকসকল দুৰ্যোগৰ পৰা সকাহ পোৱাৰ লগতে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলি কয় । উক্ত অনুষ্ঠানত ত্ৰিপুৰা অসামৰিক সেৱা বিষয়া সন্থাৰ সভাপতি দিলীপ কুমাৰ চাকমা, সম্পাদক অসীম সাহা উপস্থিত থাকে( President of Tripura Civil Service Officers Association Dilip Kumar Chakma, Secretary Asim Saha was present)।

লগতে পঢ়ক:Udaipur killing: উদয়পুৰৰ ঘটনাৰ বিৰুদ্ধে হোজাইত বজৰং দলৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.