ETV Bharat / bharat

উন্নয়নত হেঙাৰ হোৱা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব ত্ৰিপুৰা বিজেপি

author img

By

Published : Jun 22, 2021, 3:40 PM IST

টিটিএএডিচি(TTAADC) অঞ্চলত চৰকাৰৰ পৃষ্ঠপোষকতাত উন্নয়ন আৰু কল্যাণমূলক কাৰ্যসূচীত বাধা সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে ত্ৰিপুৰা বিজেপিয়ে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে জোৰ দিছে । সংবাদমেল সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে এই ঘোষণা কৰে ।

press meet
উন্নয়নত হেঙাৰ হোৱা সকলৰ বিৰুদ্ধে কঠোৰ হ'ব ত্ৰিপুৰা বিজেপি

আগৰতলা,২২ জুন: ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত্বশাসিত জিলা পৰিষদৰ(Tripura Tribal Areas Autonomous District Council) নিৰ্বাচনৰ পিছৰে পৰা দেখা গৈছে ৰাজ্যখনত বিভিন্ন ধৰণৰ সংঘাত সৃষ্টি হৈছে । নিৰ্বাচনত জয়ী হোৱা টিপ্ৰা(TIPRA) আৰু আইএনপিটি(INPT) দলে ৰাজ্য চৰকাৰক বিভিন্ন ধৰণৰ অভিযোগ দিয়া আৰম্ভ কৰিছে । বিজেপি দলেও টিটিএএডিচিত জয়ী দলক জনজাতীয় অঞ্চল সন্দৰ্ভত বিভিন্ন অভিযোগ কৰিছে । এনে ৰাজনৈতিক সংঘাতৰ মাজতে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে বিজেপিৰ মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে ।

এই সংবাদ মেলৰ জৰিয়তে তেওঁৰ ঘোষণা টিটিএএডিচি(TTAADC) অঞ্চলত চৰকাৰৰ পৃষ্ঠপোষকতাত উন্নয়ন আৰু কল্যাণমূলক কাৰ্যসূচীত বাধা সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে ত্ৰিপুৰা বিজেপিয়ে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে জোৰ দিছে । তেওঁৰ মতে ৰাজ্যৰ সামগ্ৰিক বিকাশৰ পথত বাধাৰ চেষ্টা কৰা লোকসকলৰ বিৰুদ্ধে ৰাজ্য প্ৰশাসনে কঠোৰ পদক্ষেপ লোৱা উচিত । এক দায়িত্বশীল ৰাজনৈতিক দল হিচাপে বিজেপিৰ উদ্দেশ্য স্পষ্ট ।

তেওঁৰ মতে গণতান্ত্ৰিক সংস্কৃতিৰ ধাৰা সমগ্ৰ ৰাজ্যতে বৰ্তি থাকিব আৰু গণতন্ত্ৰৰ চেতনাৰ বিৰুদ্ধে থকা যিকোনো লোকক শাস্তিমূলক ব্যৱস্থাৰ অধীনলৈ অনা অতি প্ৰয়োজন । কিছুমান ৰাজনৈতিক শক্তিয়ে চৰকাৰী প্ৰকল্পসমূহক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগৰ সৈতে টিটিএএডিচি অঞ্চলসমূহত অভূতপূৰ্ব অচলাৱস্থা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত চক্ৰৱৰ্তীয়ে কয় যে তেওঁলোক যিয়েই নহওঁক তেওঁলোকে উন্নয়নৰ পথত বাধা সৃষ্টি কৰাৰ পৰা বিৰত থাকিব লাগে । সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ আৰু প্ৰশাসনকো তেওঁ অনুৰোধ জনাই যাতে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হয় ।

চক্ৰৱৰ্তীয়ে বিজ্ঞানৰ স্নাতক শিক্ষক আৰু সৰ্ব শিক্ষা অভিযানৰ শিক্ষকসকলে সন্মুখীন হোৱা সমস্যাবোৰৰ ক্ষেত্ৰত ত্ৰিপুৰা চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছিল । লগতে তেওঁ আশা কৰে যে পূৰ্বৰ চিপিআইএম চৰকাৰৰ নীতি সম্পৰ্কীয় ত্ৰুটিৰ বাবে গুৰুতৰ সমস্যাৰ সন্মুখীন হোৱা শিক্ষকসকলক নিয়মীয়া কৰাৰ বাবে চৰকাৰে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰিব ।

তেওঁ লগতে সংবাদ মাধ্যমক জনায় যে বিজেপিয়ে ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত ভাৰ্চুৱেল চিন্তন শিবিৰ(Chintan Shivir) আৰম্ভ কৰিছে। প্ৰতি দেওবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত, প্ৰতি শনিবাৰে ৰাজ্যিক পৰ্যায়ত আৰু প্ৰতি মঙলবাৰে জিলা পৰ্যায়ত শিবিৰসমূহ আয়োজন কৰা হ'ব। অৱশ্যে কেৱল নিমন্ত্ৰিত অতিথিসকলকহে অধিৱেশনৰ বিভিন্ন বিষয়ত যোগদান কৰিবলৈ অনুমতি দিয়া হ'ব ।

লগতে পঢ়ক:দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ত্ৰিপুৰাত বিকল্প পদ্ধতি গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.