ETV Bharat / bharat

Tripura assembly elections 2023: ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ; ইভিএমত বন্দী হ’ব 259 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

author img

By

Published : Feb 15, 2023, 10:41 PM IST

বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ 2.8 কোটি ভোটাৰে নিৰ্ণয় কৰিব 259 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য (Tripura assembly election) ৷ এইবাৰৰ নিৰ্বাচনত বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান হিচাবে থিয় দিছে চিপিআইএমৰ লগতে তৃণমূল কংগ্ৰেছে ৷

Tripura assembly elections 2023
কাইলৈ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ; ইভিএমত বন্দী হ’ব 259 গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য

নেশ্যনেল ডেস্ক, 15 ফেব্ৰুৱাৰী: কাইলৈ অনুষ্ঠিত হ’ব ত্ৰিপুৰা বিধানসভা নিৰ্বাচন ৷ (Tripura assembly election) ৷ বৰ্তমান ত্ৰিপুৰাত বিজেপি নেতৃত্বাধীন চৰকাৰ চলি আছে যদিও বিজেপিৰ সন্মুখন প্ৰত্যাহ্বান হিচাবে থিয় দিছে তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে (মাৰ্ক্সবাদী) ৷ উল্লেখ্য যে, উত্তৰ-পূবৰ আন দুই ৰাজ্য মেঘালয় আৰু নাগালেণ্ডৰ সৈতে একেলগে 2 মাৰ্চত হ’ব ত্ৰিপুৰা নিৰ্বাচনৰ ভোট গণনা ৷ 3 মাৰ্চত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল (Tripura assembly election result) ৷

ত্ৰিপুৰাত 2018 চনত শাসনলৈ অহা বিজেপিয়ে এইবাৰৰ নিৰ্বাচনত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী মানিক সাহাই (Tripura CM Manik Saha) ৷ তেওঁ কয়, ‘‘এইবাৰ নিৰ্বাচনত চুনামি হ’ব ৷ 2018 চনত আমি 36 খন আসন পাইছিলো আৰু আমাৰ মিত্ৰজোঁটৰ অংশীদাৰে 8 খন আসন পাইছিল ৷ গতিকে এইবাৰ আমি পূৰ্বতকৈ অধিক আসন লাভ কৰিম ৷’’

বৃহস্পতিবাৰে পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হৈ অন্ত পৰিব বিয়লি 4 বজাত ৷ নিৰ্বাচনত এইবাৰ ভোটধিকাৰ সাব্যস্ত কৰিব 2.8 কোটি ভোটাৰে ৷ আনহাতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে 259 গৰাকী প্ৰাৰ্থীয়ে ৷ ইয়াৰ ভিতৰত আছে 20 গৰাকী মহিলা প্ৰাৰ্থী ৷ ইতিমধ্যেই ৰাজ্যখনৰ 3,328 টা ভোট কেন্দ্ৰলৈ ইভিএম আৰু যাৱতীয় সামগ্ৰী লৈ ৰাওনা হৈছে প’লিং আৰু প্ৰিজাইডিং বিষয়াসকল (Tripura assembly election poll) ৷

ভোট গ্ৰহণৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান ৷ বিশেষকৈ ভাৰত-বাংলাদেশ সীমান্ত আৰু অত্যন্ত স্পৰ্শকাতৰ অঞ্চলৰ ভোট কেন্দ্ৰসমূহত মোতায়েন কৰা হৈছে CRPF আৰু BSF জোৱান (Security arrangement for Tripura election) ৷

কাইলৈৰ ভোট গ্ৰহণৰ পাচতেই নিৰ্ধাৰণ হ’ব বৰ্তমানৰ বিজেপি মুখ্যমন্ত্ৰী মানিক সাহা, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবৰ্মন, কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী প্ৰতিমা ভৌমিক, চিপিআই(এম)ৰ নেতা জিতেন্দ্ৰ চৌধুৰী, কংগ্ৰেছ নেতা সুদীপ ৰয় বৰ্মনকে ধৰি বহু কেইগৰাকী বাঘা বাঘা নেতাৰ ৰাজনৈতিক ভাগ্য ৷ যাৰ বাবে অতি কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন বিজেপিৰ বাবে অতি তাৎপৰ্যপূৰ্ণ হিচাবে বিবেচিত হৈছে ৷ কাৰণ 2018 চনৰ দৰেই পুনৰ গুজৰাট আৰ্হিৰে নিৰ্বাচনত নামিছে বিজেপি ৷ গতিকে ইয়াৰ পৰাই প্ৰমাণ হ’ব যে, বৰ্তমান বিজেপিৰ গুজৰাট আৰ্হি কিমান ফলপ্ৰসূ হয় ৷ 2018 চনত 36খন আসন লাভ কৰি বিজেপিয়ে উৎখাত কৰিছিল ত্ৰিপুৰাৰ দশক পুৰণি দল চিপিআইএমক ৷ কিন্তু এইবাৰ পুনৰ শাসনৰ হেৰুৱা বাঘজৰী উদ্ধাৰৰ বাবে প্ৰচেষ্টা চলাইছে CPIMয়ে ৷ কিন্তু কাৰ হাতলৈ যাব ত্ৰিপুৰা শাসনৰ বাঘজৰী সেয়া 3 মাৰ্চতহে স্পষ্ট হ’ব ৷

লগতে পঢ়ক: Nagaland Assembly Election 2023: হত্যাৰ অভিযুক্তয়ো প্ৰতিদ্বন্দিতা কৰিব নাগালেণ্ড বিধানসভা নিৰ্বাচনত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.