ETV Bharat / bharat

নতুন মুখ্যমন্ত্ৰীৰ নামক লৈ অসন্তুষ্ট বিধায়কসকল : শচীন পাইলটক আক্ৰমণ গেহলটৰ

author img

By

Published : Oct 2, 2022, 5:17 PM IST

ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলট আৰু কংগ্ৰেছৰ সভাপতি শচীন পাইলটৰ মাজৰ সম্পৰ্কত ফাট মেলিছে (Ashok Gehlot and Sachin Pilot clash)। ইতিমধ্য মুখ্যমন্ত্ৰী সলনিক লৈ বিভিন্ন ধৰণৰ জল্পনা কল্পনাও আৰম্ভ হৈছে । ইয়াৰ মাজতে শচীন পাইলটৰ মুখ্যমন্ত্ৰী পদৰ যোগ্যতাক লৈ প্ৰশ্ন তুলিলে গেহলটে ।

Rajasthan
নতুন মুখ্যমন্ত্ৰীৰ নামক লৈ অসন্তুষ্ট বিধায়কসকল

নেশ্যনেল ডেস্ক,২ অক্টোবৰ : নতুন মুখ্যমন্ত্ৰীৰ নিৰ্বাচন বিষয়টোকলৈ সম্প্ৰতি ৰাজস্থানৰ ৰাজনীতি গৰম হৈ আছে (Rajasthan congress crisis)। মুখ্যমন্ত্ৰী অশোক গেহলটে মুখ্যমন্ত্ৰীৰ পদ এৰিব আৰু উপ-মুখ্যমন্ত্ৰী শচীন পাইলটক মুখ্যমন্ত্ৰী হিচাপে বাচনি কৰা হ'ব ! এই ধৰণৰ এক চৰ্চা চলিছে ৰাজ্যখনত । লগতে মুখ্যমন্ত্ৰী অশোক গেহলট আৰু ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি শচীন পাইলটৰ মাজত বিভিন্ন বিষয়ক লৈ মনোমালিন্যও অব্যাহত আছে (Ashok Gehlot and Sachin Pilot clash)।

তেনে বিতৰ্ক চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী অশোক গেহলটে আক্ৰমণ কৰিলে শচীন পাইলটক (Ashok Gehlot slams Sachin Pilot)। গেহলটে দাবী কৰা মতে ৰাজ্যখনত নতুন মুখ্যমন্ত্ৰীৰ নামক লৈ কংগ্ৰেছৰ বিধায়কসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছে ।

গেহলটে লগতে কয় যে, সাধাৰণতে যেতিয়া এগৰাকী নতুন মুখ্যমন্ত্ৰী নিযুক্তি দিয়া হয় তেতিয়া ৮০ৰ পৰা ৯০ শতাংশ বিধায়কে দল সলনি কৰে, কিন্তু ৰাজস্থানত সেয়া নহয় । পুৰণি মুখ্যমন্ত্ৰীক এৰি সচৰাচৰ নতুন প্ৰাৰ্থীৰ ফালে বিধায়কসকল যায় । কিন্তু ৰাজস্থানত ইয়াৰ বিপৰীত হৈছে । তেওঁ দাবী কৰা মতে ৰাজস্থানত নতুন মুখ্যমন্ত্ৰীৰ নাম শুনি বিধায়কসকল উত্তেজিত হৈ পৰিছে । দেওবাৰে গান্ধী জয়ন্তীৰ এক কাৰ্যসূচী অংশগ্ৰহণ কৰি গেহলটে সচিবালয়ত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

তেওঁ জয়সলমেৰত আছিল । সেয়ে অনুমান কৰিব পৰা নাছিল কিন্তু বিধায়কসকলে অনুভৱ কৰিছিল যে নতুন মুখ্যমন্ত্ৰী কোন হ'ব । ৰাজস্থানত মুখ্যমন্ত্ৰী সলনি হোৱাৰ সম্ভাৱনা আছে নেকি বুলি সোধাত গেহলটে কয় যে দলৰ হাইকমাণ্ডে এই বিষয়টোত সিদ্ধান্ত গ্ৰহণ কৰিব ।

তেওঁ কয় যে, দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু অজয় মাকেনক তেওঁ ইতিমধ্যে জনাইছে যে তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ সাজু । আনকি দলৰ ভৱিষ্যতৰ স্বাৰ্থত এই সিদ্ধান্তক সমৰ্থন জনাই দলৰ হৈ প্ৰচাৰ চলাব বুলিও তেওঁ কৈছিল ।

ৰাজস্থান কংগ্ৰেছৰ এনে সংকটক (Rajasthan political crisis) লৈ মুখ্যমন্ত্ৰী অশোক গেহলটে দেওবাৰে কয় যে, তেওঁ মাকেনক ৰাজ্যখনত কাৰ নেতৃত্বত কংগ্ৰেছে ক্ষমতা বজাই ৰাখিব তাক জানিবলৈ এক জৰীপ চলাবলৈ কৈছিল ।

গেহলটে লগতে কয় যে নিজৰ বিফলতাৰ বাবে ছোনিয়া গান্ধীৰ ওচৰত তেওঁ ইতিমধ্যে ক্ষমা বিচাৰিছে (Ashok Gehlot meet Sonia Gandhi)। ইফালে কংগ্ৰেছ সভাপতি পদৰ বাবে মল্লিকাৰ্জুন খাৰ্গেৰ প্ৰাৰ্থিত্বৰ সন্দৰ্ভত গেহলটে কয় যে, তেওঁ এগৰাকী উৎকৃষ্ট প্ৰাৰ্থী কিয়নো তেওঁ দলীয় সংগঠনৰ সৈতে জড়িত আৰু তেওঁৰ কেইবা দশকৰ অভিজ্ঞতা আছে ।

লগতে পঢ়ক :মহাত্মা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.