ETV Bharat / bharat

লক্ষ্য RSSক প্ৰতিৰোধ : কংগ্ৰেছে মুকলি কৰিলে Jawahar Bal Manch

author img

By

Published : Sep 26, 2021, 7:30 PM IST

RSSৰ নীতি আদৰ্শক প্ৰতিহত কৰাৰ উদ্দেশ্যে কংগ্ৰেছৰ নতুন পদক্ষেপ Jawahar Bal Manch ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত দলটোক শক্তিশালী কৰাৰ লগতে দলটোৰ ধৰ্মনিৰপেক্ষ আদৰ্শ প্ৰচাৰ কৰাৰ বাবে কংগ্ৰেছে আৰম্ভ কৰিছে এই পদক্ষেপ ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত 7 ৰ পৰা 17 বছৰ বয়সৰ শিশুৰ বাবে জৱাহৰ বাল মঞ্চ শীৰ্ষক পদক্ষেপ গ্ৰহণ কৰিছে কংগ্ৰেছে ৷

Congress launches Kerala model of Jawahar Bal Manch at national level
কংগ্ৰেছে মুকলি কৰিলে Jawahar Bal Manch

নেশ্যনেল ডেস্ক , 26 ছেপ্টেম্বৰ : আৰএছএছ(Rashtriya Swayamsevak Sangh)ৰ সৈতে আদৰ্শৰ যুঁজক প্ৰতিহত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি কংগ্ৰেছে শিশুসকলৰ মাজত নিজৰ প্ৰসাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ আৰএছএছৰ বালাগোকুলম(Balagokulam) উদ্যোগক অনুসৰণ কৰি কংগ্ৰেছেও জৱাহৰ বাল মঞ্চ(Jawahar Bal Manch) শীৰ্ষক এক পদক্ষেপ গ্ৰহণ কৰিছে ৷

ৰাষ্ট্ৰীয় পৰ্যায়ত দলটোক শক্তিশালী কৰাৰ লগতে দলটোৰ ধৰ্মনিৰপেক্ষ আদৰ্শ প্ৰচাৰ কৰাৰ বাবে কংগ্ৰেছে এই পদক্ষেপ আৰম্ভ কৰিছে ৷ নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ লক্ষ্য আগত ৰাখি 7 ৰ পৰা 17 বছৰ বয়সৰ শিশুসকলৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছে জৱাহৰ বাল মঞ্চ শীৰ্ষক পদক্ষেপ আৰম্ভ কৰিছে ৷ অৱশ্যে দলটোৰ কেৰালা গোটে বিগত 15 বছৰৰ পৰা সংগঠনটো চলাই আহিছে ৷

কেৰালাৰ কংগ্ৰেছ নেতা জি ভি হৰি(GV Hari)ক নৱগঠিত জৱাহৰ বাল মঞ্চৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে ৷ হৰিয়ে সংবাদ মাধ্যমক কয়, "কেৰালা কংগ্ৰেছে বিগত ১৫ বছৰ ধৰি জৱাহৰ বাল মঞ্চ চলাই আহিছে, যাৰ জৰিয়তে এতিয়ালৈকে প্ৰায় ২.৫ লাখ শিশুক প্ৰশিক্ষণ দিয়া হৈছে ৷ ইয়াৰ সফলতাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছিল ৷ সেয়ে বিগত বছৰটোত পাঁচখন ৰাজ্যত এটা পাইলট প্ৰকল্প আৰম্ভ কৰা হৈছিল ৷ কংগ্ৰেছ দলৰ আনুষ্ঠানিক ঘোষণাৰ পিছতে এতিয়া জৱাহৰ বাল মঞ্চৰ কেৰালা মডেল সমগ্ৰ দেশতে সম্প্ৰসাৰিত কৰা হ'ব" ৷

উল্লেখ্য যে, এই পদক্ষেপৰ অংশ হিচাপে বিভিন্ন শিবিৰ, কৰ্মশালা, আলোচনা চক্ৰ আৰু শাৰীৰিক প্ৰশিক্ষণৰ জৰিয়তে কংগ্ৰেছৰ আদৰ্শ আৰু দেশৰ প্ৰতি দলৰ অৱদানৰ বিষয়ে শিশুসকলক সজাগ কৰাৰ লগতে প্ৰশিক্ষণ দিয়া হ'ব ৷

আৰএছএছৰ সংগঠনতকৈ জৱাহৰ বাল মঞ্চ কেনেকৈ পৃথক হ'ব বুলি কৰা প্ৰশ্নৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতাজনে কয় যে, ধৰ্মনিৰপেক্ষতাই হ'ব দুয়োটা সংগঠনৰ মাজৰ মৌলিক পাৰ্থক্য ৷

লগতে পঢ়ক : তালিবানী বিজেপি...গেৰুৱা দলটোক প্ৰত্যক্ষ আক্ৰমণ মমতা বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.