ETV Bharat / bharat

Mahua Moitra cash for query row: সংসদৰ তদন্তৰ পিছত তৃণমূল কংগ্ৰেছে উচিত সিদ্ধান্ত ল’ব; ডেৰেক অ’ব্ৰাইন

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 5:27 PM IST

মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত নগদ ধনৰ কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনৰ ৷ সংসদৰ তদন্তৰ পিছতহে টিএমচিৰ নেতৃত্বই এই বিষয়ত সিদ্ধান্ত ল’ব বুলি কয় তেওঁ ৷

Mahua Moitra cash for query row
তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনৰ

নিউজ ডেস্ক, 22 অক্টোবৰ : নিজৰ দলৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে উত্থাপিত ‘নগদ ধনৰ কেলেংকাৰীৰ’ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ব্ৰাইনে কয় যে সংসদৰ তদন্তৰ পিছতহে টিএমচিৰ নেতৃত্বই এই বিষয়ত সিদ্ধান্ত ল’ব ৷

"আমি সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি পৰ্যবেক্ষণ কৰিছো ৷ সংশ্লিষ্ট সদস্যগৰাকীক দলৰ নেতৃত্বই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ পৰামৰ্শ দিছে ৷ ইতিমধ্যে তেওঁ এই ক্ষেত্ৰত ব্যৱস্থা লৈছে ৷ কিন্তু যিহেতু বিষয়টোৰ সৈতে এগৰাকী নিৰ্বাচিত সাংসদ, তেওঁৰ অধিকাৰ আৰু বিশেষাধিকাৰৰ সম্পৰ্ক আছে, গতিকে বিষয়টো সংসদৰ সঠিক মঞ্চই তদন্ত কৰক- তাৰ পিছত দলৰ নেতৃত্বই উপযুক্ত সিদ্ধান্ত ল’ব ৷" সংবাদ সংস্থা পিটিআইক এইদৰে কয় অ’ব্ৰাইনে ৷

সংসদত প্ৰশ্ন উত্থাপন কৰাৰ বাবে উৎকোচ লোৱাৰ অভিযোগৰ সন্মুখীন হৈছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ ৷ আদানী গ্ৰুপ সন্দৰ্ভত সংসদত প্ৰশ্ন উত্থাপন কৰিবলৈ সাংসদ মৈত্ৰক ধন দিয়া বুলি অভিযোগ উত্থাপন কৰা ৰিয়েল ইষ্টেট-টু-এনাৰ্জী গ্ৰুপৰ হিৰণানন্দনীয়ে শেহতীয়াকৈ স্বাক্ষৰিত শপতনামাত দাবী কৰিছিল যে তেওঁ গৌতম আদানীক লক্ষ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক “বদনাম আৰু লজ্জিত” কৰিবলৈ লক্ষ্য কৰি লৈছিল ৷

ৰিয়েলটি টাইকুন নিৰঞ্জন হিৰণানন্দনীৰ পুত্ৰ হিৰণানন্দনীয়েও দাবী কৰে যে ফায়াৰব্ৰেণ্ড টিএমচিৰ সাংসদগৰাকীয়ে তেওঁক আদানী গোটটোক লক্ষ্য কৰি লোকসভাত লগইন প্ৰমাণপত্ৰ দিছিল ৷ মৈত্ৰই অৱশ্যে তিনি পৃষ্ঠাৰ ‘অনুমোদক শপতনামা’ৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে, যিটো বগা কাগজত লিখা আছিল আৰু তাত লেটাৰহেড নাছিল ৷

মৈত্ৰৰ যুক্তি হৈছে যে চিবিআই বা নৈতিকতা সমিতি বা কোনো তদন্তকাৰী সংস্থাই চমন নকৰা হিৰণানন্দনীয়ে মহুৱাৰ ভাবমূৰ্তিক ম্লান কৰিবলৈ সত্যক ঢাকিছে ৷

লগতে পঢ়ক : Cash for Questions Row : মহুৱা মৈত্ৰৰ নগদ ধন কেলেংকাৰীৰ বিতৰ্ক; কিয় আঁতৰি আছে তৃণমূল কংগ্ৰেছৰ নেতৃত্ব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.