WhatsApp Feature: WhatsAppত অন্তৰ্ভুক্ত হ'বলৈ গৈ আছে নতুন বৈশিষ্ট্য, যাক লৈ আগ্ৰহী ব্যৱহাৰকাৰী

author img

By

Published : Nov 22, 2022, 8:17 PM IST

This Amazing features is going to come on WhatsApp

খবৰ অনুসৰি হোৱাটছএপে মাইক্ৰ’ছফ্ট ষ্ট’ৰত বিটাৰ বাবে উইণ্ড’জ ২.২২৪৬.৪.০ আপডেট মুকলি কৰিছে । এই আপডেটৰ অধীনত এতিয়া ডেস্কটপে হোৱাটছএপ ব্যৱহাৰকাৰীৰ Call History নিজে নিজে পৰিচালনা কৰিব পাৰিব । আগন্তুক বৈশিষ্ট্যটোৱে কেনেদৰে কাম কৰিব ইয়াত চাওক ।

বিশ্বৰ ভিতৰতে সৰ্বাধিক ব্যৱহৃত ইনষ্টেণ্ট মেছেজিং প্লেটফৰ্মৰ ভিতৰত অন্যতম হৈছে WhatsApp(WhatsApp Feature) । বিশ্বৰ ২ বিলিয়নতকৈও অধিক ব্যৱহাৰকাৰীয়ে WhatsApp ব্যৱহাৰ কৰে । মেটাৰ মালিকানাধীন কোম্পানীটোৱে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে নতুন নতুন বৈশিষ্ট্য আনি থাকে ।

এক প্ৰতিবেদন অনুসৰি কোম্পানীটোৱে এটা নতুন বৈশিষ্ট্য মুকলি কৰিছে যিয়ে ডেস্কটপ এপটোত নিজেই কল হিষ্ট্ৰী মেনেজ কৰাৰ সুবিধা প্ৰদান কৰিব । বৰ্তমান এই বৈশিষ্ট্য WhatsApp Desktopৰ beta সংস্কৰণত মুকলি কৰা হৈছে(WhatsApp desktop) । আগলৈ চাওক আপুনি কম্পিউটাৰ আৰু লেপটপৰ পৰা WhatsApp কল হিষ্ট্ৰী কেনেকৈ মেনেজ কৰিব পাৰিব ।

মাইক্ৰ’ছফ্ট ষ্ট’ৰত প্ৰকাশ কৰিছে হোৱাটছএপ ডেস্কটপৰ বিটা আপডেট । হোৱাটছএপৰ আগন্তুক ফিচাৰ আৰু আপডেটসমূহ ট্ৰেক কৰা পৰ্টেল WaBetaInfoৰ মতে, কোম্পানীটোৱে উইণ্ড’জ ২.২২৪৬.৪.০ আপডেট মুকলি কৰিছে । ডেস্কটপ এপৰ এই আপডেট কৰা বিটা সংস্কৰণত এটা নতুন কল টেব উপলব্ধ হ’ব । ইয়াৰ পৰা ব্যৱহাৰকাৰীয়ে WhatsApp কল হিষ্ট্ৰী পৰিচালনা কৰিব পাৰিব ।

Call History দেখুৱাব

WhatsApp Desktopৰ নতুন Call Tabত দেখা যাব ইউজাৰৰ কল হিষ্ট্ৰী(Call History on Whatsapp) । ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে কল কাৰ্ড খুলি যিকোনো কলৰ সবিশেষ চাব পাৰিব । অৱশ্যে বিটা সংস্কৰণত এই শেহতীয়া বৈশিষ্ট্য মুকলি কৰা হ’ব, গতিকে এতিয়াৰ পৰা মোবাইল আৰু ডেস্কটপৰ কল হিষ্ট্ৰী ছিংক কৰা নহ’ব । একে সময়তে মোবাইল ডিভাইচতো ডেস্কটপ এপৰ কল চাব নোৱাৰিব । আগন্তুক দিনত এই দোষটো ঠিক কৰিব কোম্পানীয়ে ।

Beta ব্যৱহাৰকাৰীৰ বাবে নতুন বৈশিষ্ট্য

ইতিমধ্যে উল্লেখ কৰা অনুসৰি ডেস্কটপ বিটা সংস্কৰণত এপটোৰ চাইডবাৰত কল টেব পোৱা যাব(New feature for Beta users) । মাইক্ৰ’ছফ্ট ষ্ট’ৰৰ পৰা হোৱাটছএপ বিটাৰ বাবে উইণ্ড’জ ২.২২৪৬.৪.০ আপডেট ডাউনলোড কৰি ইনষ্টল কৰিব পৰা বিটা পৰীক্ষক নিৰ্বাচনৰ বাবে এই নতুন বৈশিষ্ট্য মুকলি কৰিছে হোৱাটছএপে । অনাগত দিনত কোম্পানীয়ে অধিক বিটা পৰীক্ষকৰ বাবে কলিং বৈশিষ্ট্যৰ সৈতে জড়িত নতুন আপডেট মুকলি কৰিব পাৰিব ।

লগতে পঢ়ক: WhatsApp Feature: এইকেইটা ট্ৰিক ব্যৱহাৰ কৰি সহজতে লুকুৱাব পাৰিব আপোনাৰ WhatsApp অনলাইন ষ্টেটাছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.