ETV Bharat / bharat

Diabetes Diet: নিতৌ পুৱা গ্ৰহণ কৰক এইকেইবিধ খাদ্য সামগ্ৰী, নিয়ন্ত্ৰণত থাকিব ডায়েবেটিছ

author img

By

Published : Apr 13, 2023, 1:51 PM IST

পৰিৱৰ্তিত জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে সমগ্ৰ বিশ্বতে ডায়েবেটিছ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰি তেজৰ চেনিৰ মাত্ৰা স্বাভাৱিক কৰিব পৰা যায় । ডায়েবেটিছ ৰোগীয়ে কি কি বস্তু সেৱন কৰিব লাগে জানক...

These things are very beneficial for diabetes patients consume empty stomach in the morning
নিতৌ পুৱা গ্ৰহণ কৰক এইকেইবিধ খাদ্য সামগ্ৰী, নিয়ন্ত্ৰণত থাকিব ডায়েবেটিছ

পৰিৱৰ্তিত জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ বাবে ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । এই ৰোগত মানুহৰ শৰীৰত ইনচুলিনৰ অভাৱ দেখা যায় । যাৰ বাবে ৰক্ত শৰ্কৰা বৃদ্ধি পায় । এনে পৰিস্থিতিত ৰোগীয়ে তেজৰ চেনিৰ নিয়ন্ত্ৰণ ৰাখিব লাগে । কাৰণ তেজৰ চেনি বৃদ্ধি হ’লে ৰোগীৰ বাবে মাৰাত্মক হ’ব পাৰে ।

যদি আপুনিও ডায়েবেটিছ ৰোগী, তেন্তে আপোনাৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক । আপুনি যিয়েই নাখাওক কিয়, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ৰক্ত শৰ্কৰাত পৰে । এনে পৰিস্থিতিত সেইবোৰ বস্তু আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক, যিসমূহে আপোনাৰ ৰক্ত শৰ্কৰা স্বাভাৱিক কৰিব পাৰে । এনে পৰিস্থিতিত আপুনি পুৱা খালী পেটত কিছুমান খাদ্য গ্ৰহণ কৰিব পাৰে, যিবোৰ উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে (What is the best diet for a diabetic person) ।

মেথিৰ পানী

ডায়েবেটিছ ৰোগীৰ বাবে মেথি কোনো বৰদানতকৈ কম নহয় (What meals can diabetics eat freely) । ইয়াৰ গুটিত এমিনো এচিড থাকে, যিয়ে ৰক্ত শৰ্কৰা ভাঙি তাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে । ইয়াৰ পৰা ৰোগীয়ে লাভৱান হ’ব পাৰে । ইয়াৰ বাবে মেথিৰ গুটি এগিলাচ পানীত তিয়াই ৰাতিপুৱা খালী পেটত এই পানী সেৱন কৰক আৰু মেথি গুটিও খাব পাৰে ।

ডালচেনিৰ পানী

ডালচেনিৰ বহু গুণাগুণ আছে (free diabetic diet plan)। যাৰ বাবে ডায়েবেটিছ ৰোগী উপকৃত হ’ব পাৰে । ডায়েবেটিছ ৰোগীৰ বাবে ডালচেনিৰ পানী ফলপ্ৰসূ প্ৰতিকাৰ হ’ব পাৰে । ইয়াৰ বাবে পানীত ডালচেনিৰ টুকুৰা দিব, পিছদিনা পুৱা খাব পাৰে (What foods should diabetics avoid)।

তিয়াই থোৱা বাদাম

ডায়েবেটিছৰ সমস্যা থকা লোকে ৰাতিপুৱা খালী পেটত তিয়াই থোৱা শুকান ফল সেৱন কৰিব পাৰে । বাদাম হৈছে পুষ্টিকৰ উপাদানৰ সম্পদ । ইয়াত আঁহ, প্ৰ'টিন, মেগনেছিয়াম আৰু এন্টি অক্সিডেন্ট গুণ থাকে । এমুঠি আখৰোট বা আলমণ্ড ৰাতিটো তিয়াই থওক । ৰাতিপুৱা খালী পেটত সেৱন কৰক । ইয়াৰ ফলত আপোনাৰ হজম শক্তিও উন্নত হ’ব ।
লগতে পঢ়ক: Pumpkin Seeds Benefits: ৰঙালাও ৰন্ধাৰ সময়ত ইয়াৰ বীজবোৰ পেলাই দিয়ে নেকি ? জানি লওক ৰঙালাওৰ বীজৰ লাভালাভসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.